- দলত্যাগ বিৰোধী আইনৰ লক্ষ্য হৈছে সংসদৰ ব্যক্তিগত সদস্য (সাংসদ) আৰু বিধান সভাৰ সদস্যসকলক (বিধায়ক) নিৰ্বাচিত হোৱাৰ পিছত দল সলনি কৰাত বাধা দিয়া।
- বিধায়কসকলক দল সলনি কৰাৰ পৰা নিৰুৎসাহিত কৰি ৰাজনৈতিক সুস্থিৰতা বৃদ্ধি কৰিবলৈ ১৯৮৫ চনত ৫২তম্ সংবিধান সংশোধনী আইনৰ জৰিয়তে ইয়াক দশম অনুসূচী হিচাপে সংবিধানত যোগ কৰা হৈছিল।
- বিশেষকৈ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত বিধায়কসকলৰ সঘন দল পৰিৱৰ্তনৰ ফলত সঘনাই ৰাজ্য চৰকাৰসমূহৰ পতন হোৱাৰ প্ৰতিক্ৰিয়া হিচাপে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল।
দলত্যাগ বিৰোধী আইনৰ মূল ব্যৱস্থাসমূহ
- গোটৰ দলত্যাগ : কোনো ৰাজনৈতিক দলৰ যদি দুই তৃতীয়াংশ সদস্যই আন ৰাজনৈতিক দলৰ সৈতে একত্ৰীকৰণক সমৰ্থন জনায় তেন্তে জৰিমনা অবিহনে সাংসদ/বিধায়কসকলক আন এটা দলৰ সৈতে একত্ৰিত হোৱাৰ অনুমতি দিয়া হয় (২০০৩ চনৰ ৯১ তম্ সংবিধান সংশোধনী আইন অনুসৰি)। পূৰ্বে, এইক্ষেত্ৰত এক তৃতীয়াংশ সমৰ্থন পৰ্যাপ্ত আছিল।
- অযোগ্যতা-পৰৱৰ্তী নিৰ্বাচন : দলত্যাগ-বিৰোধী আইনৰ অধীনত অযোগ্য বিবেচিত সদস্যসকলে একেটা সদনৰ আসনৰ বাবে যিকোনো দলৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
- দলত্যাগৰ সিদ্ধান্তঃ অধ্যক্ষ/সভাপতিয়ে ন্যায়িক পুনৰীক্ষণ সাপেক্ষে বিধায়িনী পদত অযোগ্যতাৰ গোচৰৰ সিদ্ধান্ত গ্ৰহণ কৰে, কিন্তু এই সিদ্ধান্তৰ বাবে কোনো সময়সীমা নিৰ্দিষ্ট কৰা হোৱা নাই।
দলত্যাগৰ কাৰণসমূহঃ
- স্বেচ্ছামূলক পদত্যাগঃ স্বেচ্ছাই দল ত্যাগ কৰা।
- দলীয় নিৰ্দেশনাৰ বিৰুদ্ধে ভোটদানঃ পূৰ্ব অনুমতি অবিহনে দলীয় নিৰ্দেশনাৰ বিপৰীতে বিধানমণ্ডলৰ কাৰ্যপ্ৰক্ৰিয়াত ভোটদান কৰা বা ভোটদানৰ পৰা বিৰত থকা।
- স্বতন্ত্ৰ সদস্যঃ নিৰ্বাচনৰ পিছত নিৰ্দলীয় সদস্যসকলে কোনো ৰাজনৈতিক দলত যোগদান কৰা।
- মনোনীত সদস্যঃ বিধায়িনী সদস্য পদত মনোনয়নৰ ছয় মাহৰ পিছত একোটা ৰাজনৈতিক দলত যোগদান কৰা।
ৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাত দলত্যাগৰ প্ৰভাৱ
- জনাদেশসমূহ ধ্বংস কৰাঃ কোনো বিধায়িনী সদস্যই মন্ত্ৰী পদ বা আৰ্থিক লাভৰ বাবে দলসমূহ ৰদল-বদল কৰাৰ ফলত নিৰ্বাচনী জনাদেশসমূহ দুৰ্বল হৈ পৰে।
- চৰকাৰৰ অস্থিৰতাঃ সঘনাই দলত্যাগৰ ফলত প্ৰশাসনিক অস্থিৰতাৰ সৃষ্টি হয়, যিটো ১৯৬০-ৰ দশকত দেখা গৈছিল। (“আয়া ৰাম, গয়া ৰাম”ৰ যুগ).
- হৰ্ছ -ট্ৰেডিং (Horse-Trading)ৰ প্ৰচাৰঃ দলত্যাগৰ ফলত বিধায়িনী সদস্যসকল অনৈতিকভাৱে দৰদাম কৰাত উৎসাহিত হয়, যিয়ে গণতান্ত্ৰিক নীতিৰ বিৰোধিতা কৰে।
দলত্যাগ বিৰোধী আইনৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ
- একত্ৰীকৰণ দফাঃ দল একত্ৰীকৰণৰ বাবে দুই তৃতীয়াংশ সমৰ্থনৰ প্ৰয়োজন কিন্তু ই ৰাষ্ট্ৰীয় বা আঞ্চলিক পৰ্যায়ত প্ৰযোজ্য হয় নে নাই তাৰ ওপৰত স্পষ্টতাৰ অভাৱ।
- গণতন্ত্ৰত আঘাত : সাংসদ/বিধায়কসকল দলীয় নিৰ্দেশনাৰ দ্বাৰা আবদ্ধ হোৱাৰ ইংগিতে বিধায়িনী সদস্যৰ স্বতন্ত্ৰ বিচাৰকৰণক সীমিত কৰে আৰু তেওঁলোকৰ দায়বদ্ধতাক দুৰ্বল কৰে।
- অধ্যক্ষৰ ভূমিকাঃ দলত্যাগৰ গোচৰৰ ওপৰত অধ্যক্ষৰ সিদ্ধান্তৰ বাবে কোনো নিৰ্দিষ্ট সময়সীমা নাই, যাৰ ফলত বহুক্ষেত্ৰত বিলম্ব আৰু অসঙ্গতিপূৰ্ণ ফলাফলে দেখা দিয়ে।
- বিভাজনৰ কোনো স্বীকৃতি নাইঃ ৯১ তম্ সংবিধান সংশোধনীয়ে একত্ৰীকৰণক স্বীকাৰ কৰি দলীয় বিভাজনৰ পৰিৱৰ্তে, কেৱল বৃহৎ পৰিমাণৰ দলত্যাগৰ অনুমতি দিয়ে।
- বিতৰ্কৰ সীমাবদ্ধতা : মুকলি বিতৰ্কত দলৰ আনুগত্যৰ ওপৰত গুৰুত্ব দিয়া, ভিন্নমত আৰু দলত্যাগৰ মাজত পৃথকীকৰণ কৰাত দেখা দিয়া ব্যৰ্থতাই সংসদীয় আলোচনা দুৰ্বল কৰে।
সম্ভাৱ্য কাৰ্যপন্থা :
- পৰিসৰ সীমিতকৰণ : দলত্যাগ বিৰোধী আইন কেৱল চৰকাৰৰ সুস্থিৰতাক প্ৰভাৱিত কৰা ভোটৰ ক্ষেত্ৰত, যেনে বাজেট অনুমোদন বা অনাস্থা প্ৰস্তাৱৰ প্ৰসংগত প্ৰয়োগ কৰা উচিত।
- সিদ্ধান্ত গ্ৰহণকাৰী কৰ্তৃপক্ষৰ পৰিৱৰ্তন : এন.চি.আৰ.ডব্লিউ. চি.(NCRWC)ৰ পৰামৰ্শ অনুসৰি, নিৰ্বাচন আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি অযোগ্যতা নিৰ্ধাৰণৰ সিদ্ধান্ত অধিষ্ঠাতা প্ৰাধিকাৰীৰ পৰা ৰাষ্ট্ৰপতি (সাংসদসকলৰ বাবে) বা ৰাজ্যপাল (বিধায়কসকলৰ বাবে) লৈ স্থানান্তৰ কৰা।
- নিৰপেক্ষতাৰ নিশ্চিতকৰণ : ন্যায়াধীশ বাৰ্মাই হলোহনৰ ৰায়দানত (Hollohan’s judgment) আলোকপাত কৰিছিল যে সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল অধ্যক্ষৰ নিৰপেক্ষ বিচাৰৰ বাবে প্ৰয়োজনীয় স্বতন্ত্ৰতাৰ অভাৱ।