ভাৰতত ভূগৰ্ভস্থ জলস্তৰ হ্ৰাস
GROUNDWATER DEPLETION IN INDIA

“ভাৰতত ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসৰ চিনাক্তকৰণ আৰু সামাজিক-অৰ্থনৈতিক অৱদান” (“Detection and Socio-Economic Attribution of Groundwater Depletion in India”) শীৰ্ষক এক অধ্যয়নত ভাৰতৰ পাঁচখন ৰাজ্যত ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসৰ ওপৰত নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰা হৈছে।

মূল আলোচিত দিশসমূহ

  • আক্ৰান্ত ৰাজ্যসমূহ
    • পঞ্জাৱ আৰু হাৰিয়ানাঃ ভাৰতত ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য দুখন হৈছে পঞ্জাৱ আৰু হাৰিয়ানা। দুয়োগন ৰাজ্যই বিগত দুটি দশকত ৬৪.৭ বিলিয়ন ঘনমিটাৰ ভূগৰ্ভস্থ জলৰাশি হেৰুৱাইছে।
    • উত্তৰ প্ৰদেশঃ ঔদ্যোগিক আৰু ঘৰুৱা চাহিদা বৃদ্ধিৰ ফলত উত্তৰ প্ৰদেশৰ ভূগৰ্ভস্থ জলস্তৰ ৪% হ্ৰাস পাইছে।
    • পশ্চিম বংগঃ ন্যূনতম জলসিঞ্চন বৃদ্ধিৰ বাদে অন্যান্য ব্যৱহাৰিক উদ্দেশ্যত ২৪% বৃদ্ধিৰ ফলত ভূগৰ্ভস্থ জলস্তৰ ৩% হ্ৰাস পাইছে।
    • ছত্তীশগড়ঃ বিভিন্ন খণ্ডত বৰ্ধিত ব্যৱহাৰৰ ফলত ছত্তীশগড়ৰ ভূগৰ্ভস্থ জলস্তৰ স্তৰ হ্ৰাস পাইছে।
    • কেৰালাঃ কেৰালাত অধিক বৰষুণ হোৱা স্বত্বেও, জলসিঞ্চনগত কাৰক আৰু অন্যান্য ব্যৱহাৰ বৃদ্ধিৰ বাবে ভূগৰ্ভস্থ জলস্তৰ ১৭% হ্ৰাস পাইছে।

জলস্তৰ হ্ৰাসৰ মূল কাৰণ

  • নগৰীকৰণ আৰু ঔদ্যোগিকৰণঃ দ্ৰুত নগৰীয়া বিকাশ (২০০১-২০১১ চনৰ ভিতৰত ১০%) আৰু, বিশেষকৈ ফৰিদাবাদ আৰু গুৰগাঁৱৰ দৰে অঞ্চলত ঔদ্যোগিকৰণৰ ফলত ভূগৰ্ভস্থ জলস্তৰৰ তীব্ৰ অৱনতি ঘটিছিল।
  • ভূগৰ্ভস্থ জলস্তৰ হ্ৰাস হোৱাৰ মুখ্য কাৰণসমূহ: ভূগৰ্ভস্থ জলৰাশিৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাঃ ভাৰতৰ জল ব্যৱহাৰৰ ৮০% হৈছে জলসিঞ্চনগত কাৰক। ইয়াৰ ফলত ভূগৰ্ভস্থ জলস্তৰৰ নিষ্কাশন বৃদ্ধি পায়।
  • দুৰ্বল জল ব্যৱস্থাপনাঃ অদক্ষ আন্তঃগাঁথনি আৰু সঠিক বৰষুণৰ পানী সংৰক্ষণ পৰিকাঠামোৰ অভাৱে ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসত অৰিহণা যোগায়।
  • পৰম্পৰাগত সংৰক্ষণ পদ্ধতি হ্ৰাসঃ বৰষুণৰ পানী সংৰক্ষণ, ষ্টেপ ৱেল (step wells) আৰু চেক ডেম (check dams)ৰ দৰে জল সংৰক্ষণ পদ্ধতিৰ ব্যৱহাৰ হ্ৰাস পাইছে।
  • জলবায়ু পৰিৱৰ্তনঃ বৰ্ধিত উষ্ণতা, অনিয়মিত বৰষুণ, আৰু বনাঞ্চল ধ্বংসৰ ফলত ভূগৰ্ভস্থ জলস্তৰ পৰিপূৰ্ণ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসৰ প্ৰভাৱ

  • শস্যৰ উৎপাদন হ্ৰাসঃ সীমিত জলসিঞ্চনৰ ফলত শস্যৰ উৎপাদনশীলতা আৰু খাদ্য সুৰক্ষাত বিৰূপ প্ৰভাৱ পৰে।
  • পৌৰ জল সংকট : নগৰীয়া জল যোগানৰ বাবে ভূগৰ্ভস্থ জলৰাশিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হোৱাৰ ফলত পানীৰ নাটনিয়ে দেখা দিয়ে।
  • জনস্বাস্থ্যজনিত বিপদাশংকাঃ অত্যাধিক ব্যৱহাৰ আৰু প্ৰদূষণৰ ফলত পানীৰ মানদণ্ড হ্ৰাস হোৱাৰ ফলত জলজনিত ৰোগ বৃদ্ধি পায়।
  • পৰিৱেশ তন্ত্ৰৰ ক্ষতিঃ জলস্তৰ হ্ৰাস হোৱাৰ ফলত জলাশয়, অৰণ্য আৰু জলজ পৰিৱেশ তন্ত্ৰৰ ক্ষতিসাধন হয়।
  • খৰাঙৰ আশংকা বৃদ্ধিঃ ভূগৰ্ভস্থ জলস্তৰ হ্ৰাসে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা সঘনাই হোৱা খৰাঙৰ প্ৰতি স্থিতিস্থাপকতা হ্ৰাস কৰে।

ভূগৰ্ভস্থ জলস্তৰ ব্যৱস্থাপনাৰ প্ৰত্যাহ্বানসমূহ

  • অতিৰিক্ত শোষণঃ সেউজ বিপ্লৱৰ সময়ত ভূগৰ্ভস্থ জলৰাশি ওপৰত অত্যধিক নিৰ্ভৰশীলতাৰ ফলত ব্যাপক গভীৰ নলীনাদ (borewell) ব্যৱহাৰ হৈছে, য’ত ১৭% খণ্ডত অত্যাধিক জলশোষণ কৰা হৈছে।
  • জলবায়ু-প্ৰণোদিত প্ৰত্যাহ্বানঃ অনিয়মিত বৰষুণ আৰু বৰ্ধিত প্ৰদূষণে জলৰাশিৰ অভাৱ বৃদ্ধি কৰে।
  • দুৰ্বল নিয়ামক পৰিকাঠামো : সীমিত নিয়মাৱলী (কেৱল ১৪% অতিৰিক্ত শোষিত খণ্ডত প্ৰযোজ্য)য়ে  অনিয়ন্ত্ৰিত জল-নিষ্কাশনৰ অনুমতি দিয়ে।
  • সম্প্ৰদায় আৰু প্ৰাতিষ্ঠানিক দুৰ্বলতাঃ নিষ্ক্ৰিয় অনানুষ্ঠানিক ভূগৰ্ভস্থ জল সমিতি আৰু স্থানীয় নিয়মাৱলীৰ দুৰ্বল বলৱৎকৰণে ভূগৰ্ভস্থ জলৰাশিহ্ৰাসত অৰিহণা যোগায়।
  • ৰাজসাহায্য আৰু ব্যৱহাৰঃ জল-উত্তোলনৰ বাবে ৰাজসাহায্যযুক্ত শক্তিয়ে অত্যাধিক ভূগৰ্ভস্থ পানী নিষ্কাশনত সহায় কৰে।

বহনক্ষম ভূগৰ্ভস্থ জল ব্যৱস্থাপনা নীতি

  • চাহিদা আৰু যোগানৰ প্ৰতি সম্বোধন
    • যোগান দিশঃ জলবিভাজিকা ব্যৱস্থাপনা আৰু জলভৃতিৰ পৰিপূৰ্ণতা ৰূপায়ণ কৰা।
    • চাহিদাগত দিশঃ জল-দক্ষ জলসিঞ্চন (যেনে, ড্ৰিপ প্ৰণালী (drip systems)) আৰু তাকৰ জল-নিবিড় শস্যৰ প্ৰসাৰ কৰা।
  • সামূহিক অংশগ্ৰহণঃ উন্নত ভূগৰ্ভস্থ জল ব্যৱস্থাপনাৰ বাবে স্থানীয় সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা (যেনে, অংশীদাৰী ভূগৰ্ভস্থ জল ব্যৱস্থাপনা (Participatory Groundwater Management))
  • নিয়ামক উন্নতিঃ জল খণ্ডসমূহৰ অত্যাধিক শোষণ হোৱাৰ আগতে নিয়মাৱলীসমূহ বলৱৎ কৰা আৰু জল ব্যৱহাৰকাৰী সংস্থা (Water User Associations) (WUAs) ৰ দৰে প্ৰতিষ্ঠানসমূহৰ দীৰ্ঘম্যাদী কাৰ্য্যকৰীতা নিশ্চিত কৰা।
  • আন্তঃক্ষেত্ৰীয় সংস্কাৰঃ
    • বিদ্যুৎ ৰাজসাহায্য সংশোধন কৰা আৰু জলবায়ু-স্মাৰ্ট কৃষিক উৎসাহিত কৰা।
    • অতিৰিক্ত জল শোষণ হ্ৰাস কৰিবলৈ জল সংৰক্ষণ উদ্দেশ্যৰ সৈতে শক্তি নীতিৰ সংহতি স্থাপন কৰা।

এই অধ্যয়নে ভূগৰ্ভস্থ জল ব্যৱস্থাপনাত জৰুৰী হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, স্থায়ী অনুশীলন, নিয়ন্ত্ৰক পৰিকাঠামো, আৰু হ্ৰাস হোৱাৰ বিপদাশংকা হ্ৰাস কৰিবলৈ আৰু দীৰ্ঘম্যাদী জল সুৰক্ষা নিশ্চিত কৰিবলৈ সম্প্ৰদায়সমূহৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply