এন্টি-ডাম্পিং শুল্ক
ANTI-DUMPING DUTY

  • ভাৰতে মুখ্যতঃ আঠাযুক্ত উদ্যোগত (adhesive industry) ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ ওপৰত এন্টি-ডাম্পিং শুল্ক আৰোপ কৰিছে।
  • প্ৰতি টন ৰাসায়নিক পদাৰ্থত ৫৫৭ আমেৰিকান ডলাৰ পৰ্যন্ত এন্টি-ডাম্পিং শুল্ক আৰোপ কৰা হৈছে।
  • এই ৰাসায়নিক পদাৰ্থ চীন, কোৰিয়া আৰু থাইলেণ্ডৰ পৰা আমদানি কৰা হয়।
  • এই শুল্ক পাঁচ বছৰৰ বাবে কাৰ্যকৰী হ’ব।
  • এই শুল্কৰ উদ্দেশ্য হৈছে ঘৰুৱা উৎপাদকসকলক নিম্ন-মূল্যজাত আমদানিৰ পৰা সুৰক্ষিত কৰা যি স্থানীয় উদ্যোগৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

ডাম্পিং (Dumping)

  • এখন ৰাষ্ট্ৰই ঘৰুৱাভাৱে গৃহীত মূল্যতকৈ নিম্নমূল্যত আন এখন ৰাষ্ট্ৰলৈ সামগ্ৰী ৰপ্তানি কৰিলে ডাম্পিঙৰ উদ্ভৱ হয়।
  • ই এক অনা-ন্যায়মূলক বাণিজ্যিক অনুশীলন যিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ব্যাহত কৰিব পাৰে।

এণ্টি ডাম্পিং শুল্কৰ উদ্দেশ্যঃ

  • এন্টি-ডাম্পিং শুল্কৰ লক্ষ্য হৈছে ডাম্প কৰা পণ্যৰ (dumped goods) ফলত হোৱা বাণিজ্যিক বিকৃতি দূৰ কৰা।
  • ই নিম্ন-মূল্যজাত আমদানিৰ সন্মুখীন হোৱা ঘৰুৱা উৎপাদকসকলৰ বাবে প্ৰতিযোগিতা হ্ৰাস কৰে।
  • প্ৰকৃতাৰ্থত এণ্টি-ডাম্পিং শুল্ক হৈছে ন্যায্য বজাৰ মূল্যতকৈ নিম্ন-মূল্যৰ আমদানিৰ ওপৰত আৰোপ কৰা এক সুৰক্ষাবাদী শুল্ক।
  • বিশ্ব বাণিজ্য সংস্থাই (World Trade Organization (WTO)) ন্যায্য প্ৰতিযোগিতা বজাই ৰাখিবলৈ এন্টি-ডাম্পিং ব্যৱস্থাসমূহৰ অনুমতি দিয়ে।

মুখ্য বাণিজ্য নিৰাময়ক সঞ্চালকালয় (Directorate General of Trade Remedies (DGTR))ৰ ভূমিকাঃ

  • বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ মুখ্য বাণিজ্য নিৰাময়ক সঞ্চালকালয় (Directorate General of Trade Remedies (DGTR))-এ এন্টি-ডাম্পিং গোচৰৰ তদন্ত কৰে।
  • ঘৰুৱা উদ্যোগ একোটা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ’লে মুখ্য বাণিজ্য নিৰাময়ক সঞ্চালকালয়ে এন্টি-ডাম্পিং শুল্কৰ পৰামৰ্শ আগবঢ়ায়।

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদৰ ভূমিকা

  • কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে (Central Board of Indirect Taxes and Customs (CBIC)) মুখ্য বাণিজ্য নিৰাময়ক সঞ্চালকালয়ৰ পৰামৰ্শ গ্ৰহণ বা নাকচ কৰাৰ ক্ষেত্ৰত তিনি মাহৰ সময়সীমা লাভ আছে।
  • এন্টি-ডাম্পিং শুল্ক আৰোপণ সাৰ্বজনীন শুল্ক আৰু বাণিজ্য চুক্তি (General Agreement on Tariffs and Trade) (১৯৯৪)ৰ অধীনত বিশ্ব বাণিজ্য সংস্থাৰ দ্বাৰা অনুমোদিত এক বাণিজ্যিক সমাধান।

বিশ্ব বাণিজ্য সংস্থাৰ এণ্টি-ডাম্পিং শুল্ক সম্পৰ্কীয় ব্যৱস্থাঃ

  • বৈধতা- এণ্টি-ডাম্পিং শুল্ক আৰোপ কৰা তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে বৈধ থাকে, যদিহে ইয়াক আগতে বাতিল কৰা নহয়।
  • সূৰ্যাস্ত পুনৰীক্ষণ (Sunset Review) : সূৰ্যাস্ত সদৃশ অন্তিম ভাগৰ পুনৰীক্ষণৰ জৰিয়তে এই শুল্ক অতিৰিক্ত পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
    • এনে পৰ্যালোচনাই ফলপ্ৰসূতা আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি শুল্ক অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাক মূল্যায়ন কৰে।
    • কৰ্তৃপক্ষৰ দ্বাৰা বা ঘৰুৱা উদ্যোগে আগবঢ়োৱা প্ৰমাণিত অনুৰোধৰ ভিত্তিত এই শুল্ক প্ৰৱৰ্তন কৰিব পাৰি।

কাউণ্টাৰভেলিং শুল্ক (Countervailing duty) বনাম এন্টি-ডাম্পিং শুল্ক (Anti-dumping duty)

  • নিম্ন মূল্যজাত আমদানিকৃত বিদেশী সামগ্ৰীয়ে কৰা স্থানীয় বজাৰজনিত ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ এন্টি-ডাম্পিং শুল্ক আৰোপ কৰা হয়। আনহাতে, চৰকাৰী ৰাজসাহায্যযুক্ত বিদেশী সামগ্ৰীৰ ক্ষেত্ৰত কাউণ্টাৰভেলিং শুল্ক প্ৰযোজ্য হয় যাৰ ফলত অৱশেষত মূল্যস্তৰ নিম্নগামী হয়।
  • যদিও এন্টি-ডাম্পিং শুল্কৰ পৰিমাণ ডাম্পিং মাৰ্জিনৰ (margin of dumping) ওপৰত নিৰ্ভৰ কৰে, পিছে কাউণ্টাৰভেলিং শুল্কৰ পৰিমাণ সম্পূৰ্ণৰূপে বিদেশী সামগ্ৰীৰ ৰাজসাহায্য মূল্যৰ ওপৰত নিৰ্ভৰ কৰে।

Leave a Reply