ৰাছিয়াৰ কাজানত অনুষ্ঠিত হোৱা ব্ৰিক্ছ সন্মিলনৰ সমান্তৰালভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক অনানুষ্ঠানিক বৈঠকে সংবাদ-শিৰোনাম দখল কৰিছে। বিগত পাঁচ বছৰৰ ভিতৰত দুয়োজন নেতাৰ মাজত এয়াই প্ৰথম এনেধৰণৰ বৈঠক।
ভাৰত-চীন সম্পৰ্কঃ পটভূমি
ভাৰত-চীন সম্পৰ্কৰ বিকাশ ঐতিহাসিক সম্পৰ্ক, ভূ-ৰাজনৈতিক গতিশীলতা আৰু অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা গঠিত হৈ আহিছে। ইয়াত এটা সংক্ষিপ্ত আভাস তলত উল্লেখ কৰা হ’লঃ
- ঐতিহাসিক পটভূমি
- প্ৰাচীন সম্পৰ্কঃ ভাৰত আৰু চীনৰ মাজত সাংস্কৃতিক আৰু অৰ্থনৈতিক বিনিময় ৰেচম পথৰ যুগ আৰু ভাৰতৰ পৰা চীনলৈ বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ পৰাই সূত্ৰপাত হৈছিল।
- ঔপনিৱেশিক যুগঃ দুয়োখন ৰাষ্ট্ৰই ঔপনিৱেশিক শাসনৰ অধীনস্থ হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক হ্ৰাস পাইছিল।
- স্বাধীনোত্তৰ সময়ছোৱা (১৯৪৭-১৯৬২)
- প্ৰাৰম্ভিক সহযোগিতাঃ ভাৰতৰ স্বাধীনতা (১৯৪৭) আৰু গণপ্ৰজাতন্ত্ৰ হিচাপে চীনৰ প্ৰতিষ্ঠা (১৯৪৯)ই দুয়োখন ৰাষ্ট্ৰক শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা নীতিৰ ওপৰত আধাৰিত পঞ্চশীল চুক্তি (১৯৫৪)ত উপনীত কৰাইছিল।
- ১৯৬২ চনৰ যুদ্ধঃ আক্চাই চীন আৰু অৰুণাচল প্ৰদেশক লৈ সৃষ্টি হোৱা উত্তেজনাৰ ফলত চীন-ভাৰত যুদ্ধৰ সৃষ্টি হয়, যাৰ ফলত দ্বিপাক্ষিক সম্পৰ্কত স্থায়ী প্ৰভাৱ পৰে।
- শীতল যুদ্ধৰ যুগ (১৯৬২-১৯৮৮)
- কূটনৈতিক হিমশীতলতা : এই সময়ছোৱাত দ্বিপাক্ষিক সম্পৰ্কবোৰ সেমেকা আছিল, ভাৰত আৰু চীন উভয়ে শীতল যুদ্ধৰ বিৰোধী গোটৰ সৈতে একত্ৰিত হৈছিল।
- সীমিত সম্পৰ্কঃ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LAC) বিক্ষিপ্ত সংঘৰ্ষৰ পিছতো কিছু বাণিজ্য অব্যাহত আছিল।
- স্বাভাৱিককৰণ (১৯৮৮-২০০০)
- ৰাজীৱ গান্ধীৰ ভ্ৰমণে (১৯৮৮) সীমান্তজনিত বিষয়সমূহ আলোচনা কৰিবলৈ যুটীয়া কৰ্মগোষ্ঠী (Joint Working Groups) গঠন কৰি স্বাভাৱিক অৱস্থাৰ সূচনা কৰিছিল।
- বাণিজ্য আৰু চি.বি.এম. (CBM) : ১৯৯০-ৰ দশকত বাণিজ্য আৰু আত্মবিশ্বাস বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, যদিও সীমান্তজনিত সমস্যা অব্যাহত আছিল।
- কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক (২০০০-২০১০)
- অৰ্থনৈতিক সম্পৰ্কঃ ২০০৮ চনৰ ভিতৰত চীন ব্ৰিক্ছ আৰু চাংহাই সহযোগিতা সংস্থাৰ সহযোগিতাৰে ভাৰতৰ সৰ্ববৃহৎ বৈদেশিক বাণিজ্যিক অংশীদাৰ হৈ পৰিছিল।
- কৌশলগত প্ৰতিযোগিতাঃ পাকিস্তানৰ সৈতে চীনৰ সম্পৰ্ক আৰু নেপাল, শ্ৰীলংকা আৰু বাংলাদেশত প্ৰভাৱৰ ফলত ভাৰত মহাসাগৰ অঞ্চল আৰু দক্ষিণ এছিয়াত উত্তেজনা বৃদ্ধি পাইছিল।
- উত্তেজনা আৰু সংঘাত (২০১০-বৰ্তমানলৈ)
- সীমান্তজনিত উত্তেজনাৰ ঘটনাঃ উল্লেখযোগ্য স্থবিৰতাৰ ভিতৰত ডেপচাং (২০১৩), চুমাৰ (২০১৪), ডোকলাম (২০১৭) আৰু গালৱান উপত্যকাৰ সংঘৰ্ষ (২০২০) আদি প্ৰধান যি ১৯৬২ চনৰ পিছত আটাইতকৈ বেছি বৃদ্ধি পাইছে।
- বৰ্তমানৰ গতিবিধিঃ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বিচ্ছিন্নতাৰ বাবে অব্যাহত আলোচনাৰ সৈতে ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে, আনহাতে ভাৰতে চীনৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ বিচাৰিছে।
ভাৰত আৰু চীনৰ মাজত সহযোগিতাৰ ক্ষেত্ৰসমূহ
পাৰ্থক্য আৰু সীমান্তজনিত উত্তেজনা স্বত্বেও, ভাৰত আৰু চীনে একাধিক সহযোগিতাৰ ক্ষেত্ৰ স্থাপন কৰিছেঃ
- বাণিজ্য তথা অৰ্থনৈতিক সহযোগিতা
- দ্বিপাক্ষিক বাণিজ্যঃ ২০২৩ চনত ভাৰত-চীনৰ দ্বিপাক্ষিক বাণিজ্য ১৩৫.৯৮ বিলিয়ন ডলাৰত উপনীত হৈছিল, য’ত চীন এক শীৰ্ষ বাণিজ্যিক অংশীদাৰ আছিল। অৱশ্যে, ভাৰতে ৭১.৫৬ বিলিয়ন ডলাৰৰ গুৰুত্বপূৰ্ণ বাণিজ্য ঘাটিৰ সন্মুখীন হৈছে।
- বিনিয়োগঃ চীনা প্ৰতিষ্ঠানসমূহে প্ৰযুক্তি, আন্তঃগাঁথনি আৰু নিৰ্মাণৰ দৰে ভাৰতীয় খণ্ডত বিনিয়োগ কৰিছে, ছাওমি, ৰিয়েলমে, ভিভো, আৰু আলিবাবাৰ দৰে কোম্পানীবোৰে ভাৰতীয় অৰ্থনীতিত শক্তিশালী উপস্থিতি লাভ কৰিছে।
- বহুপাক্ষিক সহযোগিতা
- ব্ৰিক্ছ (BRICS) : দুয়োখন দেশে অৰ্থনৈতিক উন্নয়ন, গোলকীয় বিত্তীয় সংস্কাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতা কৰে।
- ছাংহাই সহযোগিতা সংস্থা (SCO) : ভাৰত আৰু চীনে আঞ্চলিক নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী আৰু অৰ্থনৈতিক পদক্ষেপৰ ক্ষেত্ৰত একেলগে কাম কৰে।
- জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ
- জলবায়ু চুক্তিঃ দুয়োখন ৰাষ্ট্ৰই পেৰিছ চুক্তিৰ স্বাক্ষৰকাৰী আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন প্ৰতিহতকৰণ মঞ্চ (UNFCCC)ৰ অধীনত নিৰ্গমন হ্ৰাস কৰিবলৈ আৰু নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ সহযোগিতা কৰে।
- পৰিষ্কাৰ শক্তিঃ ভাৰত আৰু চীনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰত দক্ষতা বিনিময় কৰে।
- সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত বিনিময়
- শিক্ষাঃ ২০২৩ চনত প্ৰায় ২৩,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে প্ৰধানকৈ চিকিৎসা বিজ্ঞান ক্ষেত্ৰত চীনত অধ্যয়ন কৰি আছিল।
- পৰ্যটনঃ প্ৰাক্-মহামাৰীৰ সমছোৱাত দুয়োখন দেশৰ মাজত পৰ্যটন আৰু সাংস্কৃতিক বিনিময় (চলচ্চিত্ৰ, সংগীত, কলা) বৃদ্ধি পাইছিল।
- স্বাস্থ্য আৰু ঔষধ
- ফাৰ্মাচিউটিকেলছঃ চীনে ভাৰতৰ দৰৱ প্ৰস্তুতকাৰক উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদান (API) যোগান ধৰে।
- মহামাৰীৰ প্ৰতিক্ৰিয়াঃ দুয়োখন দেশে ক’ভিড-১৯ মহামাৰীৰ সময়ত চিকিৎসা পদ্ধতি আৰু সামগ্ৰীৰ আদান-প্ৰদান কৰিছিল।
- বিজ্ঞান আৰু প্রযুক্তি
- যৌথ গৱেষণাঃ দুয়োখন দেশে যৌথ গৱেষণা প্ৰকল্পৰ জৰিয়তে মহাকাশ, জৈৱ প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা কৰিছে।
- ডিজিটেল অৰ্থনীতিঃ চীনা প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে বিনিয়োগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ ডিজিটেল খণ্ডত অৰিহণা যোগায়।
- আঞ্চলিক আৰু গোলকীয় নিৰাপত্তা
- সন্ত্ৰাসবাদ বিৰোধীঃ ভাৰত আৰু চীনে চোৰাংচোৱা তথ্য আদান-প্ৰদান কৰে আৰু ছাংহাই সহযোগিতা সহযোগিতাৰ অধীনত যুটীয়া সন্ত্ৰাসবাদ বিৰোধী সামৰিক অনুশীলন অনুষ্ঠিত কৰে।
- আফগানিস্তানঃ আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰৰ পিছত ভাৰত আৰু চীন উভয়ে দেশে অঞ্চলটোত আঞ্চলিক সুস্থিৰতা নিশ্চিত কৰিবলৈ সমন্বয় স্থাপন কৰিছে।
ভাৰত-চীন সীমান্ত বিবাদৰ মূল প্ৰত্যাহ্বানসমূহ
- সীমান্ত বিবাদ
- পশ্চিম ছেক্টৰ (লাডাখ) : ভাৰতে জনছন লাইন (Johnson Line) অনুসৰি জম্মু আৰু কাশ্মীৰৰ (লাডাখ) অংশ হিচাপে আক্চাই চীনক দাবী কৰে, আনহাতে চীনে আকচাই চীনৰ ওপৰত নিয়ন্ত্ৰণ দাবী কৰি মেকডোনাল্ড লাইনৰ (McDonald Line) পক্ষত অৱস্থান গ্ৰহণ কৰে।
- মধ্য খণ্ড (হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড) : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত বিস্তৃত চুক্তিৰ সৈতে একাংশ ক্ষুদ্ৰ পৰিসৰৰ বিবাদ বিদ্যমান।
- পূব খণ্ড (অৰুণাচল প্ৰদেশ আৰু ছিকিম) : চীনে মেকমোহন ৰেখা(McMahon Line)ৰ বিৰোধিতা কৰি দাবী কৰিছিল যে ১৯১৪ চনৰ চিমলা সন্মিলনত তিব্বতীয় প্ৰতিনিধিসকলৰ কৰ্তৃত্বৰ অভাৱ আছিল।
- সীমান্তজনিত অনুপ্ৰৱেশ
- অনিৰ্ধাৰিত আৰু বিতৰ্কিত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ফলত ডেমচক (২০১৪) ডেপচাং (২০১৫) ডোকলাম (২০১৭) আৰু গালৱান উপত্যকাত সংঘটিত ঘটনা (২০২০)কে ধৰি সঘনাই সংঘৰ্ষৰ সৃষ্টি হয়।
- জলৰাশিৰ ভাগ-বতৰা
- চীনৰ উজনি অংশগত ভৌগালিক অৱস্থিতিয়ে ব্ৰহ্মপুত্ৰৰ দৰে নদীৰ ওপৰত অধিক লাভালাভৰ অনুমতি দিয়ে, যাৰ ফলত বান্ধ নিৰ্মাণ আৰু জল-প্ৰৱাহ নিয়ন্ত্ৰণৰ ওপৰত উদ্বেগৰ সৃষ্টি হয়।
- তিব্বত সমস্যা
- ভাৰতে তিব্বতৰ নির্বাসিত চৰকাৰ আৰু দালাই লামাক আতিথ্য আগবঢ়াই আহিছে, যাৰ ফলত চীনে ভাৰতৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে, আনহাতে ভাৰতে “এক চীন” (One China) নীতি বজাই ৰাখে।
- ব্যৱসায়িক ভাৰসাম্যহীনতা
- নিয়ামক বাধা, বৌদ্ধিক সম্পত্তি অধিকাৰৰ বিষয় আৰু বজাৰৰ অস্বচ্ছতাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে ভাৰতে ২০২২ চনত চীনৰ সৈতে ৮৭ বিলিয়ন ডলাৰৰ বাণিজ্য ঘাটিৰ সন্মুখীন হৈছিল।
- বেল্ট এণ্ড ৰোড উদ্যোগ(BRI)জনিত উদ্বেগ
- ভাৰতে পাকিস্তান-অধিকৃত কাশ্মীৰত (Pok) চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (China-Pakistan Economic Corridor (CPEC)) ৰ বিৰোধিতা কৰি আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম মান্যতা, ঋণ ফান্দ (debt traps) পৰিহাৰ কৰা আৰু পাৰিপাৰ্শ্বিক বিপদাশংকা হ্ৰাসৰ পোষকতা কৰে।
চীনৰ দাবীৰ আঁৰৰ ভূ-ৰাজনৈতিক কাৰকসমূহ
- ছালামী কটাৰ কৌশল (Salami Slicing Strategy)
- ক্ষুদ্ৰ ক্ষুদ্ৰ পদক্ষেপৰ জৰিয়তে চীনে আঞ্চলিক সম্প্ৰসাৰণ বৰ্ধিত কৰি আহিছে। দক্ষিণ চীন সাগৰ আৰু হিমালয়ত ইয়াৰ উদাহৰণ স্পষ্ট, ডোকলাম স্থবিৰতা (Doklam standoff) এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ উদাহৰণ।
- ঋণ ফান্দ কূটনীতি (Debt Trap Diplomacy)
- অৰ্থনৈতিক নিৰ্ভৰশীলতা সৃষ্টি কৰিবলৈ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ঋণ বৃদ্ধি কৰা। যদি পৰিশোধ ব্যৰ্থ হয়, চীনে কৌশলগত সম্পদৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে, ইয়াৰ বিশ্বব্যাপী প্ৰভাৱ সম্প্ৰসাৰিত কৰে।
- পাঁচ-আঙুলীয়া তিব্বত কৌশল
- নিয়ন্ত্ৰণৰ বাবে চীনৰ কৌশলগত আকাংক্ষাসমূহঃ
- লাডাখঃ ই পাকিস্তানলৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।
- নেপালঃ ই ভাৰতৰ কেন্দ্ৰস্থললৈ কৌশলগত প্ৰৱেশৰ বাট মোকলাব।
- ছিকিমঃ ইয়াৰ দ্বাৰা ভাৰতৰ “চিকেন নেক” (Siliguri Corridor) বিচ্ছিন্ন কৰাৰ সম্ভাৱনা আছে।
- ভূটানঃ ই বাংলাদেশৰ সৈতে অধিক নিকটতা প্ৰদান কৰিব।
- অৰুণাচল প্ৰদেশঃ ইয়াৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত সামৰিক প্ৰৱেশ বৃদ্ধি কৰিব পাৰে।
- নিয়ন্ত্ৰণৰ বাবে চীনৰ কৌশলগত আকাংক্ষাসমূহঃ
- মুক্তাৰ মণিধাৰ কৌশল (String of Pearls Strategy)
- ই চীনে ভাৰতক কৌশলগতভাৱে ঘেৰাও কৰাৰ লক্ষ্যৰে গোৱাদাৰ (পাকিস্তান) মালে (মালদ্বীপ) হাম্বানটোটা (শ্ৰীলংকা) চিটাগং (বাংলাদেশ) আৰু জিবুতি (হৰ্ন অফ্ আফ্ৰিকা)সহ ভাৰত মহাসাগৰৰ চাৰিওফালে চীনা নিয়ন্ত্ৰিত বন্দৰসমূহৰ জালিকা স্থাপন কৰা কৌশলক সূচায়।
চীনৰ আক্ৰমণাত্মক পদক্ষেপৰ প্ৰতি ভাৰতৰ সঁহাৰি
- গোলকীয় কৌশলগত মিত্ৰতা
- কোৱাড (QUAD) : ভাৰতে গণতান্ত্ৰিক মূল্যবোধ, সামুদ্ৰিক বাণিজ্য আৰু নিৰাপত্তা বজাই ৰাখিবলৈ অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ সৈতে সক্ৰিয় সম্পৰ্ক স্থাপন কৰিছে।
- আই২ইউ২ (I2U2) : ভাৰতৰ আঞ্চলিক ভূ-ৰাজনৈতিক স্থিতি বৃদ্ধি কৰিবলৈ ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীৰ সৈতে নতুন মিত্ৰতা সুদৃঢ় কৰাৰ প্ৰয়াস কৰিছে।
- ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (India-Middle East-Europe Economic Corridor (IMEC)
- ইয়াৰ দ্বাৰা চীনৰ বি.আৰ.আই.-ক প্ৰতিহত কৰা আৰু আৰৱ সাগৰ আৰু মধ্য প্ৰাচ্যত ভাৰতৰ উপস্থিতি শক্তিশালী কৰা এক বিকল্প বাণিজ্য আৰু সংযোগ উদ্যোগ।
- আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (International North-South Transport Corridor (INSTC)
- ইয়াৰ অধীনত ভাৰত মহাসাগৰ, পাৰস্য উপসাগৰ আৰু কাস্পিয়ান সাগৰক সংযোগ কৰা ভাৰত, ইৰাণ আৰু ৰাছিয়াৰ সৈতে ৭,২০০ কিলোমিটাৰৰ মাল্টি-মডেল নেটৱৰ্ক (multi-modal network) স্থাপন কৰাৰ যো-জা চলোৱা হৈছে। চীনৰ আঞ্চলিক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ চাবাহাৰ বন্দৰ (Chahbahar Port)ৰ কৌশলগত ব্যৱহাৰ।
- ভাৰত মহাসাগৰ অৱধি সংঘ (Indian Ocean Rim Association (IORA))
- ভাৰত মহাসাগৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা আৰু আঞ্চলিক একত্ৰীকৰণৰ প্ৰচাৰ কৰে।
- হীৰাৰ হাৰ কৌশল (Necklace of Diamonds Strategy)
- ইয়াৰ জৰিয়তে চীনৰ “ষ্ট্ৰিং অৱ পাৰ্লছ” ৰ প্ৰতি ভাৰতৰ প্ৰতিৰোধ বৃদ্ধিৰ লগতে ভাৰতীয় মহাসাগৰত ভাৰতীয় নৌবাহিনীৰ উপস্থিতি বৃদ্ধি, সামৰিক ঘাটি সম্প্ৰসাৰণ, আৰু ভাৰত-প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ অঞ্চলত কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
অৰ্থনৈতিক আৰু আঞ্চলিক নিৰাপত্তা পদক্ষেপসমূহক আগুৱাই লৈ যোৱাৰ সময়তে সীমান্তৰ উত্তেজনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অব্যাহত প্ৰচেষ্টাৰ সৈতে ভাৰত আৰু চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সহযোগিতা আৰু প্ৰতিদ্বন্দিতাৰ সংমিশ্ৰণ হিচাপে পৰিগণিত হৈছে। চীনৰ বৰ্ধিত প্ৰভাৱক প্ৰতিহতকৰণত ভাৰতৰ কৌশলগত মিত্ৰতা আৰু আঞ্চলিক উপস্থিতিয়ে কেন্দ্ৰীয় স্থান দখল কৰিছে।