- ছেনছেক্স (সংবেদনশীল সূচক) (Sensitive Index)
- ব’ম্বে ষ্টক এক্সচেঞ্জ (Bombay Stock Exchange- BSE)ক প্ৰতিনিধিত্ব কৰে
- ই হৈছে ব’ম্বে ষ্টক এক্সচেঞ্জৰ ৩০টা সৰ্ববৃহৎ আৰু সক্ৰিয় ব্যৱসায়িক ষ্টকৰে গঠিত এক বজাৰ সূচক।
- ই ভাৰতীয় শ্বেয়াৰ বজাৰৰ সামগ্ৰিক প্ৰদৰ্শন আৰু স্বাস্থ্যৰ সূচক হিচাপে কাম কৰে।
- নিফটি (নেচনেল ষ্টক এক্সচেঞ্জ ফিফ্টি) (National Stock Exchange Fifty) -এ
- ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ (National Stock Exchange Fifty – NSE)ক প্ৰতিনিধিত্ব কৰে।
- ইয়াত বিভিন্ন খণ্ডৰ মষ্ট লিকুইড (most liquid) আৰু লাৰ্জ-কেপ ষ্টক (large-cap stocks) ৫০ টা আছে।
- ই বিস্তৃত বজাৰৰ প্ৰৱণতাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে আৰু মিউচুৱেল ফাণ্ড (mutual funds) আৰু ইনডেক্স-আধাৰিত (index-based) বিনিয়োগৰ বাবে এক মানদণ্ড হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।
নিয়মাৱলীঃ
- ভাৰতীয় প্রতিভূতি আৰু বিনিময় পৰিষদ (ছেবি)-এ (Securities and Exchange Board of India (SEBI)) প্রতিভূতি চুক্তি (নিয়ন্ত্ৰণ) আইন (Securities Contracts (Regulation) Act (SCRA))ৰ অধীনত বিনিময়সমূহক স্বীকৃতি আৰু তত্বাৱধান কৰিবলৈ ক্ষমতা প্ৰদান কৰি শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰে।
মূল নিয়ামক আইনসমূহঃ
- ছেবি আইন, ১৯৯২ (SEBI Act) : বিনিয়োগকাৰীসকলক সুৰক্ষিত কৰা, বজাৰৰ বিকাশৰ প্ৰসাৰ কৰা আৰু প্রতিভূতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ছেবিৰ ভূমিকা স্থাপন কৰে।
- প্রতিভূতি চুক্তি (নিয়ন্ত্ৰণ) আইন, ১৯৫৬ (SCRA) : ই প্রতিভূতিৰ তালিকাভুক্তিকৰণ, ব্যৱসায় আৰু দালালৰ নিয়ন্ত্ৰণকে ধৰি প্রতিভূতি চুক্তি নিয়ন্ত্ৰণ কৰে।
- কোম্পানী আইন, ২০১৩ (Companies Act) : এই আইনখন কোম্পানী সংযোজন, ব্যৱস্থাপনা, আৰু প্রতিভূতি জাৰীৰ নিয়ামক ৰূপৰেখা।
- ডিপজিট্ৰী আইন (Depositories Act), ১৯৯৬ : ই ডিপজিট্ৰীবোৰ (depositories) নিয়ন্ত্ৰণ কৰে, ডিমেটৰিয়েলাইজেচন (dematerialization) আৰু প্রতিভূতিৰ ইলেক্ট্ৰনিক স্থানান্তৰ (electronic transfer of securities)ৰ অনুমতি দিয়ে।
- ইনচাইডাৰ ট্ৰেডিং নিয়মাৱলী (Insider Trading Regulations), ২০১৫ : এই নিয়মাৱলীয়ে ইনচাইডাৰ ট্ৰেডিং নিষিদ্ধকৰণ, পৰিচালনা ক ‘ড, প্ৰকাশ প্ৰক্ৰিয়া আৰু জৰিমনাৰ বিশদ বিৱৰণ আগবঢ়ায়।
ভাৰতীয় প্রতিভূতি আৰু বিনিময় পৰিষদ (ছেবি) ৰ দৰে নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা পৰিচালিত ছেনছেক্স আৰু নিফ্টি-য়ে ভাৰতৰ অৰ্থনৈতিক স্পন্দনৰ এক নিৰ্ভৰযোগ্য প্ৰতিফলন প্ৰদান কৰে। ছেবি আইন, ১৯৯২ আৰু প্রতিভূতি চুক্তি (নিয়ন্ত্ৰণ) আইনত উল্লিখিত নিয়মাৱলীৰ জৰিয়তে, বিনিয়োগকাৰীসকলৰ বাবে ষ্টক বজাৰসমূহে অখণ্ডতা, স্বচ্ছতা আৰু সুৰক্ষাৰে কাৰ্য সম্পাদন কৰাটো নিশ্চিত কৰা হয়। এই সূচকসমূহ আৰু নিয়ামক পৰিকাঠামোৱে একেলগে ভাৰতৰ গতিশীল বিত্তীয় বজাৰৰ মেৰুদণ্ড গঠন কৰে।