খনি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ খনিজ খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
এই বুজাবুজি চুক্তিৰ গুৰুত্ব
- ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ কৌশলসমূহ শক্তিশালী কৰাঃ
- এই চুক্তিয়ে ফলপ্ৰসূ সম্পদ ব্যৱস্থাপনাৰ বাবে নিৰ্ভৰযোগ্য তথ্য, বিশ্লেষণ আৰু নীতিৰ পৰামৰ্শসমূহৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে।
- গোলকীয় মানদণ্ডৰ সৈতে সংহতি স্থাপনঃ
- বৈশ্বিক সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ সৈতে সংহতি স্থাপনৰ বাবে ভাৰতক নীতি, নিয়মাৱলী আৰু বিনিয়োগৰ কৌশলবোৰ সুবিন্যস্ত কৰাত সহায় কৰে।
- ক্ষমতা বৃদ্ধি আৰু জ্ঞানৰ আদান-প্ৰদানঃ
- এই চুক্তিয়ে আন্তৰ্জাতিক শক্তি সংস্থাৰ সদস্য দেশসমূহৰ সৈতে কাৰিকৰী দক্ষতা, প্ৰশিক্ষণ আৰু যুটীয়া গৱেষণাৰ বিনিময়ৰ সুবিধা প্ৰদান কৰে।
- তদুপৰি, ই খনিজ আহৰণ, প্ৰক্ৰিয়াকৰণ আৰু পুনৰ্ব্যৱহাৰ কৌশলৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰে।
গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ (Critical Minerals) :
- গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থই শক্তি প্ৰযুক্তিৰ বাবে অত্যাৱশ্যকীয় কেঁচা সামগ্ৰী (যেনে, বেটাৰী, সৌৰ পেনেল, বৈদ্যুতিক বাহন), উন্নত উৎপাদন, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা আদিক সূচায়।
- ইয়াত লিথিয়াম, কোবাল্ট, বিৰল ধৰিত্ৰী উপাদান (rare earth elements (REEs)) আৰু নিকেলৰ দৰে খনিজ পদাৰ্থ অন্তৰ্ভুক্ত থাকে।
ভাৰতৰ এই চুক্তিৰ প্ৰভাৱ :
- শক্তি পৰিৱৰ্তনঃ ভাৰতৰ নৱীকৰণযোগ্য শক্তি আৰু বৈদ্যুতিক গতিশীলতালৈ শক্তি পৰিৱৰ্তনৰ বাবে এই চুক্তি অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।
- আমদানি নিৰ্ভৰশীলতা : ভাৰতত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ পৰ্যাপ্ত ঘৰুৱা ভাণ্ডাৰৰ অভাৱ আছে আৰু সেয়ে ভাৰত এইক্ষেত্ৰত ভূ-ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ অঞ্চলসমূহৰ পৰা হোৱা আমদানিৰ ওপৰত নিৰ্ভৰশীল।
ভাৰতত চিনাক্তকৃত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থসমূহঃ
- ব্যাঘাতৰ সম্ভাৱনা, প্ৰতিস্থাপনযোগ্যতা, ভিন্নখণ্ডীয় ব্যৱহাৰ, আমদানি নিৰ্ভৰশীলতা, আৰু পুনৰ্ব্যৱহাৰৰ হাৰৰ ওপৰত ভিত্তি কৰি ভাৰতত ৩০টা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ চিনাক্ত কৰা হৈছে।
- উদাহৰণঃ লিথিয়াম, কোবাল্ট, নিকেল, বিৰল ধৰিত্ৰী উপাদান (REE) টাংষ্টেন, টাইটানিয়াম, গ্ৰেফাইট, কেডমিয়াম ইত্যাদি।
ভাৰতত ভৌগোলিক বিতৰণঃ
- গুৰুত্বপূৰ্ণ খনিজ ভাণ্ডাৰ থকা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে বিহাৰ, গুজৰাট, ঝাৰখণ্ড, উৰিষ্যা, তামিলনাডু, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু জম্মু-কাশ্মীৰ।
আন্তৰ্জাতিক শক্তি সংস্থাৰ সৈতে এই বুজাবুজি চুক্তিয়ে ভাৰতৰ শক্তি পৰিৱৰ্তন আৰু অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক কৌশলগত পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। গোলকীয় মানদণ্ডৰ সৈতে সংগতি ৰাখি আৰু কাৰিকৰী দক্ষতা বৃদ্ধি কৰি, ভাৰতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে আৰু বিশ্বজনীন সেউজ প্ৰযুক্তি যোগান শৃংখলাত নিজৰ স্থিতি শক্তিশালী কৰিব পাৰে।