ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন
BHARATIYA ANTARIKSH STATION (BAS)

ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন (ভাৰতীয় মহাকাশ আস্থান)-এ ভাৰতৰ এক থলুৱা, স্থায়ী মহাকাশ কেন্দ্ৰ স্থাপনৰ উচ্চাকাংক্ষাক প্ৰতিনিধিত্ব কৰে। উন্নত মহাকাশ অন্বেষণ আৰু ব্যৱহাৰত ভাৰতৰ প্ৰৱেশ চিহ্নিত কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) (ISRO)ই ভাৰতীয় মহাকাশ কেন্দ্ৰটিৰ পৰিকল্পনা প্ৰস্তাৱ কৰিছে। মহাকাশ বিজ্ঞানত ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু সামৰ্থ্য সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই প্ৰকল্পটো ২০৩০ চনত মুকলি কৰাৰ লক্ষ্য নিৰূপণ কৰা হৈছে।

মূল বৈশিষ্ট্যসমূহ

  • দৰাচলতে প্ৰস্তাৱিত ভাৰতীয় মহাকাশ কেন্দ্ৰটি ২০ টন ওজনৰ এটা ক্ষুদ্ৰ মড্যুলাৰ ষ্টেশ্যন (modular station) হিচাপে নিৰ্মাণ কৰা হ’ব।
  • প্ৰদক্ষিণ কক্ষপথত (orbit) ১৫-২০ দিনৰ বাবে ২-৩ জন মহাকাশচাৰীক স্থান প্ৰদানৰ বাবে ইয়াৰ নক্সা প্ৰস্তুত কৰা হৈছে।

কক্ষপথ আৰু অৱস্থানঃ প্ৰায় পৃথিৱীপৃষ্ঠৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাত নিম্ন ধৰিত্ৰী কক্ষপথত (low Earth orbit (LEO)) এই প্ৰস্তাৱিত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ সম্ভাৱনা আছে।

  • মূল লক্ষ্যসমূহঃ
    • জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানত লঘূ-মহাকৰ্ষণ (microgravity) পৰীক্ষা-নিৰীক্ষা কৰা।
    • ভাৰতৰ দীৰ্ঘম্যাদী মানৱ যুক্ত মহাকাশযান (human spaceflight) উৰণৰ সামৰ্থ্য বৃদ্ধি কৰা।
  • উন্নয়নৰ সময়সীমাঃ
    • গগনযান (Gaganyaan) অভিযান (ভাৰতৰ মানৱযুক।ত মহাকাশযান ভ্ৰমণ কাৰ্যসূচী) ৰ সফলতাৰ ওপৰত ভিত্তি কৰি ইয়াক উন্নীত কৰা হ’ব।
    • বিশদ প্ৰকল্প পৰিকল্পনা আৰু আন্তঃগাঁথনি স্থাপন ২০৩০ চনৰ ভিতৰত চূড়ান্ত কৰা হ’ব।
  • গুৰুত্ব
    • ই মহাকাশ কেন্দ্ৰ স্থাপনৰ সামৰ্থ্য থকা দেশসমূহৰ (যেনে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন) অভিজাত গোটৰ ভিতৰত ভাৰতৰ স্থান নিশ্চিত কৰিব।
    • ই মহাকাশ কূটনীতিত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰি তুলিব।
  • বৈজ্ঞানিক অৱদানঃ
    • প্ৰস্তাৱিত ভাৰতীয় মহাকাশ কেন্দ্ৰই শূন্য-মাধ্যাকৰ্ষণ পৰিৱেশত অত্যাধুনিক গৱেষণা সক্ষম কৰিব।
    • তদুপৰি, ই চন্দ্ৰ বা মঙ্গল গ্ৰহৰ দৰে দীৰ্ঘম্যাদী অভিযানৰ বাবে নতুন প্ৰযুক্তিৰ বিকাশ বৃদ্ধি কৰে।
  • অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বিকাশঃ
    • প্ৰস্তাৱিত ভাৰতীয় মহাকাশ কেন্দ্ৰ প্ৰকল্পই ৰবটিক্স, সামগ্ৰী, আৰু জীৱন-সমৰ্থন প্ৰণালীত অগ্ৰগতি চালিত কৰে।
    • ই ভাৰতৰ মহাকাশ পৰিৱেশতন্ত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বিনিয়োগক উৎসাহিত কৰিব।
  • প্ৰস্তাৱিত ভাৰতীয় মহাকাশ কেন্দ্ৰলৈ অহা প্ৰত্যাহ্বানসমূহ
    • ভাৰতীয় মহাকাশ কেন্দ্ৰৰ উন্নয়নৰ সৈতে উচ্চ ব্যয়, (আনুমানিক কোটি কোটি ডলাৰত) জড়িত হৈ আছে।
    • জীৱন সমৰ্থন (life support), ডকিং প্ৰণালী (docking systems), আৰু মড্যুলাৰ নিৰ্মাণত (modular construction) প্ৰযুক্তিগত প্ৰতিবন্ধকতা আছে।
  • ভাৰতীয় মহাকাশ কেন্দ্ৰৰ স্থায়িত্বঃ
    • স্পেসএক্সৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা বৃদ্ধি পোৱা প্ৰতিযোগিতাৰ মাজতে ইছৰো প্ৰস্তাৱিত ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন প্ৰকল্পই মহাকাশ অভিযানৰ ভাৰতৰ দীৰ্ঘম্যাদী কাৰ্য্যকৰীতা নিশ্চিত কৰিব।
    • ই নিম্ন ধৰিত্ৰীয় কক্ষপথত পৰিৱেশগত বিবেচনা আৰু ধ্বংসাবশেষ ব্যৱস্থাপনা আদিৰ বিষয়ে বিবেচনা কৰিব।

ভাৰতীয় মহাকাশ কেন্দ্ৰই মানৱচালিত মহাকাশ অন্বেষণত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ দিশত ভাৰতৰ অগ্ৰগতিক সূচায়। প্ৰযুক্তিগত আৰু বৈজ্ঞানিক লাভালাভৰ বাহিৰেও, ই ৰাষ্ট্ৰীয় গৌৰৱ আৰু শান্তিপূৰ্ণ মহাকাশ অন্বেষণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই প্ৰকল্পটোৰ সফল ৰূপায়ণৰ সৈতে, ভাৰতে বিশ্ব সম্প্ৰদায়ক অনুপ্ৰাণিত কৰিবলৈ আৰু মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিবলৈ সাজু হৈছে।

Leave a Reply