চ্যু-কা-ফাৰ লোকপ্ৰবাদ আৰু মৈদাম ঐতিহ্য
Siu-Ka-Pha’s Legacy and Moidam Heritage

১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত চ্যু-কা-ফাৰ আগমণে মুং-ডুন-ছুন-খাম (Mong Dun Sun Kham)(বৰ্তমানৰ অসম)ৰ ভেঁটি স্থাপন কৰিছিল। সেই দিনটো আছিল ডিন-চিঙ(Din Ching)ৰ প্ৰথম দিন (১৬ আঘোণ, ২ ডিচেম্বৰ)। তেওঁৰ নেতৃত্ব আৰু নীতিয়ে অঞ্চলটোৰ ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছিল।

মূল অৱদান আৰু উত্তৰাধিকাৰ

ৰাজনৈতিক সংহতি

  • চ্যু-কা-ফাৰ নেতৃত্বত আহোম শাসনৰ অধীনত ভূঞা, কছাৰী, চুতীয়া, মৰাণ আৰু বৰাহীৰ দৰে বিভিন্ন সম্প্ৰদায়ক একত্ৰিত কৰি খণ্ডিত ব্ৰহ্মপুত্ৰ উপত্যকাক একত্ৰিত কৰিছিল।
  • পূৰ্বতে বহধাবিভক্ত এই অঞ্চলত ৰাজনৈতিক সুস্থিৰতা নিশ্চিত কৰি ‘বৰ অসম’ (বৃহত্তৰ অসম) প্ৰতিষ্ঠা কৰিছিল।
  • ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউ সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। সময়ৰ সোঁতত চৰাইদেউ অসমীয়া একতাৰ প্ৰতীক হৈ পৰিছিল।

সাংস্কৃতিক অৱদান

  • চ্যু-কা-ফাৰ শাসনকালত মৈদাম সমাধিস্থল ব্যৱস্থা, ৰাজকীয় দেৱতা পূজা (চুম-ফা-ৰুং-চেং-মং (Chum-Pha-Rung-Seng-Mong) বা চোমদেও) আৰু চকলাং বিবাহ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।
  • প্ৰতি বছৰে ৩১ জানুৱাৰীত পালন কৰা মে-ডাম-মে-ফিৰ (Me-Dam-Me-Phi) দৰে পূৰ্বপুৰুষৰ উপাসনাৰ পৰম্পৰা গঢ় দিয়া হৈছিল।
  • স্থানীয় ভাষা, ধৰ্ম আৰু ৰীতি-নীতি গ্ৰহণ কৰা, সম্প্ৰদায়সমূহৰ মাজত একতা গঢ়ি তোলাৰ জৰিয়তে চ্যু-কা-ফা জাতিগত আৰু সাংস্কৃতিক একত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ঐতিহাসিক আৰু সাহিত্যিক অৱদান

  • চিৰিং আৰু বাইলুং পণ্ডিত আৰু লিক-ৰাই (lik-rai) (ৰাজকীয় পুথি)ক টাই ভাষাত ঘটনাসমূহ নথিভুক্ত কৰিবলৈ নিয়োগ কৰাৰে পৰা বুৰঞ্জী লিখাৰ পৰম্পৰা আৰম্ভ কৰিছিল।
  • সময়ৰ লগে লগে, অসমীয়া ভাষা আহোম বুৰঞ্জী লিখনৰ মাধ্যম হৈ পৰিছিল। ই অঞ্চলটোৰ বৌদ্ধিক উত্তৰাধিকাৰক গঢ় দিছিল।

কৃষি আৰু অৰ্থনৈতিক উন্নয়ন

  • জল-সংপৃক্ত-ধান খেতিৰ জৰিয়তে কৃষিকাৰ্যত বৈপ্লৱিক পৰিৱৰ্তন ঘটিছিল। ফলত শালিধান আৰু বৰাধানৰ দৰে উচ্চ উৎপাদনশীল ধান-প্ৰকাৰৰ খেতি হৈছিল।
  • ৰাজ্যিক মালিকানাধীন আৰু ৰাজ্যিক পৰিচালিত পামৰ ধাৰণাটো চ্যু-কা-ফাই প্ৰৱৰ্তন কৰিছিল। তেওঁ এনে তিনিখন খাত-পাম স্থাপন কৰিছিল – আংগেৰা খাত, গছিকলা খাত, আৰু বৰাখোৱা খাত। এই তিনিখন খায় এতিয়াও চৰাইদেউত আছে।

সামাজিক সম্প্রীতি আৰু সমতা

  • জাতি, ধৰ্ম বা ভাষা নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিসকলক চৰকাৰী পদবী আৰু পদ প্ৰদান কৰি পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ প্ৰসাৰ কৰা হৈছিল।
  • সমতা আৰু একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, চ্যু-কা-ফাই সম্প্ৰতি দৃশ্যমাশ একত্ৰিত অসমীয়া পৰিচয়ৰ ভেঁটি স্থাপন কৰিছিল।

ধৰ্মীয় আৰু আধ্যাত্মিক ঐতিহ্য

  • চৰাইদেউক আহোম আধ্যাত্মিকতাৰ এক পৱিত্ৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। চৰাইদেউত স্বৰ্গদেউ, কুঁৱৰী সহিতে ৰাজপৰিয়ালৰ লোকসকলক, ডা-ডাঙৰীয়াসকলক মৈদাম দিয়া হৈছিল। ২০২৪ চনত চৰাইদেউ মৈদামস্থলীয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে।

আধুনিক প্রাসঙ্গিকতা

  • চ্যু-কা-ফাই পাটকাই পাৰ হৈ অসমত প্ৰৱেশ কৰা বাটৰ আঁত ধৰিয়েই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ষ্টিলৱেল ৰোড সাজি উলিওৱা হৈছিল। উত্তৰ-পূব ভাৰতেৰে দক্ষিণ-পূব এছিয়াত প্ৰৱেশ কৰিব পৰা এই পথটো ভাৰতৰ এক্ট ইষ্ট নীতিৰ (Act East Policy) অধীনত বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ এক সম্ভাৱ্য প্ৰৱেশদ্বাৰ।
  • চ্যু-কা-ফাৰ আগমনক স্মৰণ কৰি আৰু তেওঁৰ একতা আৰু একত্ৰীকৰণৰ আদৰ্শক সন্মান জনাই ২ ডিচেম্বৰক অসম দিৱস হিচাপে পালন কৰা হয়।

সমসাময়িক সময়ত চ্যু-কা-ফাৰ গুৰুত্ব

  • চ্যু-কা-ফাৰ সাংস্কৃতিক একত্ৰীকৰণ আৰু অন্তৰ্ভুক্তিৰ নীতি বৈচিত্ৰ্যৰ মাজত একতাৰ বাবে এক আদৰ্শ হৈ ৰৈছে।
  • তেওঁৰ পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ দৰ্শনে আধুনিক শাসন আৰু সামাজিক সম্প্রীতিক অনুপ্ৰাণিত কৰি আহিছে।

চ্যু-কা-ফাৰ একত্ৰীকৰণ, সাংস্কৃতিক একত্ৰীকৰণ আৰু আৰ্থ-সামাজিক উন্নয়নৰ উত্তৰাধিকাৰে অসমৰ ইতিহাস আৰু পৰিচয়ক গঢ় দিছিল। তেওঁৰ প্ৰাসংগিকতা আজিও অব্যাহত আছে। ই আমাক এক সংহত সমাজৰ বাবে অত্যাৱশ্যকীয় একতা, সমতা আৰু পাৰস্পৰিক সন্মানৰ মূল্যবোধৰ কথা মনত পেলাই দিয়ে।

Leave a Reply