এম জি এনৰেগা
MGNREGA

  • ২০২৪ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ৮৪.৮ লাখ শ্ৰমিকক ‘এম জি এনৰেগা’ৰ তালিকাৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
  • আঁচনিখনৰ অধীনত ৪৫.৪ লাখ নতুন শ্ৰমিক যোগ দিয়া হৈছিল, যাৰ ফলত মুঠ ৩৯.৩ লাখ শ্ৰমিক বিলোপ কৰা হৈছিল।
  • সৰ্বাধিক বিলোপ তামিলনাডু (১৪.৭%) আৰু ছত্তীশগড় (১৪.৬%) ৰ পৰা হৈছিল।
  • লিব টেক(Lib Tech)ৰ প্ৰতিবেদনত কোৱা হৈছে এম জি এনৰেগাৰ পৰা হোৱা ১৫% বিলোপ ভুল আছিল।
  • ১ জানুৱাৰী, ২০২৪ পৰা আধাৰ-আধাৰিত পৰিশোধ ব্যৱস্থা (Aadhaar-Based Payment System (ABPS))ৰ বাধ্যতামূলক ৰূপায়ণৰ সৈতে বিলোপসমূহ সংযুক্ত কৰা হৈছে।

এম জি এনৰেগা কি?

২০০৫ চনত গৃহীত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি নিশ্চিতি আইন (এম জি এনৰেগা )-এ ভাৰতৰ গ্ৰাম্য পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলক প্ৰতি বছৰে ১০০ দিনৰ অনা-কৌশলী (Unskilled) কামৰ নিশ্চয়তা প্ৰদান কৰে।

  • ইয়াৰ লক্ষ্য হৈছে নিযুক্তি প্ৰদান কৰা, অৰ্থনৈতিক পৰিস্থিতি উন্নত কৰা আৰু “কৰ্মৰ অধিকাৰ” (right to work) সমৰ্থন কৰা।
  • ইয়াক, বিশেষকৈ মজদুৰ কিষাণ শক্তি সংগঠন (Mazdoor Kisan Shakti Sangathan (MKSS)) আৰু অৰ্থনীতিবিদ জিন ড্ৰেজৰ (Jean Drèze) দ্বাৰা তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাৰ দ্বাৰা চালিত কৰা হৈছিল

মূল ব্যৱস্থাসমূহঃ

  • যোগ্যতাঃ আঁচনিৰ লাভ আহৰণ কৰিবলৈ এজন শ্ৰমিক এজন ভাৰতীয় নাগৰিক, ১৮+ বছৰ বয়সৰ, গ্ৰাম্য পৰিয়ালৰ অংশ, আৰু অনা-দক্ষ কাম কৰিবলৈ ইচ্ছুক হ’ব লাগিব।
  • নিয়োগৰ নিশ্চয়তাঃ বাসস্থানৰ ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত ন্যূনতম মজুৰিত ১০০ দিনৰ কাম শ্ৰমিক এজনে লাভ কৰিব।
  • নিয়োগহীনতা ভাতাঃ ১৫ দিনৰ ভিতৰত কাম নিৰ্ধাৰণ নকৰিলে নিবনুৱা ভাত্তা প্ৰদান কৰা হয়।
  • সামাজিক হিচাপ : স্বচ্ছতা নিশ্চিত কৰিবলৈ এম জি এনৰেগাৰ সামাজিক হিচাপ পৰীক্ষা বাধ্যতামূলক।
  • বিকেন্দ্ৰীকৃত পৰিকল্পনাঃ স্থানীয় পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ নেতৃত্বত, গ্ৰাম সভাসমূহে কৰ্ম পৰিকল্পনাৰ পৰামৰ্শ দিয়ে।

এম জি এনৰেগাৰ বিবর্তনঃ

  • এই আঁচনিয়ে দৈনিক ১৫ নিযুত লোকক কাম প্ৰদান কৰে।
  • অৱশ্যে শেহতীয়াভাৱে, ২০২১-২২চনৰ ৯৮,৪৬৮ কোটি টকা আবণ্টনৰ পৰা ২০২৩-২৪ চনত ৬০,০০০ কোটি টকালৈ বাজেট আবণ্টন হ্ৰাস কৰা হৈছে।
  • ২০০৬ চনৰ পৰা এম জি এনৰেগাই ৩১ বিলিয়ন কৰ্ম দিনৰ কৰ্মসংস্থাপন আৰু ৬.৪ লাখ কোটি টকা ব্যয়ৰ সৃষ্টি কৰিছে।
  • আঁচনিৰ স্বচ্ছতাৰ বাবে ডিজিটেল সঁজুলি যেনে, অনলাইন পঞ্জীয়ন আৰু ভৌগালিক স্থান মানক (geotagging) ৰ সৈতে একত্ৰিত কৰা হৈছে।
  • ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (NRLM), প্ৰধানমন্ত্ৰী গ্ৰাম্য আভাস যোজনা (PMAY), আৰু স্বচ্ছ ভাৰত অভিযান (Swachh Bharat Abhiyan) ৰ দৰে অন্যান্য আঁচনিৰ সৈতে মিলি এম জি এনৰেগাই কাম কৰে।

এম জি এনৰেগাৰ প্ৰত্যাহ্বানসমূহ

  • বাজেট হ্ৰাসঃ পুঁজিৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত কৰ্মদিৱস সীমিত হৈ পৰিছে আৰু  মজুৰি পৰিশোধত বিলম্ব হৈছে।
  • বিলম্বিত পৰিশোধঃ এই আঁচনিৰ অধীনত মজুৰি পৰিশোধ প্ৰায়ে বিলম্বিত হয়, যাৰ ফলত হিতাধিকাৰীসকলৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পৰে।
  • দুৰ্নীতিঃ ভুৱা জব কাৰ্ড আৰু আবণ্টিত পুঁজি চুৰিৰ দৰে সমস্যা বৰ্তমানেও অব্যাহত আছে।
  • সজাগতাৰ অভাৱঃ বহুতো যোগ্য শ্ৰমিক হিতাধিকাৰী তেওঁলোকৰ অধিকাৰৰ বিষয়ে অজ্ঞাত হৈ থাকে।
  • লিংগ বৈষম্যঃ মহিলা হিতাধিকাৰীসকলে মজুৰিৰ ব্যৱধান, কৰ্মসুৰক্ষাৰ সমস্যা আৰু অল্প-দক্ষ ভূমিকাৰ সন্মুখীন হয়।
  • দুৰ্বল সম্পত্তিৰ গুণগত মানঃ এম জি এনৰেগাৰ অধীনত সৃষ্টি কৰা বহুতো সম্পত্তি নিম্নমানৰ বা স্থায়ী গুণ বিশিষ্ট নহয়।
  • প্ৰযুক্তিগত সমস্যাঃ ডিজিটেল সঁজুলিসমূহে দূৰৱৰ্তী অঞ্চলসমূহত সংযোগজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হয়।
  • ৰূপায়ণগত ব্যৱধানঃ এম জি এনৰেগাই স্থানীয় পৰ্যায়ত দুৰ্বল সমন্বয় আৰু সমৰ্থন লাভ কৰি আহিছে।
  • দুৰ্বল অভিযোগ সমাধানঃ এম জি এনৰেগাৰ অধীনত অভিযোগ সমাধান দুৰ্বল আৰু মন্থৰ গতিৰ।
  • ঋতুভিত্তিক চাহিদাঃ বিশেষ ঋতুৰ সময়ত অধিক কৰ্ম-চাহিদাই বছৰজোৰা কাম সীমিত কৰে।

এম জি এনৰেগাৰ গুৰুত্বঃ

  • আন্তঃগাঁথনিঃ ইয়াৰ জৰিয়তে জলাশয়, অনাময় ব্যৱস্থা আৰু আৱাসৰ দৰে গ্ৰাম্য সম্পদ উন্নীতকৰণত সহায়ক হয়।
  • আয়ৰ ক্ষতিপূৰণঃ ই ক’ভিড-১৯ লকডাউনৰ সময়ত হোৱা আয়ৰ লোকচান পূৰণ কৰাত সহায় কৰিছিল।
  • প্ৰব্ৰজন প্ৰতিৰোধঃ ই স্থানীয় কৰ্ম-সুযোগ প্ৰদান কৰি গ্ৰামাঞ্চলৰ পৰা চহৰলৈ জন-প্ৰব্ৰজন হ্ৰাস কৰে।
  • জীৱিকা : আঁচনিখনে সম্পদ সৃষ্টিৰ জৰিয়তে গ্ৰাম্য জীৱিকা বৃদ্ধি কৰে।
  • অধিকাৰ-আধাৰিত দৃষ্টিভংগীঃ আইনীভাৱে অন্তৰ্ভুক্ত দায়বদ্ধতাৰ সৈতে কৰ্মৰ অধিকাৰ নিশ্চিত কৰে।

এম জি এনৰেগাৰ শ্ৰেষ্ঠ অনুশীলনসমূহ :

  • জলপাইগুৰিঃ এই অঞ্চলত এম জি এনৰেগাৰ জৰিয়তে কৃষিৰ লগতে মীন পালনৰ প্ৰসাৰ কৰা হৈছে।
  • পশ্চিম বৰ্ধমানঃ এই অঞ্চলত কুকুৰা পালনৰ জৰিয়তে মহিলা সবলীকৰণত গুৰুত্ব দিয়া হৈছে।
  • দক্ষিণ পশ্চিম খাচী পাহাৰঃ বজাৰ প্ৰৱেশাধিকাৰ উন্নত কৰিবলৈ এম জি এনৰেগাৰ অধীনত এখন ওলোমা দলং নিৰ্মাণ কৰা হৈছিল।

বাজেট হ্ৰাস আৰু ৰূপায়ণৰ ব্যৱধানৰ দৰে প্ৰত্যাহ্বানৰ স্বত্বেও, গ্ৰাম্য জীৱিকাৰ সহায়, প্ৰব্ৰজন হ্ৰাস আৰু আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত এম জি এনৰেগা আঁচনি এতিয়াও গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ইয়াৰ দীৰ্ঘম্যাদী সফলতা দক্ষ ব্যৱস্থাপনা আৰু অব্যাহত সমস্যাবোৰৰ সমাধানৰ ওপৰত নিৰ্ভৰ কৰিব।

Leave a Reply