কোৱাড
QUAD

প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰৰ (Delaware) উইলমিংটন (Wilmington), অনুষ্ঠিত ষষ্ঠ কোৱাড লিডাৰ্ছ সন্মিলনত অংশগ্ৰহণ কৰে।

কোৱাড কি?

কোৱাড (চতুৰ্ভুজ সুৰক্ষা আলোচনা)(Quadrilateral Security Dialogue) হৈছে চাৰিখন প্ৰধান গণতান্ত্ৰিক ৰাষ্ট্ৰ – ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ এক কৌশলগত গোট। ইয়াৰ লক্ষ্য হৈছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক মুক্ত, মুকলি আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচাৰ কৰা।

  • উদ্দেশ্যসমূহঃ
    • সামুদ্ৰিক সুৰক্ষাঃ সামুদ্ৰিক পথসমূহ সুৰক্ষিত কৰা আৰু নৌ পৰিবহণৰ স্বাধীনতা বজাই ৰখা।
    • ক’ভিড-১৯ আৰু ভেকচিন কূটনীতিঃ মহামাৰীৰ প্ৰতি সঁহাৰিৰ ক্ষেত্ৰত প্ৰতিষেধকৰ ন্যায়সংগত বিতৰণ আৰু সহযোগিতা নিশ্চিত কৰা।
    • জলবায়ু পৰিৱৰ্তনঃ জলবায়ুৰ বিপদাশংকা মোকাবিলা কৰা, বহনক্ষম শক্তিৰ প্ৰসাৰ কৰা আৰু দুৰ্বল (সংবেদনশীল) অঞ্চলসমূহক সমৰ্থন কৰা।
    • অৰ্থনৈতিক বিনিয়োগঃ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিনিয়োগৰ বাবে এক শক্তিশালী অৰ্থনৈতিক পৰিকাঠামোৰ সৃষ্টি।
    • প্ৰযুক্তিগত উদ্ভাৱনঃ উদ্ভাৱনক উৎসাহিত কৰা, বিশেষকৈ অৰ্ধ-পৰিবাহী (Semi-conductor), কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰিষ্কাৰ শক্তিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত।

কোৱাডৰ বিৱর্তন

  • প্ৰাৰম্ভিক গঠন (২০০৪) : দুৰ্যোগ সাহায্যৰ বাবে ভাৰত মহাসাগৰত সংঘটিত ছুনামি ধ্বংসলীলাৰ পিছত অনানুষ্ঠানিক মিত্ৰতা গঠন কৰা হৈছিল।
  • ২০০৭ চনৰ প্ৰস্তাৱঃ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেয়ে কোৱাডক আনুষ্ঠানিক কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু চীনৰ বিৰোধিতা আৰু ভাৰতৰ অনিচ্ছাৰ বাবে ই স্থবিৰ হৈ পৰিছিল।
  • পুনৰুজ্জীৱিতকৰণ (২০১৭) : ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছিয়ান সন্মিলনৰ (ASEAN Summit) সময়ত কোৱাড আলোচনা পুনৰ আৰম্ভ হৈছিল।
  • মন্ত্ৰী পৰ্যায়ৰ আলোচনা (২০১৯) : ২০১৯ কোৱাড মন্ত্ৰী পৰ্যায়লৈ উন্নীত হৈছিল, যাৰ ফলত কৌশলগত গুৰুত্ব বৃদ্ধি পাইছিল।
  • প্ৰথম সন্মিলন (২০২১) : ২০২১ চনৰ মাৰ্চত কোৱাৰ প্ৰথম সন্মিলন ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হৈছিল, তাৰ পিছত ছেপ্টেম্বৰত ৱাশ্বিংটন ডি চি ত এক ব্যক্তিমূল সন্মিলন অনুষ্ঠিত হৈছিল।
  • নৌসেনা অনুশীলন (২০২০) : চাৰিওখন কোৱাড সদস্য ৰাষ্ট্ৰই “মালাবাৰ অনুশীলন” (Malabar Exercise) ত অংশগ্ৰহণ কৰিছিল, যিটো ২০০৭ চনৰ পিছত সৰ্ববৃহৎ যুটীয়া নৌসেনা অনুশীলনৰূপে বিবেচিত হয় ।

কোৱাড সন্মিলন ২০২৪-ৰ মূল ফলাফলসমূহ

  • কোৱাড উইলমিংটন ঘোষণা (Quad Wilmington Declaration) : নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা হ’ব।
  • কোৱাড কৰ্কট মুনশ্বট (Quad Cancer Moonshot) : ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৰ্কট ৰোগ হ্ৰাস কৰাৰ পদক্ষেপ, চাৰ্ভিকেল কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি ৰাজহুৱা-ব্যক্তিগত বিনিয়োগ আৰু বিশেষজ্ঞতাৰ সুবিধা অৱলম্বন কৰা হ’ব।
  • মৈত্ৰী (ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰশিক্ষণৰ বাবে সামুদ্ৰিক উদ্যোগ)MAITRI (Maritime Initiative for Training in Indo-Pacific): ‘মৈত্ৰী’য়ে আঞ্চলিক সামুদ্ৰিক সুৰক্ষা আৰু আইন বলৱৎকৰণ বৃদ্ধি কৰে। ভাৰতে ২০২৫ চনত প্ৰথম মৈত্রী কৰ্মশালাৰ আয়োজন কৰিব।
  • কোৱাড-এট-চি শ্বিপ অৱজাৰ্ভাৰ মিছন (Quad-at-Sea Ship Observer Mission) (২০২৫) : সামুদ্ৰিক সুৰক্ষা আৰু আন্তঃব্যৱহাৰযোগ্যতা উন্নত কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনী জড়িত হৈ যুটীয়া অভিযান চলাব।
  • ইণ্ডো-পেচিফিক লজিষ্টিক নেটৱৰ্ক (Indo-Pacific Logistics Network) : ভাৰতীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দ্ৰুত দুৰ্যোগ প্ৰতিক্ৰিয়া সক্ষম কৰা অংশীদাৰী এয়াৰলিফ্ট ক্ষমতাৰ বাবে পাইলট প্ৰকল্প প্ৰয়োজ্য কৰা হ’ব।
  • কোৱাড প ‘ৰ্টছ অৱ দ্য ফিউচাৰ পাৰ্টনাৰশ্বিপ (Quad Ports of the Future Partnership) : সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বহনক্ষম আৰু স্থিতিস্থাপক বন্দৰৰ আন্তঃগাঁথনিক সমৰ্থন জনোৱা হ’ব।
  • অৰ্ধ-পৰিবাহী যোগান শৃংখল আকস্মিক নেটৱৰ্ক (Semiconductor Supply Chains Contingency Network) : ছেমিকণ্ডাক্টৰ বা অৰ্ধ-পৰিবাহী যোগান শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে সহযোগিতা স্থাপন কৰা হ’ব।
  • অন্যান্য ঘোষণাঃ
    • শক্তি দক্ষতাঃ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ব্যয়সুলভ মূল্যৰ শীতল প্ৰণালীৰ প্ৰয়োগ বৃদ্ধি কৰা হ’ব।
    • মৰিচাছৰ বাবে ভাৰতৰ মহাকাশ উদ্যোগঃ চৰম বতৰ নিৰীক্ষণৰ বাবে এক মহাকাশ-আধাৰিত প’ৰ্টেলৰ শুভাৰম্ভ।
    • কোৱাড ষ্টেম ফেল’শ্বিপ (Quad STEM Fellowship) সম্প্ৰসাৰণঃ ভাৰতৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে নতুন ফেল’ শ্বিপ উপ-শ্ৰেণীৰ ব্যৱস্থা কৰা হ’ব।
  • পৰৱৰ্তী কোৱাড নেতৃত্ব সন্মিলন (২০২৫) : ভাৰতে ২০২৫ কোৱাড সন্মিলন আয়োজন কৰিব।

২০২৪ চনত অনুষ্ঠিত ষষ্ঠ কোৱাড নেতৃত্ব সন্মিলনে সামুদ্ৰিক সুৰক্ষা, প্ৰযুক্তিগত উদ্ভাৱন আৰু জলবায়ু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি চিহ্নিত কৰিছিল। ‘মৈত্ৰী’ আৰু ‘কেঞ্চাৰ মুনশ্বট’ৰ দৰে পদক্ষেপৰ জৰিয়তে কোৱাডে গোলকীয় প্ৰত্যাহ্বানৰ ওপৰত ইয়াৰ প্ৰভাৱ গভীৰ কৰি আহিছে, ভাৰতে ২০২৫ চনত পৰৱৰ্তী সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে।

Leave a Reply