ভাৰত আৰু ইটালীৰ মাজত এক ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা আৰু কৌশলগত ক্ষেত্ৰত এক গতিশীল অংশীদাৰীত্ব (dynamic partnership) বিদ্যমান আৰু শেহতীয়া বছৰবোৰত দুয়োখন দেশৰ মাজত এই সহযোগিতা সহযোগিতা ক্ৰমান্বয়ে শক্তিশালী হৈ আহিছে। দুয়োখন ৰাষ্ট্ৰই তেওঁলোকৰ সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বলৈ (Strategic Partnership) উন্নীত কৰিছে, যি বহুপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক সুস্থিৰ অংশীদাৰী স্বাৰ্থৰ দ্বাৰা চিহ্নিত।
ভাৰত আৰু ইটালীৰ মাজত সহযোগিতাৰ মুখ্য ক্ষেত্ৰসমূহ
১. ৰাজনৈতিক সম্পর্ক
- ৰাজনৈতিক আৰু চৰকাৰী পৰ্যায়ত নিয়মীয়া মত-বিনিময় অনুষ্ঠিত হৈ আহিছে।
- ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ অক্টোবৰ মাহত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালী ভ্ৰমণ কৰিছিল।
- ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ মাৰ্চ মাহত ৰাইচিনা ডায়লগ (Raisina Dialogue)ৰ সন্মানীয় অতিথি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল।
২. অৰ্থনৈতিক সম্পৰ্ক
- ইউৰোপীয় সংঘত (EU) ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে ইটালী।
- ভাৰতৰ বাবে বাণিজ্য উদ্বৃত্তৰ সৈতে ২০২২-২৩ চনত দ্বিপাক্ষিক বাণিজ্য ১৪.২৫ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল।
৩. প্ৰতিৰক্ষা সম্পৰ্ক
- ভাৰত-ইটালী সামৰিক সহযোগিতা গোট (India-Italy Military Cooperation Group (MCG))এ উভয় দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰে।
- ২০২৩ চনত দুয়োখন দেশে নিৰাপত্তা নীতি আৰু ঔদ্যোগিক সহযোগিতাক সামৰি লোৱা এক প্ৰতিৰক্ষা সহযোগিতা চুক্তিত স্বাক্ষৰ কৰে।
৪. কৌশলগত সম্পৰ্ক
- 2023 চনৰ মাৰ্চ মাহত ভাৰত-ইটালীৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল।
- ইণ্ডো-পেচিফিক আৰু ভূমধ্যসাগৰৰ মাজৰ সংযোগী-সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ইটালীয়ে এই অঞ্চলসমূহৰ মাজত এক সেঁতু হিচাপে কাম কৰে।
- বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ(Belt and Road Initiative)ৰ পৰা ইটালীৰ প্ৰত্যাহাৰে বিশ্ব সংযোগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সংগতি ৰাখে।
৫. বহুপাক্ষিক সম্পৰ্ক
- ইটালীয়ে ৱাচেনাৰ এৰেঞ্জমেণ্ট (Wassenaar Arrangement) আৰু অষ্ট্ৰেলিয়া গ্ৰুপ(Australia Group)ত ভাৰতৰ প্ৰৱেশক সমৰ্থন জনাইছিল।
- ব্লু-ৰামন প্ৰকল্পই (Blue-Raman project) ভূমধ্যসাগৰীয় আৰু ভাৰত মহাসাগৰৰ মাজত ডিজিটেল সংযোগ (digital connectivity) বৃদ্ধি কৰিব।
- ইটালীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (International Solar Alliance (ISA)), ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (India-Middle East-Europe Economic Corridor (IMEC)) আৰু বিশ্ব জৈৱ ইন্ধন মিত্ৰতা (Global Biofuels Alliance (GBA))ৰ দৰে ভাৰতৰ পদক্ষেপসমূহক সমৰ্থন কৰে।
ভাৰত-ইটালীৰ সম্পৰ্কৰ প্ৰত্যাহ্বানসমূহ
- নিম্ন বাণিজ্যঃ ৰোমান যুগৰে পৰা এক ঐতিহাসিক বাণিজ্যিক সম্পৰ্ক থকা স্বত্বেও ভাৰত আৰু ইটালীৰ বৰ্তমানৰ বাণিজ্য আৰু বিনিয়োগৰ পৰিমাণ তুলনামূলকভাৱে তাকৰ।
- পূৰ্বৱৰ্তী সমস্যাৰ বাবে বিশ্বাসৰ অভাৱঃ
- ইটালিয়ান মেৰিনাৰ্ছৰ গোচৰ (Italian Mariners’ case) : গোচৰটোৱে আইনী অধিকাৰ আৰু কাৰ্যকৰী প্ৰতিৰক্ষাক লৈ ভাৰত আৰু ইটালীৰ মাজত সংঘাতৰ সৃষ্টি কৰিছিল, যিটো কেৱল ২০২০ চনত স্থায়ী আদালতৰ মধ্যস্থতাৰ ৰায়ৰ সৈতে শেষ হৈছিল।
- আগুস্তা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰী (Agusta Westland helicopter scandal) : ইটালীৰ কোম্পানী লিওনাৰ্ডোৰ মালিকানাধীন প্ৰতিৰক্ষা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ ফলত ভাৰতে ২০১৫ চনত হেলিকপ্তাৰ ক্ৰয় চুক্তি বাতিল কৰিছিল আৰু লিওনাৰ্ডোক ভাৰতীয় প্ৰতিৰক্ষা বজাৰৰ পৰা নিষিদ্ধ কৰিছিল।
- অবাস্তৱীয় মিত্ৰতা (Unrealized Alliance) : ২০২১ চনত ভাৰত-ইটালী-জাপান ত্ৰিপাক্ষিক অংশীদাৰিত্বৰ সূত্ৰপাত ঘটোৱা হৈছিল যদিও ই এতিয়াও কাৰ্যকৰী হোৱা নাই।
সম্ভাব্য কাৰ্যপন্থা
১. অৰ্থনৈতিক সহযোগিতা
- দুয়োখন ৰাষ্ট্ৰই বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা, বাণিজ্যৰ পৰিমাণ বৃদ্ধি কৰা, নতুন বিনিয়োগৰ সুযোগ অন্বেষণ কৰা আৰু গভীৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব পাৰে।
২. ইউৰোপীয় ইউনিয়ন-ভাৰতৰ অংশীদাৰিত্ব শক্তিশালীকৰণ
- এক সম্ভাৱ্য ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য চুক্তিয়ে (India-EU trade pact) ইটালী আৰু ভাৰতৰ মাজত দ্বিমুখী বাণিজ্য বৃদ্ধি কৰা সমান্তৰালকৈ ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সম্পৰ্ক বিস্তৃত কৰিব পাৰে।
৩. ভাগ-বতৰা কৰা বিশ্বজনীন কাৰ্যসূচী
- বহুপাক্ষিক বিষয়সমূহত সহযোগিতা স্থাপন কৰি ভাৰত আৰু ইটালীয়ে এক নতুন গোলকীয় কার্যসূচী গঠন আৰু সমৰ্থন কৰিবলৈ একেলগে কাৰ্য সম্পাদন কৰিব পাৰে।
৪. ৰন্ধন প্ৰকৰণ সম্পৰ্কীয় বিনিময়সমূহ
- খাদ্য উৎসৱ আৰু অনুষ্ঠানৰ জৰিয়তে ৰন্ধন ঐতিহ্যৰ প্ৰচাৰ কৰা, ইটালীয় আৰু ভাৰতীয় ৰন্ধনপ্ৰণালীৰ মিশ্ৰণ কৰা, পাষ্টা, পিজ্জা, আৰু ভাৰতীয় মচলাৰ সৈতে সাংস্কৃতিক সোৱাদ সংযোগ কৰা।
স্থিত নানা প্ৰত্যাহ্বান সত্বেও, ভাৰত আৰু ইটালীৰ সম্পৰ্ক সম্প্ৰসাৰিত অৰ্থনৈতিক সম্পৰ্ক, গোলকীয় মঞ্চগত সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে নিৰন্তৰ বিকাশৰ বাবে নিৰ্ধাৰিত হৈছে। সংযোগ আৰু সহযোগিতাৰ বাবে এক অংশীদাৰী দৃষ্টিভংগী গ্ৰহণ কৰি, দুয়োখন দেশে বিশ্বজনীন পৰ্যায়ত তেওঁলোকৰ অংশীদাৰিত্ব গভীৰ কৰিব পাৰে।