অপৰাধ আৰু অপৰাধী ট্ৰেকিং নেটৱৰ্ক আৰু ব্যৱস্থা
CRIME AND CRIMINAL TRACKING NETWORK AND SYSTEMS

অপৰাধ আৰু অপৰাধী ট্ৰেকিং নেটৱৰ্ক আৰু ব্যৱস্থা (CCTNS)-এ সমগ্ৰ ভাৰতৰ ১৭,১৩০ খন আৰক্ষী থানাক সংযোগ কৰি সম্পূৰ্ণ একত্ৰীকৰণ লাভ কৰিছে।

অপৰাধ আৰু অপৰাধ অনুসৰণ নেটৱৰ্ক আৰু ব্যৱস্থা (CCTNS)

  • সূত্ৰপাত : গৃহ মন্ত্ৰালয়ৰ অধীনত ২০০৯চনত , ২,০০০ কোটি টকাৰ বাজেটৰ সৈতে অপৰাধ আৰু অপৰাধী ট্ৰেকিং নেটৱৰ্ক আৰু ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।
  • উদ্দেশ্যঃ দেশজুৰি পুলিচৰ দক্ষতা আৰু কাৰ্যকৰীতা বৃদ্ধিৰ বাবে এক সংহত তথ্য প্ৰযুক্তি (integrated IT-based system) ভিত্তিক ব্যৱস্থা স্থাপন কৰা।
  • ন’ডাল অভিকৰ্তা (Nodal Agency) : নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'(National Crime Records Bureau (NCRB))-এ অপৰাধ আৰু অপৰাধী ট্ৰেকিং নেটৱৰ্ক আৰু ব্যৱস্থাৰ ৰূপায়ণ আৰু ব্যৱস্থাপনাৰ তত্বাৱধান কৰে।
  • মূল লক্ষ্যসমূহঃ
    • ৱেব প’ৰ্টেল (web portal)ৰ জৰিয়তে নাগৰিক কেন্দ্ৰিক আৰক্ষী সেৱা প্ৰদান কৰা।
    • ৰাষ্ট্ৰীয় অপৰাধ আৰু অপৰাধমূলক ডাটাবেছত (national crime and criminal database) সমগ্ৰ ভাৰত-জুৰি অনুসন্ধানৰ সুবিধা প্ৰদান কৰা।
    • ৰাজ্যিক আৰু কেন্দ্ৰীয় দুয়োটা পৰ্যায়ত অপৰাধ আৰু অপৰাধমূলক প্ৰতিবেদন সৃষ্টি কৰা।
    • সমন্বয় আৰু দায়বদ্ধতা উন্নত কৰিবলৈ আৰক্ষী প্ৰক্ৰিয়া আধুনিকীকৰণ কৰা।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ কাৰ্যালয় (National Crime Records Bureau (NCRB)) :

  • প্ৰতিষ্ঠাঃ টেণ্ডন সমিতি আৰু ৰাষ্ট্ৰীয় আৰক্ষী আয়োগৰ (National Police Commission) পৰামৰ্শ অনুসৰি (১৯৭৭) ১৯৮৬ চনত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ কাৰ্যালয় স্থাপন কৰা হৈছিল।
  • মুখ্য কাৰ্যালয়ঃ নতুন দিল্লী।
  • পৰিচালনা সমিতিঃ গৃহ মন্ত্ৰালয়ৰ (Ministry of Home Affairs (MHA)) অধীনত কাৰ্যনিৰ্বাহ কৰে।
  • ভূমিকা আৰু কাৰ্যসমূহঃ
    • এনচিআৰবি-এ অপৰাধ আৰু অপৰাধমূলক তথ্যৰ কেন্দ্ৰীয় ভাণ্ডাৰ হিচাপে কাম কৰে।
    • ই ভাৰতত অপৰাধ, ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা, আৰু কাৰাগাৰৰ পৰিসংখ্যাকে ধৰি মূল প্ৰতিবেদনসমূহ প্ৰকাশ কৰে।
    • ই আঙুলিৰ ছাপৰ তথ্যৰ বাবে চেণ্ট্ৰেল ছিংগাৰ প্ৰিণ্ট ব্যুৰো (Central Finger Print Bureau) পৰিচালনা কৰে।
    • তথ্য প্ৰযুক্তিৰ সামৰ্থ্য বৃদ্ধি, অপৰাধ আৰু অপৰাধী ট্ৰেকিং নেটৱৰ্ক আৰু ব্যৱস্থা (চিচিটিএনএছ)ৰ ৰূপায়ণ, ডিজিটেল ফৰেনচিক্স (digital forensics) আৰু নেটৱৰ্ক সুৰক্ষাত ৰাজ্যসমূহক (network security) সহায় কৰে।
    • অপৰাধ বিশ্লেষণ আৰু অপৰাধমূলক ট্ৰেকিঙৰ সৈতে তদন্তকাৰীসকলক সহায় কৰে।

Leave a Reply