ভাৰতৰ প্ৰথমটো বৈজ্ঞানিক সৌৰ অভিযান আদিত্য-এল ১-এ ইয়াৰ প্ৰথমটো বৈজ্ঞানিক ফলাফল লাভ কৰিছিল। আদিত্য-এল ১-ৰ ওপৰত স্থিত দৃশ্যমান নিৰ্গমন ৰেখা ক’ৰ’নাগ্ৰাফে (Visible Emission Line Coronagraph (VELC)) ২০২৩ চনৰ ১৬ জুলাইত ক’ৰ’নেল মাচ ইজেকশ্যন (coronal mass ejection (CME)) আৰম্ভ হোৱাৰ সময়ৰ পূৰ্বানুমান কৰিছিল।
আদিত্য-এল-১ অভিযানঃ
- আদিত্য-এল ১ হৈছে ভাৰতৰ প্ৰথমটো মহাকাশ-আধাৰিত সৌৰ নিৰীক্ষণমূলক অভিযান । ই লক্ষ্য হিচাপে বাছি লোৱা সূৰ্য্য-ধৰিত্ৰী প্ৰণালীৰ লেগ্ৰেঞ্জ স্থান (পইণ্ট)-১ (Lagrange Point 1 (L1) in the Sun-Earth system) পৃথিৱীৰ পৰা ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত অৱস্থিত।
- এই অভিযানৰ অধীনত প্ৰেৰিত মহাকানযানখন এল-১ স্থানত উপনীত হ’বলৈ প্ৰায় ১২৫ দিন সময় লাগিব বুলি আশা কৰা হৈছে।
- এষ্ট্ৰ’ছেট (AstroSat) (২০১৫) ৰ পিছত এইটো ইছৰোৰ দ্বিতীয় জ্যোতিৰ্বিজ্ঞান নিৰীক্ষণমূলক শ্ৰেণীৰ অভিযান (astronomy observatory-class mission)।
- এই অভিযানৰ গতিপথ ভাৰতৰ পূৰ্বৰ মঙল প্ৰদক্ষিণ অভিযান (Mars orbiter mission) মঙ্গলযান (Mangalyaan)তকৈ চুটি।
উদ্দেশ্যসমূহঃ
- ভাৰতৰ আদিত্য এল -১ অভিযানৰ উদ্দেশ্যেসমূহ তলত উল্লেখ কৰা হ’ল – সৌৰমুকুট (solar corona), আলোকমণ্ডল (photosphere), বৰ্ণমণ্ডল (chromosphere) আৰু সৌৰ-বতাহ (solar wind) সম্পৰ্কে অধ্যয়ন কৰা।
- পৃথিৱীপৃষ্ঠত ইয়াৰ প্ৰভাৱৰ লগতে সৌৰ বিকিৰণ, তাপ, সৌৰকণিকা নিৰ্গমন আৰু চুম্বকীয় ক্ষেত্ৰ সম্পৰ্কে অৱস্থিতিৰ জ্ঞান বৃদ্ধি কৰা।
পে’লোডসমূহ (Payloads) :
- এল -১ ৰ পৰা সৌৰ পৰিঘটনাৰ তথ্য সঞ্চিত কৰি ৰাখিবলৈ আৰু বিশ্লেষণ কৰিবলৈ নক্সা প্ৰস্তুত কৰা একাধিক বৈজ্ঞানিক সঁজুলিৰে আদিত্যযানক সজ্জিত কৰা হৈছে।
লেগ্ৰেঞ্জ বিন্দু (Lagrange Points)
লেগ্ৰেঞ্জ বিন্দুৰ বিষয়েঃ
- লেগ্ৰেঞ্জ স্থানবিন্দু হৈছে মহাকাশত থকা অৱস্থান য’ত সূৰ্য আৰু পৃথিৱীৰ দৰে দুটা বৃহৎ গ্ৰহাৱয়বৰ মাজত মহাকৰ্ষণিক শক্তিৰ ভাৰসাম্য বৰ্তি থাকে।
- এই ভাৰসাম্যই মহাকাশযানৰ দৰে এক ক্ষুদ্ৰ বস্তুক ন্যূনতম ইন্ধনৰ সৈতে নিজস্ব অৱস্থান বজাই ৰাখিবলৈ সুবিধা আগবঢ়ায়।
- প্ৰকৃততে বিশ্ব-ব্ৰহ্মাণ্ডত পাঁচটা লেগ্ৰেঞ্জ বিন্দু আছে। প্ৰতিটো লেগ্ৰেঞ্জ বিন্দুৰে অনন্য বৈশিষ্ট্য আছে, যিয়ে দুটা ডাঙৰ গ্ৰহাৱয়বৰ মাজত ক্ষুদ্ৰ ভৰ-বিশিষ্ট অৱয়বৰ বাবে এক স্থিৰ কক্ষপথ সক্ষম কৰে।
সূৰ্য-ধৰিত্ৰী প্ৰণালীত স্থিত লেগ্ৰেঞ্জ বিন্দুসমূহঃ
- এল -১ (L1) : এই স্থান-বিন্দু নিৰন্তৰ সৌৰ পৰ্যবেক্ষণৰ বাবে আদৰ্শস্বৰূপ। কিয়নো ই সূৰ্যৰ এক অবিৰত দৃশ্য প্ৰদান কৰে। ইয়াত সূৰ্য আৰু সৌৰ-মাণ্ডলিক নিৰীক্ষণ কেন্দ্ৰ (Solar and Heliospheric Observatory (SOHO)) আছে।
- এল -২ (L2) : এই স্থান-বিন্দু পৃথিৱীৰ ছাঁৰ বাহিৰত অৱস্থিত। ই গভীৰ মহাকাশ পৰ্যবেক্ষণৰ বাবে আদৰ্শ স্থান। ইয়াত জেমছ ৱেব মহাকাশ দূৰবীক্ষণ যন্ত্ৰই (James Webb Space Telescope) প্ৰদক্ষিণ কৰে।
- এল -৩ (L3) : পৃথিৱীৰ বিপৰীতমুখী অৱস্থানেৰে এই স্থান-বিন্দু সূৰ্যৰ সিপাৰে অৱস্থিত। এই স্থান-বিন্দু সূৰ্যৰ দূৰৱৰ্তী (অদৃশ্যমান) দিশটো পৰ্যবেক্ষণ কৰাৰ বাবে উপযোগী।
- এল-৪ (L4) আৰু এল-৫ (L5) : গ্ৰহাণু আৰু অন্যান্য পৰিঘটনা অধ্যয়নৰ বাবে স্থিৰ অৱস্থান প্ৰদান কৰি এই দুই লেংগ্ৰেজ স্থান-বিন্দু সূৰ্য আৰু ধৰিত্ৰীৰ সৈতে এক সমবাহু ত্ৰিভুজ গঠন কৰে।
ক’ৰ’নেল মাচ ইজেকশ্যন
- ক’ৰ’নেল মাচ ইজেকশ্যন (CME) হৈছে সৌৰ বায়ুমণ্ডলৰ পৰা মহাকাশলৈ আধানযুক্ত কণিকা (প্লাজমা) (plasma) আৰু চুম্বকীয় ক্ষেত্ৰৰ (magnetic fields) বৃহৎ পৰিমাণৰ বিস্ফোৰণ।
ক’ৰ’নেল মাচ ইজেকশ্যনৰ (CME) প্ৰভাৱ
- উপগ্ৰহ বিঘ্ন (Satellite Disruptions) : ই গোলকীয় স্থানমান ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাক প্ৰভাৱিত কৰে, যাৰ ফলত সম্ভাৱ্য অৱনতি ঘটে।
- পাৱাৰ গ্ৰীডৰ ওঠানামাঃ ই পাৱাৰ গ্ৰীডত ভোল্টেজৰ অস্থিৰতা আৰু ব্লেকআউটৰ সৃষ্টি কৰিব পাৰে।
- বিকিৰণৰ বিপদাশংকা বৃদ্ধিঃ ই মহাকাশচাৰী আৰু উচ্চ উচ্চতাস্থিত উৰণৰ বাবে বিকিৰণ সংস্পৰ্শৰ স্তৰ বৃদ্ধি কৰে।
- ৰেডিঅ’ হস্তক্ষেপঃ ই বিশেষকৈ মেৰু অঞ্চলসমূহত ৰেডিঅ’ যোগাযোগ বিঘ্নিত কৰে ।
চি. এম. ই. অধ্যয়নৰ গুৰুত্ব
- উন্নত মহাকাশ বতৰৰ পূৰ্বানুমানঃ এই অধ্যয়নে চি.এম.ই. পৰিঘটনাসমূহৰ বাবে সময়োপযোগী পূৰ্বানুমান আৰু সতৰ্কবাণী সক্ষম কৰে।
- আন্তঃগাঁথনিৰ সুৰক্ষাঃ এই অধ্যয়নে উপগ্ৰহ আৰু পাৱাৰ গ্ৰীডক চি.এম.ই. প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
- যোগাযোগ স্থিতিস্থাপকতাঃ ই সৌৰবিঘ্ন সহ্য কৰিব পৰাকৈ শক্তিশালী প্ৰণালী বিকশিত কৰাত সহায় কৰে।
- মহাকাশচাৰীৰ সুৰক্ষাঃ এই অধ্যয়ন মানৱ মহাকাশ অভিযানৰ পৰিকল্পনা আৰু সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।
কৰ’নেল মাচ ইজেকশ্যন (চি. এম. ই.) হৈছে সূৰ্যৰ সৌৰমুকুটৰ পৰা মহাকাশলৈ ঘটা প্লাজমা আৰু চুম্বকীয় ক্ষেত্ৰৰ এক বৃহৎ বিস্ফোৰণ, যি প্ৰায়ে সৌৰশিখাৰ ফলত সৃষ্টি হয়। চি.এম.ই.-এ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ব্যাঘাত সৃষ্টি কৰিব পাৰে, উপগ্ৰহ, পাৱাৰ গ্ৰীড আৰু যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পাৰে।