কাজিৰঙাত এলিভেটেড কৰিডৰ
ELEVATED CORRIDOR

উচ্চতম ন্যায়ালয়ে বুধবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক (National Highways Authority of India (NHAI)) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা প্ৰায় ৩৪ কিলোমিটাৰ বিস্তাৰিত প্ৰস্তাৱিত এলিভেটেড কৰিডৰটোৰ (elevated corridor) কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে গুৰুত্ব আৰোপ কৰি ব্যক্ত কৰে যে বন্যপ্ৰাণী-অনুকূল পদক্ষেপ হিচাপে প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ সকলো অংশীদাৰীপক্ষই সম্পূৰ্ণ সমৰ্থন আগবঢ়াব লাগিব।

কাজিৰঙা বন‌্যপ্ৰাণী প্ৰৱেশিকা পথ (animal corridors)

  • উচ্চতম ন্যায়ালয়ে গঠন কৰা সমিতিৰ পৰামৰ্শঃ
    • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park (KNP)) ৯ টা বন‌্যপ্ৰাণী প্ৰৱেশিকা পথ (animal corridors) চিনাক্ত কৰা হৈছে।
    • নগাঁও জিলাঃ আমগুৰি, বাগৰি, চিৰাং, দেওছুৰ, হাৰমতী, হাতীডাণ্ডি, কাঞ্চনজুৰি।
    • গোলাঘাট জিলাঃ হল্দিবাৰী, পাণবাৰী।
  • প্ৰৱেশিকা পথৰ শ্ৰেণীবিভাজনঃ
    • গাঁথনিগত প্ৰৱেশিকা পথ (Structural Corridors) : এই শ্ৰেণীৰ প্ৰৱেশিকা পথ মানৱ-প্ৰণোদিত অশান্তিৰ পৰা মুক্ত (বনজ আৰু বন্যপ্ৰাণী ব্যৱস্থাপনাৰ বাহিৰে)।
    • কাৰ্য্যকৰী প্ৰৱেশিকা পথ (Functional Corridors) : নিয়ন্ত্ৰিত ভূমি-ব্যৱহাৰৰ পৰিৱৰ্তনৰ সৈতে বহু-ব্যৱহাৰ, গাঁথনিগত প্ৰৱেশিকা পথসমূহবিচলিত হ’লে ইয়াক সক্ৰিয় কৰা হয়।
  • গুৰুত্বঃ
    • বাৰিষাৰ সময়ত বানপানীৰ পৰা হাত সাৰিবলৈ আৰু কাৰ্বি আংলং পাহাৰলৈ প্ৰব্ৰজন কৰাৰ ক্ষেত্ৰত গঁড়, হাতী, বাঘ আৰু হৰিণৰ দৰে জীৱ-জন্তুৰ বাবে এই এলিভেটেড ক’ৰিডৰ অতি গুৰুত্বপূৰ্ণ হ’ব।
    • নিৰাপদ চলাচল আৰু বাসস্থানৰ সংযোগ নিশ্চিত কৰি বাৰিষাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানৰ তৃণভূমিলৈ বন্যপ্ৰাণীসমূহ ঘূৰি অহাটো সহজ কৰি তোলা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প

  • অৱস্থান আৰু এলেকা
    • অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৪২,৯৯৬ হেক্টৰ এলেকা আৱৰি আছে।
    • ই ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ অৱনমিত প্লাৱনভূমিক প্ৰতিনিধিত্ব কৰে।
  • ইতিহাস
    • ১৯৭৪ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।
    • ২০০৭ চনত ই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিগণিত হৈছিল।
    • ১৯৮৫ চনত ই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ (UNESCO World Heritage Site) হিচাপে স্বীকৃতি লাভ কৰিছিল।
    • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাৰ্ডলাইফ ইণ্টাৰনেশ্যনেলৰ (BirdLife International) দ্বাৰা এক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল (Important Bird Area (IBA)) হিচাপে মনোনীত হৈছে।
  • জৈৱ বৈচিত্ৰ্যৰ বিশেষত্বসমূহ
    • বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ সৰ্বাধিক সংখ্যাযুক্ত বাসস্থান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
    • কাজিৰঙাৰ ওচৰৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বিশ্বৰ ভিতৰত এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক আৰু ই কাজিৰঙাৰ পিছতে অসমৰ গঁড়ৰ সংখ্যাভিত্তিক বাসস্থানৰ ভিতৰত দ্বিতীয় স্থানত আছে।
    • উদ্যানখনত বাঘ, হাতী আৰু ২৫০ বিধতকৈ অধিক প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন বন্য-প্ৰজাতিৰ বাসস্থান আছে।
  • জলাধাৰ আৰু ভৌগালিক অৱস্থান
    • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৫০ৰো অধিক ঋতুভিত্তিক জলাশয় আছে আৰু উদ্যানখনৰ মাজেৰে ডিফলু নদী বৈ গৈছে।
    • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (NH-37) ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাৰ কাষেৰে গৈ ইয়াৰ দক্ষিণ প্ৰান্তৰ ওপৰেৰে পাৰ হৈ গৈছে।

Leave a Reply