আটাইতকৈ উত্তপ্ত বৰ্ষ হিচাপে অভিলেখ গঢ়িলে ২০২৪ – এ
2024 SET TO BE HOTTEST YEAR ON RECORD

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ (World Meteorological Organization (WMO)) সতৰ্কবাণীঃ বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে যে গোলকীয় তাপমাত্ৰা অভূতপূৰ্ব স্তৰত উপনীত হোৱাৰ লগে লগে ২০২৪ বৰ্ষই এতিয়ালৈকে নথিভুক্ত আটাইতকৈ উষ্ণ বৰ্ষ হোৱাৰ পথত অগ্ৰসৰ হৈছে।

ক’প-২৯ (COP29) জলবায়ু প্ৰতিবেদনঃ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত (UN Climate Change Conference) মুকলি কৰা “জলবায়ুৰ অৱস্থা ২০২৪” (State of the Climate 2024) প্ৰতিবেদনত ত্বৰান্বিত জলবায়ৱীয় বিপদাশংকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰতিবেদনৰ গুৰুত্বপূৰ্ণ দিশসমূহঃ

উষ্ণতা বৃদ্ধিঃ

  • ২০২৪ চনৰ জানুৱাৰী-ছেপ্টেম্বৰত বিশ্বৰ গড় পৃষ্ঠৰ তাপমাত্ৰা প্ৰাক-ঔদ্যোগিক স্তৰৰ উৰ্ধ্বত ১.৫৪ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছে।
  • ই পেৰিছ চুক্তিৰ দ্বাৰা জলবায়ুজনিত প্ৰভাৱ সীমিতকৰণৰ হেতু নিৰ্ধাৰিত ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা সংক্ষিপ্তভাৱে অতিক্ৰম কৰিছে।

মুখ্য চলকসমূহঃ

  • উচ্চ সেউজগৃহ গেছৰ ঘনত্বৰ লগতে এক তীব্ৰ এল-নিন’ পৰিঘটনাই এই উষ্ণতা বৃদ্ধিত ইন্ধন যোগাই আহিছে।
  • সাম্প্ৰতিক সময়ত, সেউজগৃহ গেছৰ নিৰ্গমন স্তৰে অভিলেখ উচ্চতাত উপনীত হৈছে। ২০২৩ চনত, কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা ৪২০ পিপিএমত (ppm) উপনীত হৈছিল, যি প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ৫১% বৃদ্ধি চিহ্নিত কৰিছিল আৰু ই ২০২৪ লৈকে অব্যাহত আছে।

জলবায়ুজনিত প্ৰভাৱঃ

  • স্বাস্থ্য আৰু অসমতাঃ জলবায়ুজনিত প্ৰভাৱে স্বাস্থ্যৰ অৱনতি, অসমতা বৃদ্ধি আৰু বহনক্ষম উন্নয়নত প্ৰতিবন্ধকতা আদি কঢ়িয়াই আনে।
    • ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বিবৃতিঃ এন্টনিও গুটেৰেছে জলবায়ু পৰিৱৰ্তনক শান্তি আৰু সমতাৰ ওপৰত প্ৰভাৱ পেলোৱা এক “বিপর্যয়” (catastrophe) হিচাপে আলোকপাত কৰি ইয়াক মোকাবিলাৰ অৰ্থে জৰুৰী পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • মহাসামুদ্ৰিক উত্তাপৰ পৰিমাণঃ
    • মহাসাগৰসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা ৯০% তকৈ অধিক অতিৰিক্ত তাপ শোষণ কৰে।
    • ২০২৩ চনত মহাসামুদ্ৰিক তাপমাত্ৰা অভিলেখ উচ্চতাত উপনীত হৈছিল, ২০২৪ চনত বৰ্ধিত তাপমাত্ৰাই সামুদ্ৰিক জীৱন আৰু উপকূলীয় সম্প্ৰদায়ক প্ৰভাৱিত কৰিছিল।
  • সামুদ্ৰিক স্তৰৰ উত্থানঃ
    • তাপীয় সম্প্ৰসাৰণ আৰু হিমবাহ গলনৰ বাবে সমুদ্ৰ স্তৰৰ বৃদ্ধি অব্যাহত আছে- ১৯৯৩ চনৰ পৰা ২০০২ চনৰ ভিতৰত পৰিবৰ্তিত সামুদ্ৰিক স্তৰৰ হাৰতকৈ দুগুণ হাৰত সমুদ্ৰস্তৰীয় উচ্চতা বৃদ্ধি পাইছে।
    • যদিও ২০২৪ চনত এই হাৰ সামান্য হ্ৰাস পাইছে, তথাপি এইক্ষেত্ৰত উপকূলীয় অঞ্চলবোৰ সংবেদনশীল হৈ আছে। ই স্থিতিস্থাপকতা-নিৰ্মাণ সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
  • হিমবাহ আৰু তুষাৰস্তৰ হ্ৰাসঃ
  • অভিলেখ পৰ্যায়ৰ হিমবাহৰ ক্ষতিঃ ২০২৩ চনত ১.২ মিটাৰ (?) জলৰাশিৰ সমতুল্য ক্ষতি হিমবাহৰ ক্ষতিসাধন হৈছিল।
  • মেৰু অঞ্চলৰ তুষাৰ হ্ৰাসঃ সুমেৰু (এণ্টাৰ্কটিকা)ৰ সামুদ্ৰিক বৰফ-স্তৰে দ্বিতীয় সৰ্বনিম্ন পৰিসৰত উপনীত হৈছে, আৰু কুমেৰু (আৰ্কটিক)ৰ সামুদ্ৰিক বৰফ-স্তৰৰ পৰিমাণে অভিলেখ্য নিম্ন স্তৰৰ সমীপ চাপিছে।
  • চৰম বতৰৰ পৰিঘটনাসমূহঃ
    • জলবায়ু পৰিৱৰ্তনৰ ফলত মাৰাত্মক গ্ৰীষ্মপ্ৰবাহ, বানপানী, ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু খৰাং তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ ফলত অৰ্থনৈতিক ক্ষতি, খাদ্য নিৰাপত্তাহীনতা আৰু স্থানচ্যুতি ঘটা পৰিলক্ষিত হৈছিল।

বিশ্ব বতৰ বিজ্ঞান সংস্থা আৰু গোলকীয় নেতৃত্বধাৰী সমূহ সংশ্লিষ্ট পক্ষই বিশেষকৈ আটাইতকৈ সংবেদনশীল অঞ্চলসমূহৰ বাবে জলবায়ু স্থিতিস্থাপকতা, নিৰ্গমন হ্ৰাস আৰু অভিযোজন ব্যৱস্থা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। এই বিষয়সমূহে ২০২৪ চনলৈকে বিশ্ব জলবায়ু পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ আপডেট আৰু ফলাফলসমূহক সামৰি লয় আৰু জলবায়ুজনিত জৰুৰী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply