বীমা খণ্ড
INSURANCE SECTOR

ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ (Insurance Regulatory and Development Authority of India (IRDAI))-ৰ অধ্যক্ষ দেবাশীষ পাণ্ডাই বীমা খণ্ডত ১০০% প্ৰত্যক্ষ বিদেশী বিনিয়োগ ((FDI)) ৰ অনুমতি দিয়াৰ প্ৰস্তাৱ আগবঢ়াই ব্যক্ত কৰে যে ২০২৭ চনৰ ভিতৰত সাৰ্বজনীন বীমা আচ্ছাদন প্ৰাপ্ত কৰিবলৈ যথেষ্ট মূলধনৰ প্ৰয়োজন।

ভাৰতৰ বীমা খণ্ড

সংক্ষিপ্ত বিৱৰণঃ

  • ভাৰতৰ বীমা উদ্যোগ হৈছে উৰ্ধমুখী বিকাশযুক্ত এক গুৰুত্বপূৰ্ণ খণ্ড।
  • ই হৈছে বিশ্বব্যাপী উদীয়মান বীমা বজাৰৰ পঞ্চম বৃহত্তম জীৱন বীমা বজাৰ, যি বছৰি ৩২-৩৪% হাৰত বৃদ্ধি পাইছে।
  • ভাৰতৰ বীমা উদ্যোগটোত ৫৭ বীমা প্ৰতিষ্ঠান আছেঃ ইয়াৰে ২৪ টা বীমা প্ৰতিষ্ঠান জীৱন বীমা খণ্ডত আৰু ৩৪ টা অনা-জীৱন বীমা খণ্ডত সেৱা আগবঢ়াই আহিছে।
  • জীৱন বীমাকৰ্তাসকলৰ ভিতৰত, ভাৰতীয় জীৱন বীমা নিগম (Life Insurance Corporation (LIC)) হৈছে একমাত্ৰ ৰাজহুৱা খণ্ডৰ সংস্থা, আনহাতে ছয়টা ৰাজহুৱা খণ্ডৰ বীমাকৰ্তাই অনা-জীৱন খণ্ডত বীমাজনিত সেৱা আগবঢ়ায়।

নিয়মাৱলীঃ

  • ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকৰণে ভাৰতৰ বীমা খণ্ডক নিয়ন্ত্ৰণ কৰে, অনুপালন নিশ্চিত কৰে, বীমা-আঁচনি ধাৰকসকলক সুৰক্ষিত কৰে আৰু বজাৰৰ সুস্থিৰতা বজাই ৰাখে।

বীমা খণ্ডৰ প্ৰত্যাহ্বানসমূহঃ

  • নিম্ন প্ৰৱেশ আৰু সজাগতাঃ বিত্তীয় সজাগতা বৃদ্ধি হোৱাৰ স্বত্ত্বেও ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৪% লোকহে বীমাভুক্ত হৈছে।
  • বিতৰণজনিত বাধাসমূহঃ সীমিত গ্ৰাম্য আন্তঃগাঁথনিয়ে বীমা-সেৱাৰ প্ৰৱেশাধিকাৰ সীমিত কৰে।
  • নিয়ামক বাধাসমূহঃ প্ৰয়োজনীয় গ্ৰাহক সুৰক্ষাই বীমা-উদ্ভাৱনৰ সন্মুখত প্ৰতিবন্ধকতা আনিব পাৰে।
  • জালিয়াতি আৰু ভুৱা বিক্ৰীঃ ভুৱা বীমা আঁচনি তথা বীমা জালিয়াতিয়ে গ্ৰাহকৰ বিশ্বাস হ্ৰাস কৰিছে।
  • প্ৰযুক্তি অভিযোজনঃ পৰম্পৰাগত বীমা প্ৰতিষ্ঠানসমূহে ডিজিটেল-জগতলৈ পট পৰিৱৰ্তনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়।
  • বীমাকৰণৰ বিপদাশংকাঃ বীমা সন্মন্ধীয় সীমিত তথ্যই বীমা-আঁচনিৰ সঠিক বিপদাশংকা মূল্যায়নত বাধা দিয়ে।
  • তীব্ৰ প্ৰতিযোগিতাঃ নতুন প্ৰৱেশকাৰীসকলে বিদ্যমান খেলুৱৈসকলক উদ্ভাৱন কৰিবলৈ উৎসাহিত কৰে।
  • স্বাস্থ্যসেৱাৰ মুদ্ৰাস্ফীতিঃ অধিক বীমাজনিত খৰচে স্বাস্থ্য-বীমাকৰ্তাসকলৰ ওপৰত চাপৰ সৃষ্টি কৰে।
  • অৰ্থনৈতিক কাৰকসমূহঃ মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক পৰিৱৰ্তনে লাভ আৰু নীতিগত দায়বদ্ধতাক প্ৰভাৱিত কৰে।
  • উৎপাদনী উদ্ভাৱনঃ বীমা সুলভতাৰ সৈতে স্বনিৰ্ধাৰণৰ ভাৰসাম্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ।

বীমাখণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ:

  • বীমা খণ্ডই বিগত ৯ বছৰত প্ৰায় ৫৪,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI) লাভ কৰিছে।
  • কেন্দ্ৰীয় চৰকাৰে অনুমোদিত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ২০১৪ চনত ২৬% ৰ পৰা ২০১৫ চনত ৪৯% লৈ আৰু ২০২১ চনত ৭৪% লৈ বৃদ্ধি কৰিছিল।

ভাৰত চৰকাৰে বীমা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহঃ

  • সামাজিক সুৰক্ষা আঁচনিসমূহঃ শস্য-বীমাৰ বাবে প্ৰধানমন্ত্ৰী ফচল সুৰক্ষা যোজনা (PMFBY), স্বাস্থ্যসেৱাৰ বাবে আয়ুস্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY), দুৰ্ঘটনাজনিত বীমা-আচ্ছাদনৰ বাবে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), জীৱন বীমাৰ বাবে প্ৰধানমন্ত্ৰী জীৱন-জ্যোতি বীমা আঁচনিৰ (PMJJBY) দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • প্ৰযুক্তিগত অগ্ৰগতিঃ সংহত অভিযোগ ব্যৱস্থাপনা প্ৰক্ৰিয়া (IGMS)-ৰ দৰে বীমা-প্ৰযুক্তি আৰু অভিযোগ দাখিল মঞ্চৰ প্ৰসাৰ ঘটোৱা হৈছে।
  • বিত্তীয় অন্তৰ্ভুক্তিঃ বীমা-ঋণ প্ৰৱেশাধিকাৰৰ বাবে ক্ষুদ্ৰ-বীমা (Microinsurance) নিয়মাৱলী আৰু ষ্টেণ্ড-আপ ইণ্ডিয়া (Stand-Up India) কাৰ্যকৰী কৰা হৈছিল।

Leave a Reply