দীপৰ বিল
Deepor Beel

দীপৰ বিল

  • অৱস্থানঃ অসমৰ কামৰূপ জিলাত অৱস্থিত দীপৰ বিল এক স্থায়ী সতেজ পানীৰ হ্ৰদ আৰু পক্ষী অভয়াৰণ্য।
  • ভৌগোলিক গুৰুত্বঃ
    • ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বৰ এটা সুঁতিত এখন নদী-সৃষ্ট আৰ্দ্ৰভূমি হিচাপে দীপৰ বিল গঠিত হৈছিল।
    • ই ব্ৰহ্মপুত্ৰৰ মূল জলপথৰ দক্ষিণে অৱস্থিত।
  • ৰামছাৰ স্থান (Ramsar Site) :
    • অসমৰ একমাত্ৰ স্থান হিচাপে দীপৰ বিল ২০০২ চনত ৰামছাৰ স্থান হিচাপে মনোনীত হৈছিল।
    • ই বিভিন্ন জলজ জীৱন আৰু ২১৯ টা পক্ষী-প্ৰজাতিৰ আশ্ৰয়স্থল।
  • পক্ষী অভয়াৰণ্যঃ
    • বিশেষকৈ শীতকালত পৰিভ্ৰমী চৰাইবোৰৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চস্থল।
    • ঢেৰা (Spot-billed Pelican), বৰটোকোলা (Lesser Adjutant Stork), হাড়গিলা (Greater Adjutant Stork) আৰু ৰঙা-টুপীমুৰীয়া হাঁহৰ (Baer’s Pochard) দৰে বিশ্বব্যাপী বিপদাপন্ন প্ৰজাতিৰ বাসস্থান।
  • অৰ্থনৈতিক গুৰুত্বঃ
    • দীপৰ বিলত পোৱা ৫০বিধ মৎস্য প্ৰজাতিয়ে চাৰিওফালৰ গাঁওসমূহক জীৱিকা প্ৰদান কৰে।
    • পদুমৰ চকা, ফুল, আলংকাৰিক মাছ, ঔষধি উদ্ভিদ, আৰু ভেঁট (Euryale ferox) ৰ বীজৰ পৰা স্থানীয় ৰাজহ আহৰিত হয়।
  • পাৰিপাৰ্শ্বিক সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) :
    • ইয়াৰ পৰিৱেশগত গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২১ চনত পৰিৱেশ মন্ত্ৰালয়ে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিছিল।

দীপৰ বিললৈ অহা ভাবুকিসমূহ :

  • অবৈধ আৱৰ্জনা নিষ্কাশন :
    • দীপৰ বিল আৰ্দ্ৰভূমিৰ ওচৰত অৱস্থিত বৰাগাওঁ ডাম্পিং ছাইটত (Boragaon dumping site) গুৱাহাটী পৌৰ নিগমৰ (Guwahati Municipal Corporation (GMC)) দ্বাৰা অনিয়ন্ত্ৰিত আৱৰ্জনা নিষ্কাশন হৈ আহিছে।
    • ই ৰাষ্ট্ৰীয় সেউজ ন্যাধিকৰণ (National Green Tribunal (NGT)) ৰ নিৰ্দেশনা উলংঘন কৰিছে আৰু চিৰস্থায়ীভাৱে জ্বলন্ত আৱৰ্জনাৰ দমৰ সৃষ্টি হৈছে।
  • নলা-নৰ্দমাৰ প্ৰদূষণঃ
    • মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীৰ পৰা দীপৰ বিললৈ নলা-দূষিত পানী নিষ্কাশন হয়।
  • ৰে’লৱে প্ৰকল্পঃ
    • দীপৰ বিলৰ কাষত আৰু ৰাণী-গড়ভাঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে আজাৰাৰ পৰা তেতেলীয়ালৈ প্ৰস্তাৱিত ৰে’লপথে জৈৱ বৈচিত্ৰ্য আৰু স্থানীয় সম্প্ৰদায়লৈ ভাবুকি নমাই আনিছে।
  • জল প্ৰদূষণঃ
    • অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ (Pollution Control Board Assam (PCBA))-এ জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদা (biochemical oxygen demand (BOD)) ৰ মাত্ৰা অনুমোদিত সীমা (৩.০ মিলিগ্ৰাম/লিটাৰ)-ৰ উৰ্ধ্বত পোৱাটোৱে পানীৰ গুৰুতৰ প্ৰদূষণৰ ইংগিত দিয়ে।
  • ধুমুহা-জল প্ৰবাহঃ
    • ভূপৃষ্ঠ আৰু ধুমুহা বৰষুণৰ ফলত বৈ অহা লোৰসমূহৰ জৰিয়তে প্ৰদূষকবোৰে দীপৰ বিলত প্ৰৱেশ কৰে।
  • কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ নিয়মাৱলীৰ আওকাণ :
    • আৱৰ্জনা প্ৰজ্বলন আৰু বৃক্ষৰোপণ বাফাৰ জ’নৰ নিৰ্দেশনা পালন নকৰাকৈ দৈনিক ১৫০ টন কঠিন আৱৰ্জনাৰ নিষ্কাশনৰ সীমা উলংঘন কৰা হৈছে।
  • নিৰীক্ষণ আৰু চিকিৎসাৰ অভাৱঃ
    • ভূগৰ্ভস্থ পানীৰ গুণগত মানৰ সঠিক নিৰীক্ষণ বা আৰ্দ্ৰভূমিলৈ নিষ্কাশিত দূষিত পানীৰ শোধন হোৱা নাই।
  • গোন্ধ আৰু বায়ু প্ৰদূষণঃ
    • জ্বলন্ত আৱৰ্জনা নিষ্কাষণ স্থানৰ পৰা নিৰ্গত অবিৰত দুৰ্গন্ধ আৰু ক্ষতিকাৰক বায়ুৰ মানদণ্ডই জলাহভূমি আৰু কাষৰীয়া বাসিন্দাসকলক প্ৰভাৱিত কৰে।
  • বিকেন্দ্ৰীকৃত আৱৰ্জনা ব্যৱস্থাপনা ব্যৰ্থতাঃ
    • যদিও গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা নিষ্কাশনৰ বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ আগবঢ়াইছিল, তথাপিও দীপোৰ বিলত আৱৰ্জনা নিষ্কাষণ অব্যাহত আছে। ফলত প্ৰদূষণৰ মাত্ৰা নিৰন্তৰ বৃদ্ধি পাইছে।
  • জৈৱ বৈচিত্ৰ্যৰ ক্ষতিঃ
    • এনেধৰণৰ সংহত ভাবুকিৰ ফলত দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যত গুৰুতৰ প্ৰভাৱ পৰে। এনে বিৰূপ কাৰ্যকলাপসমূহে জলজ জীৱন, পক্ষী-প্ৰজাতি আৰু চাৰিওফালৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতিসাধন কৰে।

দীপৰ বিলৰ বাবে শেহতীয়া চৰকাৰী পদক্ষেপসমূহ

  • বৰগাঁও ডাম্প স্থানান্তৰঃ আৰ্দ্ৰভূমিৰ পৰা আবৰ্জনা ডাম্পিং আঁতৰ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
  • অৱক্ষেপণ আঁতৰোৱা (De-silting) আৰু পয়ঃপ্ৰণালী (gully) নিয়ন্ত্ৰণঃ পলস আৰু অৱক্ষেপৰ প্ৰৱাহ হ্ৰাস কৰাৰ ব্যৱস্থা প্ৰয়োগ কৰা।
  • অপতৃণ ব্যৱস্থাপনাঃ পানী-মেটেকাৰ দৰে আক্ৰমণাত্মক প্ৰজাতি (invasive species) আঁতৰ কৰা।
  • বৃক্ষৰোপণঃ পৰিৱেশৰ ভাৰসাম্য পুনৰুদ্ধাৰৰ বাবে ৩ হেক্টৰ এলেকাত পুনৰ্বননীকৰণ প্ৰচেষ্টা অৱলম্বন কৰা।
  • পানীৰ গুণগত মান নিৰীক্ষণঃ জল-প্ৰৱেশিকা সুঁতি আৰু নিৰ্গমণ সুঁতিসমূহত জলৰ নিয়মীয়া মূল্যায়ন কৰা উচিত।
  • সামূহিক সম্পৰ্কঃ স্থানীয় লোকসকলৰ বাবে সামৰ্থ্য-নিৰ্মাণ কৰ্মশালা আৰু জীৱিকাৰ বিকল্প প্ৰদান কৰা।
  • পৰ্যটনৰ প্ৰসাৰঃ পৰিৱেশ-পৰ্যটনৰ কাৰ্যকলাপবোৰ স্থায়ীভাৱে সুবিন্যস্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা।
  • আন্তঃগাঁথনি উন্নয়নঃ পক্ষী-পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে পৰ্যবেক্ষণ-স্তম্ভ নিৰ্মাণ কৰা।
  • সংহত ব্যৱস্থাপনা পদ্ধতিঃ চৰকাৰ, স্থানীয় লোক আৰু বেচৰকাৰী সংগঠনসমূহক জড়িত কৰি সহযোগিতামূলক প্ৰচেষ্টা গ্ৰহণ কৰা।
  • মিছন লাইফ (Mission LiFE) : স্থানীয় সম্প্ৰদায়ৰ মাজত পৰিৱেশ-অনুকূল জীৱন যাপন অনুশীলনৰ প্ৰসাৰ কৰা।

Leave a Reply