ইউ. এন. হেবিটেট (UN-Habitat)-এ জলবায়ু পৰিৱৰ্তনত মহানগৰসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি বিশ্ব মহানগৰ প্ৰতিবেদন ২০২৪ প্ৰকাশ কৰে।
প্ৰতিবেদনৰ মূল ফলাফলসমূহ
- উষ্ণতা বৃদ্ধি
- ২০২৪ চনৰ ভিতৰত প্ৰায় ২ বিলিয়ন মহানাগৰিক বাসিন্দাই ০.৫° চেলছিয়াছ বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব।
- ১৪% মহানগৰে শুষ্ক জলবায়ুৰ সন্মুখীন হ’ব পাৰে; ৯০০ খন মহানগৰত অত্যধিক আৰ্দ্ৰ পৰিস্থিতি পৰিলক্ষিত হ’ব পাৰে।
- সমুদ্ৰ জলস্তৰৰ উত্থান
- ২,০০০ ৰো অধিক উপকূলীয় মহানগৰ (সমুদ্ৰপৃষ্ঠৰ ৫ মিটাৰ উচ্চতাতকৈ নিম্ন উচ্চতাত অৱস্থিত)ত ১.৪ বিলিয়ন লোক অধিক বিপদাশংকাৰ সন্মুখীন হ’ব।
- অসন্তুলিত প্ৰভাৱ
- মহানগৰসমূহে সেউজগৃহ গেছৰ নিৰ্গমনত গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা অধিক জলবায়ৱীয় জোকাৰণি (climate shock) (বানপানী, ঘূৰ্ণীবতাহ)ৰ সন্মুখীন হ’ব।
- বিনিয়োগজনিত ব্যৱধান
- এইক্ষেত্ৰত সংশ্লিষ্ট পদক্ষেপ কাৰ্যকৰীকৰণৰ বাবে আনুমানিক বাৰ্ষিক প্ৰয়োজনীয়তাঃ ৪.৫-৫.৪ ট্ৰিলিয়ন আমেৰিকান ডলাৰ; আনহাতে সাম্প্ৰতিক আবণ্টিত পুঁজিঃ ৮৩১ বিলিয়ন আমেৰিকান ডলাৰ।
- বানপানীৰ সংস্পৰ্শ
- ১৯৭৫ চনৰ পৰা গ্ৰাম্য অঞ্চলতকৈ পৌৰ বানপানীৰ আশংকা ৩.৫ গুণ দ্ৰুতগতিত বৃদ্ধি পাইছে।
- ২০৩০ চনৰ ভিতৰত ৫১৭ নিযুত নগৰবাসী (বিশ্বৰ পৌৰ জনসংখ্যাৰ ১৪%) নদী-সৃষ্ট বানপানীৰ সন্মুখীন হ’ব পাৰে।
- হ্ৰাসমান সেউজ স্থানসমূহ
- পৌৰ সেউজ স্থান ১৯.৫% (১৯৯০) ৰ পৰা ১৩.৯% (২০২০) লৈ হ্ৰাস পাইছে যি পাৰিপাৰ্শ্বিক আৰু সামাজিক প্ৰত্যাহ্বানৰ অৱনতি ঘটাইছে।
- অনানুষ্ঠানিক বসতি আৰু সেউজ সংহতকৰণ
- বস্তি অঞ্চলসমূহে জলবায়ুৰ প্ৰভাৱৰ প্ৰতি বিপদাশংকা বৃদ্ধি কৰে।
- সেউজ জেণ্ট্রিফিকেচনে (Green gentrification) সুবিধাবঞ্চিত সম্প্ৰদায়ক স্থানচ্যুত কৰে।
গোলকীয় উষ্ণতা বৃদ্ধিত পৌৰ অৱদান
- শক্তি ব্যৱহাৰঃ উদ্যোগ, পৰিবহণ আৰু ঘন অট্টালিকাৰ সৈতে জড়িত কাৰ্বন ডাই অক্সাইড নিৰ্গমনৰ ৭১-৭৬% পৌৰ এলেকাৰ পৰা উৎপত্তি ঘটে।
- ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনঃ ২০৫০ চনৰ ভিতৰত পৌৰ বিস্তাৰ তিনিগুণ বৃদ্ধি পাব। ফলত বনাঞ্চল ধ্বংসৰ মাত্ৰা অধিক হৈ পৰিব।
- আৱৰ্জনা উৎপাদনঃ আৱৰ্জনা নিষ্কাষিত ভূমি ক্ষেত্ৰই মিথেন নিঃসৰণ কৰে। মিথেন এক শক্তিশালী সেউজগৃহ গেছ।
- পৌৰ তাপ দ্বীপপুঞ্জ (Urban Heat Islands) : পৌৰ সংৰচনাসমূহে তাপ শোষণ আৰু আবদ্ধ কৰি ৰখাৰ ফলত উষ্ণতাৰ মাত্ৰা বৃদ্ধি পায়।
মহানগৰসমূহত ইয়াৰ প্ৰভাৱ
- গ্ৰীষ্মপ্ৰবাহ (Heatwaves): পৌৰ অৱদানসমূহে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা আগবঢ়োৱাৰ ফলত গ্ৰীষ্মপ্ৰবাহ ঘটনা অধিক তীব্ৰ হৈ উঠিছে। যেনে, ভাৰতত গুৰুতৰ গ্ৰীষ্মপ্ৰবাহ দেখা গৈছে।
- তটীয় বানপানী (Coastal Flooding) : ক্ৰমবৃদ্ধিমান সমুদ্ৰ স্তৰে পৰিৱেশ তন্ত্ৰক ব্যাহত কৰে আৰু উপকূলীয় সম্প্ৰদায়সমূহক স্থানচ্যুত কৰে।
- বনজুইঃ উষ্ণতা বৃদ্ধি আৰু খৰাঙৰ বাবে দীঘলীয়া আৰু তীব্ৰ বনজুই সৃষ্ট ঋতুকালীন সময়কালে বিৰাজমান কৰা পৰিলক্ষিত হয়।
ভৱিষ্যত কাৰ্যপন্থা
- স্থিতিস্থাপক আন্তঃগাঁথনি (Resilient Infrastructure) : সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু জলবায়ৱীয় প্ৰভাৱ সহ্য কৰিবলৈ উপযুক্ত প্ৰণালীৰ আৰ্হি প্ৰস্তুত কৰিব লাগে।
- সেউজ শক্তিঃ ৰাজহুৱা পৰিবহণৰ বিদ্যুতায়ন আৰু বৈদ্যুতিক বাহন নীতি গ্ৰহণ কৰা।
- বহুমাত্ৰিক বিত্তীয় যোগানঃ জলবায়ু ঋণ আৰু সেউজ খত (green bonds)এ পুঁজি যোগানৰ ব্যৱধান দূৰ কৰে।
- পৌৰ কাৰ্বন বৰ্জনাধাৰ (Urban Carbon Sinks) : সেউজীয়া ছাদ, নগৰীয়া অৰণ্য আৰু সঘন নগৰ পৰিকল্পনাত বিনিয়োগ কৰা।
- চক্ৰীয় আৱৰ্জনা ব্যৱস্থাপনা (Circular Waste Management): পুনৰ্ব্যৱহাৰ আৰু সাৰ উৎপাদনৰ প্ৰচাৰ কৰা।
- সামগ্ৰিক সমাজ দৃষ্টিভংগী (Whole-of-Society Approach): অন্তৰ্ভুক্তিমূলক পদক্ষেপৰ বাবে চৰকাৰ আৰু নানা খণ্ডসমূহৰ মাজত সমন্বয় সাধন কৰা।
- স্থানীয় সামৰ্থ্য শক্তিশালীকৰণ: স্থানীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ উপযোগী সমাধান আগবঢ়োৱা প্ৰয়োজন।
প্ৰতিবেদনখনত মহানগৰসমূহে পুঁজি আৰু অন্তৰ্ভুক্তিজনিত প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সমান্তৰালকৈ স্থিতিস্থাপক আন্তঃগাঁথনি, সেউজ শক্তি, আৰু বহনক্ষম নগৰ পৰিকল্পনা গ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।