প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (Defence Research and Development Organisation (DRDO))-এ উৰিষ্যাৰ উপকূলৰ নিকটৱৰ্তী ড° এটি জে আব্দুল কালাম দ্বীপৰ পৰা ভাৰতৰ প্ৰথমটো দীৰ্ঘ দূৰত্বভেদী হাইপাৰছনিক মিছাইলৰ উৰণ পৰীক্ষা সফৰতাৰে সম্পন্ন কৰিছে।
হাইপাৰছনিক মিছাইল
- এই ক্ষেপণাস্ত্রবোৰে কমেও মেক-৫ (Mach 5) (শব্দৰ বেগৰ পাঁচগুণ) গতিত উৰিব পাৰে।
- শব্দৰ বেগ হৈছে মেক-১ (Mach 1), আৰু মেক-১ আৰু মেক-৫ ৰ মাজৰ গতিবেগক ছুপাৰছনিক (supersonic) আৰু মেক-৫ তকৈ তীব্ৰবেগী গতিক হাইপাৰছনিক (hypersonic) বোলে।
- হাইপাৰছনিক অস্ত্ৰ-শস্ত্ৰবোৰে উৰণৰ মাজতে কৌশল (manoeuvre) অৱলম্বন কৰিব পাৰে। ইয়াক যেতিয়া সেইবোৰৰ উচ্চ গতিৰ সৈতে একত্ৰিত কৰা হয় তেতিয়া সেইবোৰৰ চিনাক্তকৰণ আৰু বাধা দিয়া অত্যন্ত কঠিন হৈ পৰে।
ভাৰতত ক্ষেপণাস্ত্রৰ প্ৰকাৰ
ভাৰতৰ ক্ষেপণাস্ত্রৰ অস্ত্ৰ ভাণ্ডাৰ বিভিন্ন কৌশলগত প্ৰয়োজনীয়তা পূৰণৰ বাবে নিৰ্মিত নানা প্ৰকাৰৰ ক্ষেপণাস্ত্ৰৰ সৈতে বৈচিত্ৰ্যপূৰ্ণ। ভাৰতীয় ক্ষেপণাস্ত্ৰৰ প্ৰধান প্ৰকাৰবোৰ হ’ল :
- বেলিষ্টিক মিছাইল (Ballistic Missiles) :
- অগ্নি শৃংখলা (Agni Series) : হ্ৰস্ব-দূৰত্বৰ পৰা আন্তঃমহাদেশীয় (৭০০-৫,০০০ + কিলোমিটাৰ) পৰিসৰভেদী অগ্নি ক্ষেপণাস্ত্ৰ প্ৰাথমিকভাৱে পাৰমাণৱিক সামৰ্থ্যযুক্ত।
- পৃথ্বী শৃংখলা (Prithvi Series) : হ্ৰস্ব দূৰত্বভেদী (১৫০-৩৫০ কিলোমিটাৰ পৰিসৰভেদী) পৃথ্বী ক্ষেপণাস্ত্ৰ কৌশলগত (tactical), পৃষ্ঠৰ-পৰা-পৃষ্ঠলৈ (surface-to-surface) আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়।
- কে শৃংখলা (K Series) : ছাবমেৰিন-লঞ্চেড বেলেষ্টিক মিছাইল (Submarine-launched ballistic missiles (SLBM)) য়ে দ্বিতীয়বাৰলৈ আক্ৰমণ লক্ষ্যত আঘাত হনাৰ ক্ষমতা বৃদ্ধি কৰে।
- ক্ৰুজ মিছাইল (Cruise Missiles) :
- ব্ৰহ্মছ (BrahMos) : ব্ৰহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, ভূমিভাগ, সামুদ্ৰিক স্তৰ আৰু বায়ুস্তৰীয় আক্ৰমণৰ বাবে বাবে বহুমুখী উপযোগিতাৰে নিৰ্মাণ কৰা হৈছে। ই গতি আৰু নিখুঁততাৰ বাবে জনাজাত।
- নিৰ্ভয় (Nirbhay) : ৰাডাৰৰ আওতায় পৰা সাৰিবলৈ নিৰ্ভয় মিছাইলে ভূখণ্ড-আলিঙ্গন ক্ষমতাৰ (terrain-hugging capability) সৈতে চাবছনিক (Subsonic) প্ৰকৃতিৰ; ই দীৰ্ঘ-পৰিসৰ ভেদী (১,০০০ কিলোমিটাৰ)।
- এণ্টি-বেলিষ্টিক মিছাইল (Anti-Ballistic Missiles (ABM):)
- পৃথ্বী এয়াৰ ডিফেন্স (Prithvi Air Defence (PAD)) : উচ্চ উচ্চতাৰ বেলেষ্টিক মিছাইলসমূহক বাধা দিবলৈ পৃথ্বী ক্ষেপণাস্ত্ৰ নিৰ্মিত কৰা হৈছে।
- উন্নত বায়ু প্ৰতিৰক্ষা (Advanced Air Defence (AAD)) ইয়াক অৰ্থ হৈছে নিম্ন-উচ্চতাগত বাধাৰ বাবে নিৰ্মাণ কৰা হৈছে, যি এক দ্বিস্তৰীয় প্ৰতিৰক্ষা ঢাল (two-tier defense shield) গঠন কৰে।
- ভূপৃষ্ঠ-পৰা-বায়ুলৈ উৎক্ষেপিত মিছাইল (Surface-to-Air Missiles (SAM)) :
- আকাশ (Akash) : আকাশ ক্ষেপণাস্ত্ৰ মধ্যমীয়া পৰিসৰৰ (৩০ কিলোমিটাৰলৈকে)। আকাশমাৰ্গযোগে অহা ভাবুকি প্ৰতিহত কৰিবলৈ ইয়াৰ নক্সা প্ৰস্তুত কৰা হৈছে।
- বাৰাক-৮ (Barak-8) : বাৰাক-৮ ক্ষেপণাস্ত্ৰ ইজৰাইলৰ সৈতে যুটীয়াভাৱে বিকশিত কৰা হৈছিল ; ই বিমান আৰু মিছাইলকে ধৰি বিভিন্ন আকাশমাৰ্গীয় ভাবুকি প্ৰতিহত কৰিবলৈ সক্ষম।
- এন্টি-টেংক গাইডেড মিছাইল (Anti-Tank Guided Missiles (ATGM)):
- নাগ (Nag) : হেলিকপ্টাৰৰ পৰা নিক্ষেপিত (হেলিনা) (HELINA)ৰ দৰে ভিন্ন ৰূপৰ সৈতে নাগ ক্ষেপণাস্ত্ৰ সশস্ত্ৰ লক্ষ্য আক্ৰমণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
- এমপিএটিজিএম (MPATGM) : এইবিধ পদাতিক বাহিনীৰ ব্যৱহাৰৰ বাবে নমনীয়তা প্ৰদান কৰা মানৱ-বহনযোগ্য, হ্ৰস্ব-দূৰত্বভেদী ক্ষেপণাস্ত্ৰ।
- কৌশলগত মিছাইল (Tactical Missiles) :
- শৌৰ্য (Shaurya) : ই হাইপাৰছনিক, পাৰমাণৱিক সামৰ্থ্যযুক্ত মিছাইল, উচ্চ-গতি, নিম্ন ৰাডাৰত ধৰা নপৰিবলৈ শৌৰ্য ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছে।
- প্ৰহাৰ (Prahaar) : যুদ্ধক্ষেত্ৰত দ্ৰুত সমৰ্থন আগবঢ়োৱাৰ বাবে দ্ৰুত-প্ৰতিক্ৰিয়াসম্পন্ন, হ্ৰস্ব-দূৰত্বভেদী প্ৰহাৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থা নিৰ্মাণ কৰা হৈছে।
এই ক্ষেপণাস্ত্ৰসমূহে স্থলভাগ, বায়ুভাগ, সামুদ্ৰিক পৃষ্ঠ আৰু সমুদ্ৰৰ অভ্যন্তৰৰ ক্ষেত্ৰসমূহত ভাৰতৰ কৌশলগত প্ৰতিৰক্ষা বৃদ্ধি কৰে, শক্তিশালী, বহু-স্তৰীয় প্ৰতিৰোধ আৰু সুৰক্ষা নিশ্চিত কৰে।