ভাৰতৰ উচ্চতম ন্যায়ালয়ে পৰম্পৰা ভংগ কৰি মহিলা ন্যায়াধীশ প্ৰতিমূৰ্তিৰ এক নৱ সংস্কৰণ উন্মোচন কৰিছে।
আইনী ব্যৱস্থাত মহিলা ন্যায় প্ৰতিমূৰ্তি উৎপত্তি আৰু প্ৰতীক কি কি ?
মহিলা ন্যায় প্ৰতিমূৰ্তিৰ উৎপত্তি আৰু প্ৰতীকসমূহঃ
- পৰিচয়ঃ ৰোমান সম্ৰাট অগাস্টাছ (Augustus)এ সৰ্বপ্ৰথম প্ৰৱৰ্তন কৰা মহিলা ন্যায়বিচাৰ প্ৰতিমূৰ্তি পৰৱৰ্তী সময়ত আইনী ব্যৱস্থাত ন্যায়ৰ এক ৰূপক হৈ পৰিছিল।
- পৰম্পৰাগত চিহ্নসমূহঃ
-
- মাপনী (Scale) : ই বাদী-বিবাদী উভয়পক্ষৰ পৰা ওজনৰ প্ৰমাণ প্ৰতীক।
- পটি বন্ধা চকু (Blindfold) : ইয়াক ষোড়শ শতিকাত প্ৰথমতে ব্যংগাত্মক ভাৱে মূৰ্তিটোত সংযোগ কৰা হৈছিল, কিন্তু ই পিছলৈ ন্যায়িক (আইনী) নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিছিল।
- তুলাচনী (Toga) : ই গ্ৰেকো-ৰোমান জগতৰ দাৰ্শনিক আদৰ্শসমূহ প্ৰতিফলিত কৰে।
- তৰোৱাল (Sword) : ই কৰ্তৃত্ব আৰু শক্তিক সূচায়, যদিও আধুনিক ব্যাখ্যাসমূহে ইয়াক হিংসাৰ প্ৰতীক হিচাপে দেখে।
সাংস্কৃতিক বিবর্তনঃ বিভিন্ন সংস্কৃতিয়ে সময়ৰ লগে লগে ন্যায়ৰ মহিলা প্ৰতিমূৰ্তিৰ প্ৰতীকবাদক অভিযোজিত কৰিছে।
সদ্য উন্মোচিত মহিলা ন্যায়িক প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত কি কি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰোৱা হৈছিল?
- চকুৰ আৱৰণ (পটি) আঁতৰোৱাঃ
- পৰম্পৰাগত চকুৰ আৱৰণ (পটি) আঁতৰোৱা হৈছে
- এই পৰিৱৰ্তনে সূচায় যে “আইন অন্ধ নহয়” (law is not blind) বৰঞ্চ “আইনে সকলোকে সমানভাৱে নিৰীক্ষণ কৰে ” (sees everyone equally)
- ই ন্যায় অন্ধ হোৱা উচিত বুলি ঔপনিৱেশিক ধাৰণাৰ পৰা এক পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে
- তৰোৱাল সলনি কৰাঃ
- প্ৰতিমূৰ্তিত পূৰ্বে সংযোজিত পৰম্পৰাগত ‘তৰোৱাল’খন আঁতৰাই পেলোৱা হৈছে।
- ইয়াক ভাৰতীয় সংবিধানৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হৈছে।
- এই পৰিৱৰ্তনৰ কাৰণসমূহ হ’ল –
১. তৰোৱালক হিংসাৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হয়।
২. সংবিধানে শাস্তিৰ পৰিৱৰ্তে আইনী পৰিকাঠামোৰ জৰিয়তে ন্যায়ক প্ৰতিনিধিত্ব কৰে।
৩. শাস্তিমূলক পদক্ষেপৰ উৰ্ধ্বত সাংবিধানিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
- সাংস্কৃতিক অভিযোজনঃ
- ন্যায়ৰ মূৰ্তিটোত পৰম্পৰাগত পশ্চিমীয়া পোচাকৰ পৰিৱৰ্তে ভাৰতীয় শাৰী অভিযোজিত কৰা হৈছে।
- ই ভাৰতৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিনিধিত্ব কৰে।
- ইয়াক উচ্চতম ন্যায়ালয়ৰ পুথিভঁৰালত স্থাপন কৰা হৈছে
- অপৰিবৰ্তিত উপাদানসমূহঃ
- সোঁ হাতৰ মাপনী সলনি কৰা হোৱা নাই।
১. ইয়াক ন্যায়ত ভাৰসাম্য আৰু নিৰপেক্ষতাৰ প্ৰতীক হিচাপে অব্যাহত ৰখা হৈছে
২. ই দুয়োপক্ষৰ প্ৰমাণৰ ভৰক প্ৰতিনিধিত্ব কৰে।
মহিলা ন্যায়াধীশৰ প্ৰতিমূৰ্তিৰ পৰিৱৰ্তনৰ উদ্দেশ্যঃ
- ঔপনিৱেশিক ঐতিহ্যৰ পৰা আঁতৰি অহা : ব্ৰিটিছ ঔপনিৱেশিক যুগৰ প্ৰতীকৰ পৰা আঁতৰি এক অনন্য ভাৰতীয় আইনী পৰিচয় সৃষ্টি কৰা।
- ন্যায়ৰ পৰিৱৰ্তনশীল ধাৰণাঃ নতুন মহিলা ন্যায় প্ৰতিমূৰ্তিয়ে ন্যায়ৰ ওপৰত আলোকপাত কৰি “সকলোকে সমানভাৱে গণ্য কৰা”, জ্ঞাত সিদ্ধান্ত গ্ৰহণৰ সৈতে শাস্তিমূলক বিধানক সাংবিধানিক ন্যায়লৈ স্থানান্তৰিত কৰে।
- আইনী প্ৰতীকবাদৰ আধুনিকীকৰণঃ ইয়াৰ দ্বাৰা দণ্ডবিধানৰ উৰ্ধ্বত সাংবিধানিক মূল্যবোধৰ ওপৰত গুৰুত্ব দি সমসাময়িক ব্যাখ্যা আৰু ভাৰতৰ বিকশিত আইনী পৰিকাঠামো প্ৰতিফলিত কৰা হৈছে।
- সাংস্কৃতিক প্ৰতিনিধিত্বঃ ভাৰতৰ সাংস্কৃতিক পৰিচয়ক সু-প্ৰতিনিধিত্ব কৰিবলৈ আৰু নাগৰিকসকলৰ বাবে ন্যায়ৰ প্ৰতীকবোৰ অধিক সম্পৰ্কিত কৰিবলৈ ‘শাৰী’ৰ দৰে ভাৰতীয় উপাদানসমূহক অন্তৰ্ভুক্ত কৰা।
নতুন মহিলা ন্যায়াধীশৰ প্ৰতিমূৰ্তিটোৱে ঔপনিৱেশিক প্ৰতীকৰ পৰা আধুনিক আইনী পৰিচয়লৈ ভাৰতৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে, যি শাস্তিৰ উৰ্ধ্বত নিৰপেক্ষতা আৰু সাংবিধানিক ন্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।