প্ৰাৰম্ভিক প্ৰত্যাশা স্বত্বেও, বিশেষকৈ উন্নয়নশীল দেশসমূহত সৌৰশক্তি গ্ৰহণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটে ইয়াৰ লক্ষ্য পূৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ ঘটিছে।
পৰিচয়
- ২০১৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (ISA)ৰ লক্ষ্য আছিল বিশ্বব্যাপী, বিশেষকৈ গোলকীয় দক্ষিণত সৌৰ শক্তিৰ প্ৰয়োগ ত্বৰান্বিত কৰা।
আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ লক্ষ্য আৰু ভূমিকা
- আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট হৈছে উন্নয়নশীল দেশসমূহত সৌৰ শক্তিৰ প্ৰৱেশাধিকাৰত বাধা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বব্যাপী সৌৰ প্ৰয়োগৰ সুবিধা প্ৰদান কৰা এক মিত্ৰশক্তি গোট।
- ১১০ খনৰো অধিক ৰাষ্ট্ৰ ইয়াৰ সদস্যৰূপে অংশীদাৰ হৈ আছে।
গোলকীয় সৌৰ সংস্থাপন ভূ-দৃশ্য
- বিগত কেইবাদশকত বিশ্বজুৰি সৌৰ ক্ষমতা বৃদ্ধি পাইছে। কিন্তু সৌৰশক্তি সম্বন্ধীয় বিকাশ মুখ্যতঃ কেইখনমান দেশত, বিশেষকৈ চীনত কেন্দ্ৰীভূত হৈ আছে।
- চীনে ৬০৯.৩ গিগাৱাট (GW) সৌৰশক্তি চালিত ক্ষমতাৰ সৈতে এইক্ষেত্ৰত আগবাঢ়ি আছে।
- ইউৰোপিয়ান ইউনিয়নে ২৫৪.৭ গিগাৱাট (GW) সৌৰ-বিদ্যুৎ উৎপাদন কৰে।
- ১১২ গিগাৱাট (GW) স্থাপিত ক্ষমতাৰ সৈতে ভাৰত সৌৰশক্তি চালিত বিদ্যুৎ উৎপাদনত তৃতীয় স্থান অধিকাৰ কৰি আছে।
- ভাৰতৰ সৌৰ সংস্থাপনৰ বিকাশ লক্ষণীয় যদিও ভূমি অধিগ্ৰহণ আৰু বিত্তীয় বিনিয়োগৰ সীমাৰ দৰে প্ৰতিবন্ধকতা অব্যাহত আছে।
গোলকীয় নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা
- মিত্ৰশক্তি গোটত নেতৃত্ববাহী স্থিতি আৰু সৌৰ শক্তি প্ৰয়োগৰ প্ৰতিশ্ৰুতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটত ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ।
- আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটৰ লক্ষ্য হৈছে ভাৰতৰ উপৰিও ইয়াৰ বহিঃক্ষেত্ৰত শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰা তথা অন্যান্য গোলকীয় দক্ষিণ দেশসমূহক সমৰ্থন আগবঢ়োৱা।
- আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটে ২০৩০ চনৰ ভিতৰত ১০০০ গিগাৱাট সৌৰ ক্ষমতা স্থাপনকে ধৰি উচ্চাকাংক্ষী লক্ষ্য ঘোষণা কৰিছে।
প্ৰত্যাহ্বান
- নিয়ামক প্ৰতিবন্ধকতা: উন্নয়নশীল ৰাষ্ট্ৰসমূহে, বিশেষকৈ আফ্ৰিকাত, সৌৰ নিয়োজনত জটিল আৰু সীমাবদ্ধ নিয়ামক পৰিকাঠামোগত প্ৰতিবন্ধকতাই দেখা দিছে।
- বিত্তীয় বাধাঃ উন্নয়নশীল অঞ্চলসমূহত বৃহৎ পৰিমাণৰ সৌৰ প্ৰকল্পৰ বাবে বিত্ত আৰু বিনিয়োগৰ সীমিত প্ৰৱেশাধিকাৰ সুবিধা উপলব্ধ আছে।
- আন্তঃগাঁথনি আৰু উৎপাদন নিৰ্ভৰতাঃ বেছিভাগ সৌৰশক্তিৰ উৎপাদনীমূলক উপাদানৰ নিৰ্মাণ চীনত কেন্দ্ৰীভূত হোৱাৰ ফলত যোগান শৃংখল নিৰ্ভৰশীলতা আৰু শক্তি সুৰক্ষাৰ বিপদাশংকাৰ সৃষ্টি হয়।
- দক্ষ কৰ্মশক্তি আৰু দক্ষতাৰ অভাৱঃ আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটৰ বহু সদস্য ৰাষ্ট্ৰত সৌৰ প্ৰযুক্তি আৰু প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত পৰ্যাপ্ত স্থানীয় দক্ষতাৰ অভাৱ ঘনীভূত হৈছে।
- ভূমি অধিগ্ৰহণৰ সমস্যাঃ বিশেষকৈ ঘন জনবসতিপূৰ্ণ বা কৃষিভিত্তিকভাৱে সক্ৰিয় অঞ্চলত বৃহৎ সৌৰ সংস্থাপনৰ বাবে ভূমি সুৰক্ষিত কৰাত অসুবিধা আহি পৰে।
- সৌৰ শক্তিৰ বিৰতিহীনতাঃ সূৰ্যৰ আপাতিত কিৰণ ওপৰত সৌৰ শক্তিৰ নিৰ্ভৰশীলতাই ইয়াৰ স্থিৰতাক সীমিত কৰি নিৰন্তৰ শক্তি যোগানৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।
সমাধানসমূহ
- বিত্তীয় সমৰ্থন ব্যৱস্থাঃ আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটৰ লক্ষ্য হৈছে বিনিয়োগকাৰী-অনুকূল পৰিকাঠামো সৃষ্টি কৰি আৰু অনুভূত বিপদ-শংকা হ্ৰাস কৰি বিনিয়োগৰ সুবিধা প্ৰদান কৰা।
- স্থানীয় উৎপাদনক উৎসাহিত কৰাঃ চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ, অধিক ৰাষ্ট্ৰত, বিশেষকৈ গোলকীয় দক্ষিণৰ অন্যান্য ৰাষ্ট্ৰসমূহৰ ভিতৰত উৎপাদন আধাৰ স্থাপনৰ বাবে এক প্ৰচেষ্টা আছে।
- সামৰ্থ্য বৃদ্ধিঃ সৌৰ প্ৰযুক্তিত স্থানীয় দক্ষতা আৰু কৰ্মচাৰীৰ সামৰ্থ্য গঢ়ি তোলাৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জ্ঞানৰ আদান-প্ৰদানৰ পদক্ষেপৰ প্ৰয়োজন আছে।
- উদ্ভাৱনীমূলক বিত্তীয় আৰ্হিঃ বিত্তীয় সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা বিনিয়োগক আকৰ্ষিত কৰা বিত্তীয় আৰ্হি ৰূপায়ণ কৰা উচিত।
- আন্তঃৰাষ্ট্ৰীয় সহযোগিতাঃ আন্তঃৰাষ্ট্ৰীয় সৌৰশক্তি মিত্ৰজোঁটে সদস্য দেশসমূহৰ মাজত সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ আদান-প্ৰদান আৰু নিয়ামক পৰিৱেশ উন্নত কৰাৰ বাবে অংশীদাৰিত্ব গঢ়ি তুলিছে।