ক’প-১৬
COP16

  • সম্প্ৰতি কলম্বিয়াৰ কালীত জৈৱ বৈচিত্ৰ্য সন্মিলন (Convention on Biological Diversity (CBD)) ৰ ১৬ সংখ্যক গোষ্ঠী অভিৱৰ্তন (Conference of Parties (COP16)) অনুষ্ঠিত হৈ আছে।
  • ক’প-১৬ ৰ লক্ষ্য হৈছে বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ কৰা।

জৈৱ বৈচিত্ৰ্য সন্মিলন (Convention on Biological Diversity (CBD)) ৰ এক অৱলোকন :-

  • মানৱ কল্যাণৰ বাবে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ১৯৯৩ চনত জৈৱ-বৈচিত্ৰ্য সন্মিলন প্ৰতিষ্ঠা কৰা হৈছিল।
  • ই সকলো পৰিৱেশ তন্ত্ৰ, প্ৰজাতি আৰু আনুবংশিক সম্পদ সামৰি লয়।
  • ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনত (Rio Conference) এই চুক্তি স্বাক্ষৰৰ বাবে মুকলি কৰা হৈছিল।
  • সচিবালয়ঃ মণ্ট্ৰিয়েল, কানাডা; ই ৰাষ্ট্ৰসংঘৰ পাৰিপাৰ্শ্বিক কাৰ্যক্ৰম (UNEP)ৰ অধীনত কাম কৰে।
  • সদস্যসকলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে সকলো ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ এই সন্মিলনৰ সদস্য।

জৈৱ-বৈচিত্ৰ্য সন্মিলনৰ উদ্দেশ্যসমূহ

  • জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ।
  • ইয়াৰ উপাদানসমূহৰ স্থায়ী ব্যৱহাৰ।
  • আনুবংশিক সম্পদৰ পৰা লাভালাভৰ ন্যায্য আৰু ন্যায়সংগত ভাগ-বতৰা।

মূল নিয়মাৱলীসমূহ

  • কাৰ্টেজেনা জৈৱ সুৰক্ষা প্ৰট’কল (Cartagena Protocol on Biosafety (2003)) : ইয়াৰ জৰিয়তে জীৱিত পৰিৱৰ্তিত জীৱসমূহ (living modified organisms (LMOs)) ৰ সুৰক্ষা পৰিচালনা কৰা হয়।
  • নাগোয়া প্ৰট’কল (Nagoya Protocol) (২০১৪) : ইয়াৰ জৰিয়তে আনুবংশিক সম্পদৰ প্ৰৱেশাধিকাৰ আৰু লাভ-ভাগ-বতৰা (Access and benefit-sharing(ABS)) কৰা হৈছে।
    • এবিএছ ক্লিয়াৰিং হাউছ (ABS Clearing-House) : ই তথ্যৰ আদান-প্ৰদান আৰু আইনী স্বচ্ছতাৰ সুবিধা প্ৰদান কৰে।
  • নাগোয়া-কুয়ালালামপুৰ আনুসংগিক প্ৰট’কল (Nagoya-Kuala Lumpur Supplementary Protocol) (২০১৮) : এই নিয়মাৱলীয়ে জীৱিত পৰিৱৰ্তিত জীৱসমূহৰ বাবে দায়বদ্ধতা আৰু সমাধানত গুৰুত্ব দিয়ে।

কুনমিং-মণ্ট্ৰিয়েল গোলকীয় জৈৱ বৈচিত্ৰ্য পৰিকাঠামোৰ লক্ষ্যসমূহ (COP 15)

  • মণ্ট্ৰিয়েলৰ ক’প-১৫ ত এই লক্ষ্যসমূহ চূড়ান্ত কৰা হৈছিল (২০২২)।
  • ২০৩০ চনৰ ভিতৰত ৪ টা লক্ষ্য আৰু ২৩ টা উদ্দেশ্য পূৰণ কৰা হ’ব।
  • মুখ্য লক্ষ্যঃ
    • পৃথিৱীৰ ৩০% ভূমি আৰু মহাসাগৰ সুৰক্ষিত কৰা।
    • ২০৩০ চনৰ ভিতৰত অৱনমিত ভূমি আৰু জলৰাশিৰ ৩০% পুনৰুদ্ধাৰ কৰা।

ক’প-১৬ ত সম্বোধন কৰা মূল বিষয়সমূহ

  • ডিজিটেল ক্ৰমিক তথ্য (Digital Sequencing Data) : জৈৱ প্ৰযুক্তি আৰু কৃষিৰ ক্ষেত্ৰত বৈজ্ঞানিক অগ্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ তথ্যৰ প্ৰৱেশাধিকাৰৰ বিষয়ে আলোচনা কৰা হ’ব।
  • প্ৰৱেশাধিকাৰ আৰু লাভ ভাগ-বতৰা ব্যৱস্থাঃ
    • চলিত গোষ্ঠী অভিৱৰ্তনৰ আলোচনাসমূহ সম্পদৰ লাভালাভ, বিশেষকৈ থলুৱা সম্প্ৰদায়ৰ সৈতে ভাগ-বতৰা কৰাৰ বাবে ন্যায়সংগত ব্যৱস্থাৰ ওপৰত কেন্দ্ৰীভূত।
    • নাগোয়া প্ৰট’কল (২০১০ চনত প্ৰতিষ্ঠিত)-এ মূল দেশসমূহৰ (countries of origin) বাবে প্ৰৱেশাধিকাৰৰ অধিকাৰ আৰু লাভালাভৰ বাবে মৌলিক নীতি স্থাপন কৰিছিল।

প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ পৰিসৰ(ক’প-১৬ ৰ তথ্য)

  • আগন্তুক দশকসমূহত ১০ লাখ জীৱ-প্ৰজাতি বিলুপ্তিৰ আশংকাত আছে।
  • মানৱীয় কাৰ্যকলাপৰ ফলত ৭৫% ভূমি উল্লেখযোগ্যভাৱে সলনি হৈছে।
  • ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৪০০ নিযুত হেক্টৰ বনাঞ্চল হ্ৰাস পাইছিল।
  • ১.৪৪% উচ্চ সাগৰ অঞ্চলৰ সুৰক্ষিত মৰ্যাদা আছে।
  • প্লাষ্টিক প্ৰদূষণঃ মহাসাগৰত আনুমানিক প্লাষ্টিক আৱৰ্জনাৰ পৰিমাণ ৭৫-১৯৯ নিযুত টন, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ গুৰুতৰ ক্ষতিসাধন হয়।
  • প্ৰজাতিৰ বিলুপ্তিৰ হাৰঃ বৰ্তমানৰ স্বাভাৱিক হাৰতকৈ ১০০ পৰা ১০০০ গুণ দ্ৰুতহাৰত জীৱ-প্ৰজাতি বিলুপ্তিৰ সম্ভাৱনা আছে।

বিপদশংকাৰ সমাধানঃ

৩০×৩০ উদ্যোগৰ বাবে গতিশীলতা (Momentum for 30 x 30 Initiative)

  • লক্ষ্যঃ ২০৩০ চনৰ ভিতৰত ৩০% ভূমি আৰু মহাসাগৰ সুৰক্ষিত কৰা হ’ব।
  • গোলকীয় মুখ্য সংৰক্ষণ সংস্থাসমূহে এই লক্ষ্যৰ দিশত নিৰন্তৰভাৱে কাৰ্যকলাপ অব্যাহত ৰাখিছে।
  • এই পদক্ষেপ ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৌশল আৰু কাৰ্য পৰিকল্পনা (National Biodiversity Strategies and Action Plans (NBSAPs)) অতি গুৰুত্বপূৰ্ণ।

উচ্চ সাগৰীয় চুক্তি (The High Seas Treaty)

  • ইয়াক যাক ৰাষ্ট্ৰীয় বহিঃঅধিকাৰক্ষেত্ৰ জৈৱ বৈচিত্ৰ্য (Biodiversity Beyond National Jurisdiction (BBNJ)) চুক্তি বুলি জনা যায়।
  • ইয়াত বিশ্বৰ ৯৮ দেশে অনুমোদন জনাইছে।
  • বিশ্বৰ প্ৰায় ৬০% মহাসাগৰ সামৰি লোৱা উচ্চ সাগৰ অঞ্চলৰ অধিক ফলপ্ৰসূ শাসনৰ বাবে ক’প-১৬ ৰ দ্বাৰা এই চুক্তি কাৰ্যকৰী হোৱাৰ আশা কৰা হৈছে।

জৈৱ বৈচিত্ৰ্য সুৰক্ষাত বিত্তৰ গুৰুত্ব

  • উল্লেখিত চুক্তিসমূহ ৰূপায়ণৰ বাবে বিত্তীয় আলোচনা অতি গুৰুত্বপূৰ্ণ।
  • কুনমিং-মণ্ট্ৰিয়েল পৰিকাঠামোৰ ১৯.১ দফাত সন্নিৱিষ্ট লক্ষ্যত ২০৩০ চনৰ ভিতৰত ৰাজহুৱা আৰু ব্যক্তিগত উৎসৰ পৰা বছৰি ২০০ বিলিয়ন আমেৰিকান ডলাৰ পুঁজি সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
  • পুঁজি প্ৰদানকাৰী কাৰ্যকলাপে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰত সহায় কৰিব লাগে, ২০২৫ চনৰ ভিতৰত উন্নয়নশীল দেশসমূহৰ বাবে কমেও ২০ বিলিয়ন আমেৰিকান ডলাৰ আৱণ্টন কৰা হৈছিল, যি ২০৩০ চনৰ ভিতৰত ৩০ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পাব।

ক’প-১৬ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে, যাৰ মূল লক্ষ্য হৈছে “৩০ x ৩০” পদক্ষেপ সহায়ত ২০৩০ চনৰ ভিতৰত বিশ্বৰ ৩০% ভূমি আৰু মহাসাগৰ সুৰক্ষিত কৰা। যিহেতু বিশ্বই  ইতিমধ্যে অভূতপূৰ্ব জৈৱ বৈচিত্ৰ্যৰ ভাবুকিৰ সন্মুখীন হৈছে, সেয়ে উচ্চ সাগৰ চুক্তিৰ দৰে চুক্তিৰ ৰূপায়ণ আৰু গম্ভীৰ বিত্তীয় সম্পদৰ একত্ৰীকৰণ আগন্তুক প্ৰজন্মৰ বাবে এক বহনক্ষম আৰু জৈৱ বৈচিত্ৰ্য ভৱিষ্যত সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হ’ব।

Leave a Reply