খালিস্তানী বিচ্ছিন্নতাবাদী হৰদ্বীপ সিং নিজ্জৰৰ হত্যাকাণ্ড সম্পৰ্কীয় অভিযোগক লৈ ভাৰত আৰু কানাডাৰ মাজত কুটনৈতিক উত্তেজনা বৃদ্ধি পাইছে।
খালিস্তান আন্দোলনঃ
খালিস্তান আন্দোলনৰ লক্ষ্য হৈছে বৰ্তমানৰ পঞ্জাৱত (ভাৰত আৰু পাকিস্তান) এক পৃথক, সাৰ্বভৌম শিখ ৰাজ্য স্থাপন কৰা। ই ১৯৮০-ৰ দশকত শীৰ্ষত উপনীত হৈছিল, ব্লু ষ্টাৰ (Blue Star)(১৯৮৪) আৰু ব্লেক থান্ডাৰ(Black Thunder)(১৯৮৬, ১৯৮৮)ৰ দৰে অভিযানৰ জৰিয়তে বহুলাংশে দমন কৰা হৈছিল, কিন্তু বিশেষকৈ কানাডা, যুক্তৰাজ্য আৰু অষ্ট্ৰেলিয়াত থকা এচাম প্ৰবাসী শিখৰ মাজত বিচ্ছিন্নতাবদী সমৰ্থন বজাই ৰাখিছিল।
উৎপত্তিঃ ভাৰতৰ শিখসকলৰ বাবে খালিস্তান (অৰ্থাৎ “বিশুদ্ধ ভূমি” (Land of the Pure)) নামৰ এক পৃথক শিখ ৰাজ্যৰ দাবী হিচাপে খালিস্তান আন্দোলন আৰম্ভ হৈছিল।
- ১৯৪০-ৰ দশকত এই আন্দোলনৰ উৎপত্তি হৈছিল কিন্তু ১৯৭০ আৰু ১৯৮০-ৰ দশকত, বিশেষকৈ সংখ্যাগৰিষ্ঠ শিখ জনসংখ্যাৰ সৈতে ভাৰতৰ উত্তৰ অংশৰ ৰাজ্য পঞ্জাৱত এই আন্দোলনে ক্ষিপ্ৰ গতি লাভ কৰিছিল।
- এই আন্দোলনটো কিছুমান শিখ লোকে অনুভৱ কৰা ঐতিহাসিক অভিযোগ, ধৰ্মীয় পৰিচয় আৰু ৰাজনৈতিক হাৰাশাস্তিৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
সময়সীমাঃ
- দেশ-বিভাজন (১৯৪৭) :
- ভাৰত বিভাজনৰ সময়ত পূৰ্বৰ পঞ্জাৱৰ দ্বি-বিভাজনৰ ফলত শিৱ সম্প্ৰদায়ৰ লোকসকল সাম্প্ৰদায়িক হিংসা আৰু প্ৰব্ৰজনৰ বলি হৈছিল। নানকানা চাহিবকে ধৰি ঐতিহাসিক শিখ স্থানসমূহ পাকিস্তানৰ অংশ হৈ পৰিছিল। ফলত ই শিখসকলৰ মাজত এক ঐতিহাসিক ক্ষুব্ধতাৰ জন্ম দিছিল।
- পঞ্জাৱী সুবা আন্দোলন (১৯৬৬) :
- এখন পঞ্জাৱী-ভাষী ৰাজ্যৰ দাবীৰ ফলত ভাৰতৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশক পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত পুনৰ্গঠন কৰা হৈছিল।
- আনন্দপুৰ চাহিব প্ৰস্তাৱ (১৯৭৩) :
- আকালি দলে উত্থাপন কৰা স্বায়ত্তশাসিত পঞ্জাবৰ দাবীয়ে বিচ্ছিন্নতাবাদী উদ্বেগৰ সৃষ্টি কৰিছিল।
- ভিন্দ্ৰনৱালেৰ উত্থানঃ
- জাৰ্ণেল সিং ভিন্দ্ৰনৱালে ধৰম যুদ্ধ মৰ্চা (১৯৮২)ক নেতৃত্ব প্ৰদানেৰে শিখ অধিকাৰৰ সপক্ষে ওকালতি কৰি এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব হিচাপে আত্মপ্ৰকাশ কৰে।
- অপাৰেচন ব্লু ষ্টাৰ (১৯৮৪)
- স্বৰ্ণ-মন্দিৰ (Golden Temple)ত ভাৰতীয় সৈন্যৰ বলপূৰ্বক প্ৰৱেশৰ জৰিয়তে ভিন্দ্ৰনৱালে আৰু সশস্ত্ৰ সমৰ্থকসকলক আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ ফলত বিশ্বজুৰি শিখসকলৰ ধৰ্মীয় সংবেদনশীল-অনুভূতিজনিত ক্ষোভ আৰু খালিস্তানৰ বাবে এক শক্তিশালী আহ্বানৰ সৃষ্টি হৈছিল।
- পৰিণতি (১৯৮৪-১৯৯৫)
- ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ফলত শিখ বিৰোধী সংঘৰ্ষৰ সৃষ্টি হৈছিল; তাৰ পৰৱৰ্তী পৰ্যায়ত এয়াৰ ইণ্ডিয়া বিমান ১৮২ বোমা বিস্ফোৰণ (Air India Flight 182 bombing) সংঘটিত হৈছিল। ১৯৯৫ চনলৈকে পঞ্জাৱে দীৰ্ঘদিনীয়া বিদ্ৰোহৰ সন্মুখীন হৈছিল, লাহে লাহে খালিস্তানৰ দাবীয়ে জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছিল।
খালিস্তান আন্দোলনৰ বৰ্তমান অৱস্থাঃ
- পঞ্জাৱত শান্তিঃ ভাৰতৰ অভ্যন্তৰত খালিস্তানী আন্দোলনৰ প্ৰতি ন্যূনতম সক্ৰিয় সমৰ্থনৰ সৈতে পঞ্জাৱ বহুলাংশে শান্তিপূৰ্ণ অৱস্থাত আছে।
- প্ৰবাসী-প্ৰণোদিত: সম্প্ৰতি এই বিচ্ছিন্নতাবাদী আন্দোলনৰ মূল সমৰ্থন ভেঁটি বিশেষকৈ কানাডা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াত স্থিত একাংশ শিখ প্ৰবাসী সকলৰ মাজত বিদ্যমান।
- ঐতিহাসিক অভিযোগসমূহঃ ১৯৮০-ৰ দশকৰ স্মৃতি, বিশেষকৈ অপাৰেচন ব্লু ষ্টাৰ আৰু স্বৰ্ণ-মন্দিৰৰ পৱিত্রতা হানি আদি কাৰ্যই বৰ্তমানেও বিদেশৰ কিছুমান শিখৰ মাজত অসন্তুষ্টি বৰ্তাই ৰাখিছে।
- প্ৰজন্মজনিত প্ৰভাৱঃ বিদেশত থকা শিখসকলৰ মাজত উদীয়মান নৱ-প্ৰজন্মই ভিন্দ্ৰনৱালেক শ্বহীদ হিচাপে গণ্য কৰাটো অব্যাহত ৰাখিছে, কিন্তু ই খালিস্তানৰ বাবে উল্লেখযোগ্য ৰাজনৈতিক সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই।
- ৰাজনৈতিক প্ৰভাৱঃ এটা ক্ষুদ্য কিন্তু সোচ্চাৰ শিখ সংখ্যালঘু অংশই ‘খালিস্তান’ৰ বিষয়টোক সাৰ-পানী দি আহিছে; ইয়াৰ উদ্দেশ্য জনসাধাৰণৰ সমৰ্থন একত্ৰিত কৰাতকৈ বিভিন্ন দলৰ সৈতে ৰাজনৈতিক লাভালাভৰ সম্ভাৱনাহে।
যদিও খালিস্তানৰ বাবে সক্ৰিয় সমৰ্থন ভাৰতত ন্যূনতম হৈ আছে, আন্দোলনৰ ধ্বনি শিখ প্ৰবাসীৰ একাংশৰ মাজত, বিশেষকৈ কানাডাত প্ৰতিধ্বনিত হয়। ঐতিহাসিক অভিযোগসমূহ সমাধান কৰা আৰু ফলপ্ৰসূ আলোচনা বৃদ্ধি কৰাটোৱে সাম্প্ৰতিক উত্তেজনা হ্ৰাস কৰাত আৰু ভাৰত-কানাডাৰ মাজত উত্তেজনাৰ মাত্ৰা বৃদ্ধি প্ৰতিহত কৰাত সহায় কৰিব পাৰে।