ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট সমাজবাদী আৰু ধৰ্মনিৰপেক্ষতাৰ ধাৰণা
SOCIALIST, SECULAR IN PREAMBLE

উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দানৰ গুৰুত্বপূৰ্ণ দিশসমূহ

  • উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত “সমাজবাদী” আৰু “ধৰ্মনিৰপেক্ষ” শব্দৰ অন্তৰ্ভুক্তিক সমৰ্থন কৰিছিল।
  • এই পৰিৱৰ্তনসমূহ ১৯৭৬ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত ৪২তম্ সংবিধান সংশোধনী আইনৰ অংশ আছিল।
  • পৰৱৰ্তীকালত ৪২তম্ সংবিধান সংশোধনীৰ বহুতো ব্যৱস্থা ৰদ কৰা (আঁতৰাই দিয়া)ৰ পিছতো আদালতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এই সংজ্ঞাসমূহত হস্তক্ষেপ কৰা নাছিল।

মূল প্ৰস্তাৱনা

  • প্ৰস্তাৱনা বুজোৱা (Preamble) লেটিন শব্দ প্ৰিম্বুলামৰ (preambulum) পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে “আগলৈ যোৱা” (going before)।
  • ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই সংবিধানৰ উদ্দেশ্য, দৰ্শন আৰু পথ প্ৰদৰ্শক নীতিৰ ৰূপাঙ্কণ কৰি সংবিধানৰ পৰিচয়ক হিচাপে কাম কৰে।
  • ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱত (Objectives Resolution) এই পৰিভাষাৰ সন্ধান পোৱা যায়।

৪২তম্ সংবিধান সংশোধনী আইন (১৯৭৬)

  • ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালীন অৱস্থাৰ সময়ত উক্ত আইন প্ৰণয়ন কৰিছিল।
  • ই সংবিধানৰ পৃষ্ঠালৈ কঢ়িয়াই অনা ব্যাপক পৰিৱৰ্তনৰ বাবে ইয়াক “ক্ষুদ্ৰ-সংবিধান” (mini-constitution) হিচাপে উল্লেখ কৰা হৈছিল।
  • ৪২ তম্‌ সংবিধান সংশোধনী আইনৰ মূল পৰিৱৰ্তনসমূহ :
    • প্ৰস্তাৱনাত ‘সমাজবাদী’ (SOCIALIST) আৰু ‘ধৰ্মনিৰপেক্ষ’ (SECULAR) শব্দ সংযোগ কৰা হৈছিল, যাৰ ফলত প্ৰস্তাৱনাৰ উদ্দেশ্যক পুনৰলিখন কৰা হৈছে এনেদৰে – “সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য” (SOVEREIGN, SOCIALIST, SECULAR, DEMOCRATIC REPUBLIC)
    • ই কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি কৰিছিল।
    • সাংবিধানিক সংশোধনীসমূহক ন্যায়িক পুনৰীক্ষণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰা হৈছিল।
  • তদুপৰি এই সংবিধান সংশোধনী আইনখন সমাজবাদ, ধৰ্মনিৰপেক্ষতাবাদ আৰু ৰাষ্ট্ৰীয় অখণ্ডতাৰ আদৰ্শ প্ৰকাশক বুলি ন্যায়সঙ্গত কৰা হৈছিল।

ন্যায়িক প্ৰত্যাহ্বান আৰু ব্যাখ্যা

  • উচ্চতম ন্যায়ালয়ে ১৯৭০ চনৰ মিনাৰ্ভা মিলছ গোচৰত ৪২তম সংবিধান সংশোধনীৰ বহুতো ব্যৱস্থা বিলোম কৰিছিল।
  • অৱশ্যে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কৰা পৰিৱৰ্তনসমূহ ২০২০ চনৰ জুলাই মাহলৈকে প্ৰত্যাহ্বানবিহীন হৈ আছিল।

প্রস্তাৱনাশেহতীয়া প্ৰত্যাহ্বানসমূহ

  • ২০২০ চনত প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ অন্তৰ্ভুক্তিক প্ৰত্যাহ্বান জনাই এক আবেদন দাখিল কৰা হৈছিল।
    • আবেদনকাৰীয়ে যুক্তি আগবঢ়াইছিল যে এই শব্দবোৰ স‍বিধান নিৰ্মাৰ্তাসকলে ৰদ কৰিছিল আৰু ই অৰ্থনৈতিক নীতিক বাৰণ কৰে।
  • উচ্চতম ন্যায়ালয়ে এই প্ৰত্যাহ্বানগামী যুক্তিবোৰ নাকচ কৰি কয় যে –
    • ভাৰতত “ধৰ্মনিৰপেক্ষতা” ই ধৰ্মীয় নিৰপেক্ষতাক প্ৰতিফলিত কৰে- ই কোনো ধৰ্মৰ প্ৰচাৰ বা শাস্তিক নুবুজায়।
    • ভাৰতত “সমাজবাদ” ৰ অৰ্থ হৈছে সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰাপ্ত কৰা; ব্যক্তিগত উদ্যোগক সীমাবদ্ধ কৰাটো ইয়াৰ আওতাত নপৰে।
  • শীৰ্ষতম আদালতে ৪৪ বছৰৰ পিছত ৪২তম্ সংবিধান সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱাৰ কোনো যুক্তি বিচাৰি পোৱা নাছিল।

উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ গুৰুত্বপূৰ্ণ দিশসমূহ

  • ধৰ্মনিৰপেক্ষতাই ধৰ্মীয় নিৰপেক্ষতাক নিশ্চিত কৰে আৰু ভ্ৰাতৃত্ববোধ, সমতা আৰু স্বাধীনতা বজাই ৰাখে।
  • ভাৰতত সমাজবাদে সকলো নাগৰিকৰ বাবে ন্যায় প্ৰতিফলিত কৰে, ব্যক্তিগত উদ্যোগৰ সৈতে ৰাজহুৱা কল্যাণৰ ভাৰসাম্য ৰক্ষা কৰে।
  • প্ৰস্তাৱনাত সংযোজনবোৰে ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণত বাধা দিয়া নাই, যদিহে এনে নীতিগত কাৰ্যবোৰে সাংবিধানিক অধিকাৰক সন্মান কৰে।
  • আদালতে এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কৰা পৰিৱৰ্তনসমূহে ভাৰতৰ বিকশিত গণতান্ত্ৰিক আৰু সাংবিধানিক নৈতিকতাৰ সৈতে সংগতি ৰাখে।

Leave a Reply