- কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ মহিলা চি.আই.এছ.এফ. (CISF) (Central Industrial Security Force) (কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী) বেটেলিয়ন গঠনত অনুমোদন জনাইছে।
- এই বেটেলিয়নত ১,০০০ অধিক জোৱান থাকিব।
- ভিআইপি নিৰাপত্তা, বিমানবন্দৰ নিৰাপত্তা আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত চিআইএছএফৰ বৰ্ধিত দায়িত্বৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
- সাম্প্ৰতিক পৰ্যায়ত, চিআইএছএফৰ মুঠ শক্তিৰ ৭%তকৈও অধিক মহিলা।
- চিআইএছএফৰ মুঠ কৰ্মশক্তিত প্ৰায় ১.৮০ লাখ জোৱান জড়িত হৈ আছে।
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০ বছৰলৈ নিৰ্ধাৰণ কৰিছে।
গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে ভাৰতৰ সাতটা নিৰাপত্তা বাহিনীক সামৰি লৈছে –
- অসম ৰাইফলছ্ (এ.আৰ.) (Assam Rifles (AR))
- সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) (Border Security Force (BSF))
- কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ) (Central Industrial Security Force (CISF))
- কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)(Central Reserve Police Force (CRPF))
- ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) (Indo Tibetan Border Police (ITBP))
- ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (এন. এছ. জি.) (National Security Guard (NSG))
- সশস্ত্ৰ সীমা বল (এছএছবি) (Sashastra Seema Bal (SSB))
প্ৰতিটো নিৰাপত্তা বাহিনীৰ নিজস্ব বিষয়া কেডাৰ (officer cadre) থাকে কিন্তু সাধাৰণতে ভাৰতীয় আৰক্ষী সেৱাৰ (Indian Police Service (IPS).) বিষয়াসকলে এই বাহিনীসমূহৰ নেতৃত্ব দিয়ে।
অসম ৰাইফলছ্ (এ.আৰ.)
- ১৮৩৫ চনত ‘কাছৰ লেভি’ (‘Cachar Levy’) নামে অসম ৰাইফলছ্ বাহিনী স্থাপিত হৈছিল।
- এই বাহিনীটোৱে আদিতে ব্ৰিটিছ চাহ বাগিচাসমূহক জনজাতীয় আক্ৰমণৰ পৰা সুৰক্ষিত কৰিছিল।
- ব্ৰিটিছ শাসনৰ সময়তে পৰা আঞ্চলিক প্ৰশাসন আৰু বাণিজ্যৰ নিৰাপত্তাত এই সশস্ত্ৰ অৰ্ধ-সামৰিক বাহিনীটোৱে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি ৰাখিছিল।
- অসম ৰাইফলছ্ “অসামৰিক বাহিনীৰ সোঁ হাত আৰু সামৰিক বাহিনীৰ বাওঁ হাত” (right arm of the civil and left arm of the military) হিচাপে জনাজাত।
- ই হৈছে দ্বৈত নিয়ন্ত্ৰণ গাঁথনি (dual control structure) থকা একমাত্ৰ অৰ্ধ-সামৰিক বাহিনী।
- অসম ৰাইফলছ্ বাহিনীৰ প্ৰশাসনিক নিয়ন্ত্ৰণ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (MHA) হাতত ন্যস্ত আছে।
- কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ (MoD)ৰ অধীনস্থ ভাৰতীয় সেনাৰ হাতত অসম ৰাইফলছ্ বাহিনীৰ কাৰ্য্যকৰী নিয়ন্ত্ৰণ ন্যস্ত আছে।
- অসম ৰাইফলছ্-এ চীন-ভাৰত যুদ্ধ (১৯৬২), শান্তিৰক্ষা অভিযান যেনে, শ্ৰীলংকাৰ অপাৰেচন পৱন (Operation Pawan) (১৯৮৭) ত অংশগ্ৰহণ কৰিছিল আৰু উত্তৰ-পূব ভাৰতত আভ্যন্তৰীণ শৃংখলা বজাই ৰখাত অৱদান আগবঢ়াই আহিছে।
সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)
- ১৯৬৫ চনৰ ১ ডিচেম্বৰত সীমান্ত সুৰক্ষা বাহিনী গঠন
- সীমান্ত সুৰক্ষা বাহিনীয়ে পাকিস্তান আৰু বাংলাদেশৰ সৈতে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰে।
- ই বিশ্বৰ সৰ্ববৃহৎ সীমান্ত সুৰক্ষা বাহিনী
- ইয়াত এয়াৰ উইং (air wing), মেৰিন উইং (marine wing), আৰ্টিলাৰী ৰেজিমেণ্ট (artillery regiment), আৰু কমাণ্ডো ইউনিট (commando units) অন্তৰ্ভুক্ত আছে।
- সীমান্ত সুৰক্ষা বাহিনী ভাৰতৰ বাবে “প্ৰথম প্ৰতিৰক্ষা ৰেখা” (First Line of Defence) হিচাপে পৰিচিত।
কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)
- ১৯৬৯ চনত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিৰাপত্তাৰ বাবে তিনিটা বেটেলিয়নৰ সৈতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী গঠিত হৈছিল।
- সম্প্ৰতি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে প্ৰধান আন্তঃগাঁথনিসমূহৰ বাবে এক বহুমুখী নিৰাপত্তা সংস্থাৰূকে সেৱা আগবঢ়ায়।
- ই পাৰমাণৱিক সুবিধা, মহাকাশ প্ৰতিষ্ঠান, বিমানবন্দৰ আৰু ঐতিহ্যবাহী স্থানসমূহ সুৰক্ষিত কৰে।
- ই ভিআইপি সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, আৰু হাইটিস্থিত ৰাষ্ট্ৰসংঘৰ আৰক্ষী গোটৰ (UN police unit) বাবেও দায়বদ্ধ।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)
- ১৯৩৯ চনৰ ২৭ জুলাইত ব্ৰিটিছ ৰাজ-প্ৰতিনিধি আৰক্ষী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৪৯ চনত সম্প্ৰতি জনাজাত ‘কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী’ নামে নামাংকৃত কৰা হৈছিল।
- লক্ষ্যঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লক্ষ্য ৰাজহুৱা শৃংখলা, আভ্যন্তৰীণ নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা বজাই ৰখা (uphold public order, internal security, and national integrity)
- এই অৰ্ধ-সামৰিক বাহিনী ভিৰ নিয়ন্ত্ৰণ, বিদ্ৰোহ প্ৰতিৰোধ, বাওঁপন্থী উগ্ৰবাদ দমনৰ লগত জড়িত।
- ই নিৰ্বাচন-কালীন নিৰাপত্তা, ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা আৰু দুৰ্যোগৰ প্ৰতি সহাঁৰিক সমৰ্থন আগবঢ়ায়।
ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)
- ১৯৬২ চনৰ ২৪ অক্টোবৰত ভাৰত তিব্বত সীমান্ত আৰক্ষী বাহিনী গঠন কৰা হৈছিল।
- লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈ ৩৪৮৮ কিলোমিটাৰ ভাৰত-চীন সীমান্তৰেখাত ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে টহল দি আহিছে।
- প্ৰশিক্ষিত পৰ্বতাৰোহী আৰু স্কিয়াৰ (skiers)সকলৰ সৈতে এক পৰ্বতীয়া শক্তি বিশেষজ্ঞ হিচাপে ভাৰত তিব্বত সীমান্ত আৰক্ষীয়ে ভূমিকা পালন কৰি আহিছে।
- ই উদ্ধাৰ আৰু সাহায্য অভিযানৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সঁহাৰি আগবঢ়াইছে।
ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (এন. এছ. জি.)
- ১৯৮৪ চনৰ অপাৰেচনৰ ব্লু ষ্টাৰ (Operation Blue Star)ৰ পিছত ১৯৮৬ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল।
- সন্ত্ৰাসবাদ বিৰোধী বাহিনী হিচাপে ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে দ্ৰুত আৰু তাৎক্ষণিক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
- ই সৈন্যবাহিনীৰ স্পেচিয়েল একশ্যন গ্ৰুপ (Special Action Group (Army)) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী অথবা ৰাজ্যিক আৰক্ষীৰ স্পেচিয়েল ৰেঞ্জাৰ গ্ৰুপ (Special Ranger Groups (CAPF/State Police)) ৰে গঠিত।
- ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ আৰু উচ্চ স্তৰৰ নিৰাপত্তা ভাবুকিৰ মোকাবিলা কৰে।
সশস্ত্ৰ সীমা বল (এছএছবি)
- প্ৰথমতে ১৯৬২ চনত বিশেষ সেৱা ব্যুৰো (Special Service Bureau) হিচাপে সশস্ত্ৰ সীমা বল বাহিনীক মকৰল কৰা হৈছিল।
- ই উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, ছিকিম, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত সেৱা আগবঢ়ায়।
- ইয়াৰ দায়িত্বসমূহৰ ভিতৰত সীমান্ত সুৰক্ষা, অপৰাধ প্ৰতিৰোধ, সীমান্ত সম্প্ৰদায়সমূহ সুৰক্ষিত কৰা, আৰু নাগৰিক কাৰ্য্যক্ৰম আদি উল্লেখযোগ্য।
- ইয়াৰোপৰি সশস্ত্ৰ সীমা বল বাহিনী আইন বলৱৎকৰণ, বিদ্ৰোহ বিৰোধী অভিযান, আৰু প্ৰয়োজন অনুসাৰে নিৰ্বাচনী কৰ্তব্যত জড়িত হৈ থাকে।