চাইবাৰ অপৰাধ
CYBERCRIME

চাইবাৰ অপৰাধ কি?

  • কম্পিউটাৰ অবৈধ কাৰ্যকলাপৰ লক্ষ্য বা সঁজুলি হৈ পৰা অপৰাধমূলক কাম-কাজক চাৰিবাৰ অপৰাধ বোলা হয়।
  • ইয়াত প্ৰযুক্তিৰ শোষণ, ব্যক্তি, সংগঠন আৰু চৰকাৰক প্ৰভাৱিত কৰা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সাঙুৰি লোৱা হৈছে।
  • ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক অধিকাৰক্ষেত্ৰৰ অধীনত পৰে।

চাইবাৰ অপৰাধৰ প্ৰকাৰঃ

  • ডি.ডি.অ.এছ. আক্ৰমণ (DDoS Attacks) : এই অপৰাধী কাৰ্যৰে অত্যাধিক ট্ৰেফিকৰ সৈতে সংযোগী নেটৱৰ্কবোৰ অভাৰলোড কৰি সেৱাসমূহ ব্যাহত কৰে।
  • বটনেট (Botnets) : বটনেট হৈছে বিদ্বেষপূৰ্ণ কাৰ্যকলাপৰ বাবে দূৰৰ পৰা নিয়ন্ত্ৰণ কৰা এক আপোচকামী সংযোগ নেটৱৰ্ক।
  • পৰিচয় চুৰি (Identity Theft) : ই ছদ্মৱেশ বা প্ৰতাৰণাৰ বাবে ব্যক্তিগত তথ্য হৰলুকি কৰাক নিৰ্দেশিত কৰে।
  • চাইবাৰ উৎপীড়ন (Cyber Bullying) : ই ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি অনলাইন উৎপীড়ন বা ভাবুকি আগবঢ়োৱা আদিক সূচায়।
  • ফিছিং (Phishing) : ই ব্যক্তিসকলক স্পৰ্শকাতৰ তথ্য প্ৰদান কৰিবলৈ প্ৰতাৰণা কৰে।
  • ৰেনচমৱেৰ (Ransomware) : এই অপৰাধে তথ্য এনক্ৰিপ্ট (Encrypts) কৰে, ইয়াক মুকলি কৰাৰ বাবে ধন দাবী কৰে।
  • হেকিঙ (Hacking) : হেকিঙে তথ্য সলনি কৰা, তথ্য চুৰি কৰা বা ধ্বংস কৰাৰ বাবে অননুমোদিত প্ৰৱেশাধিকাৰ আদিক সূচায়।
  • বিত্ত-প্ৰযুক্তিজনিত জালিয়াতি (Fintech Fraud) : বিত্তীয় লেনদেন বা সেৱাৰ সৈতে জড়িত অপৰাধ কেলেংকাৰী।
  • শিশু শোষণ (Child Exploitation) : ই হৈছে অল্প-বয়সীয়া ল ‘ৰা-ছোৱালীক লক্ষ্য কৰি সংঘটিত ডিজিটেল অপব্যৱহাৰ বা ক্ষতিকাৰক সমল।
  • চাইবাৰ চোৰাংচোৱা (Cyber Espionage) : ই ৰাজনৈতিক বা অৰ্থনৈতিক লাভৰ বাবে অননুমোদিত প্ৰৱেশাধিকাৰক সূচায়।

চাইবাৰ অপৰাধ এক অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যুঁজ দিয়া আৰু অনুসন্ধানকাৰীৰ ক্ষমতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ অসম আৰক্ষীয়ে ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰ (Indian Cyber Crime Coordination)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে শেহতীয়াকৈ অসমত গৃহীত ব্যৱস্থা

১. আন্তঃগাঁথনি উন্নয়নঃ

  • ভাৰত চৰকাৰৰ পুঁজিৰে অসমত এক আঞ্চলিক চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (Regional Cyber Crime Coordination Centre) স্থাপন কৰা হৈছে।
  • চিআইডি-ৰ মুখ্য কাৰ্যালয় (CID headquarters) আৰু গুৱাহাটী চহৰত চাইবাৰ ক্ৰাইম আৰক্ষী থানা (Cybercrime police stations) স্থাপন কৰা হৈছে, লগতে ডিব্ৰুগড় আৰু শিলচৰত অতিৰিক্ত থানা স্থাপন কৰা হৈছে।
  • অপৰাধৰ প্ৰতিবেদন আৰু সঁহাৰি বৃদ্ধি কৰিবলৈ প্ৰতিখন জিলাত চাইবাৰ ক্ৰাইম আৰক্ষী থানা সৃষ্টিৰ পৰিকল্পনা চলি আছে।

২. চাইবাৰ ক্ৰাইম সম্বন্ধীয় পদক্ষেপ :

  • অসম আৰক্ষীয়ে চাইবাৰ টিপলাইন (Cyber Tipline) আৰু ১৯৩০ প্ৰচেষ্টা (1930 Initiative) ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে, যিয়ে চাইবাৰ অপৰাধৰ প্ৰতিবেদন আৰু সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  • চাইবাৰ চাইল্ড পৰ্ণ’গ্ৰাফী আৰু অন্যান্য ধৰণৰ চাইবাৰ অপৰাধৰ মোকাবিলা কৰাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।
  • পৰম্পৰাগত মাধ্যম আৰু সামাজিক যোগাযোগ মাধ্যমৰ বিভিন্ন মঞ্চৰ জৰিয়তে এক ব্যাপক সজাগতা অভিযান চলোৱা হৈছে।

৩. তদন্ত আৰু ফৰেনচিক্স (Investigation and Forensics) : 

  • দক্ষতা বৃদ্ধিৰ বাবে অসম আৰক্ষীৰ তদন্ত শাখাক আইন বলৱৎকৰত দায়িত্বৰ পৰা পৃথক কৰা হৈছে।
  • গান্ধী নগৰৰ নেচনেল ফৰেনচিক চায়েঞ্চছ ইউনিভাৰ্চিটি (National Forensic Sciences University (NFSU))ত প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ অপৰাধ দৃশ্য বিষয়াসকলক (Specialized Crime Scene Officers) বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহ নিশ্চিত কৰিবলৈ প্ৰতিখন আৰক্ষী থানাতে নিযুক্তি দিয়া হৈছে।
  • কেৱল চাইবাৰ ক্ৰাইম অপৰাধৰ তদন্তৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰতিখন জিলাত এজন অতিৰিক্ত আৰক্ষী অধীক্ষক (SP) নিয়োগ কৰা হৈছে।
  • সামগ্ৰিক তদন্ত প্ৰক্ৰিয়াটো উন্নত কৰিবলৈ ফৰেনচিক ক্ষমতা শক্তিশালী কৰা হৈছে।

৪. আইনী সহায় (Legal Support) :

  • চিআইডি, নিৰীক্ষণ আৰু দুৰ্নীতি নিবাৰক সংস্থা (Vigilance, and Anti-Corruption Bureau) দৰে সংস্থাৰ জৰিয়তে অসম আৰক্ষীৰ বাবে আইনী পৰামৰ্শদাতা উপলব্ধ কৰোৱা হৈছে।
  • জিলা পৰ্যায়ত, চৰকাৰী অধিবক্তা আৰু ৰাজহুৱা অধিবক্তাৰ সহায়ত জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা আইনী সহায় প্ৰদান কৰা হয়।

বৰ্ধিত চাইবাৰ অপৰাধজনিত উদ্বেগৰ সৈতে, অসম আৰক্ষীয়ে এই অপৰাধসমূহ কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু দক্ষতা নিৰ্মাণত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। সমৰ্পিত চাইবাৰ অপৰাধ আৰক্ষী থানা, বিশেষ ফৰেনচিক সমৰ্থন, আৰু জনসচেতনতা অভিযানৰ জৰিয়তে অসমে ডিজিটেল অপৰাধৰ বৰ্ধিত ভাবুকিৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰি তুলিছে।

Leave a Reply