মণিপুৰ সমস্যা
MANIPUR ISSUE

গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক আক্ৰমণ আৰু আইন-শৃংখলাজনিত সমস্যাৰ প্ৰতি সঁহাৰি জনাই মণিপুৰলৈ প্ৰায় ২,০০০ কৰ্মচাৰীৰে গঠিত ২০টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) কোম্পানী মোতায়েন কৰাৰ নিৰ্দেশ দিছে।

শেহতীয়া গুলীয়াগুলি আৰু হতাহতিৰ ঘটনা

বিগত সোমবাৰে নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহীসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয়।

মণিপুৰত বিদ্যমান অস্থিৰতাৰ আঁৰৰ দীৰ্ঘম্যাদী কাৰকসমূহ

  • ঐতিহাসিক সংঘাতঃ মণিপুৰৰ কুকি (পাৰ্বত্য জনজাতি) আৰু মেইটেই (ভৈয়ামৰ জনগোষ্ঠী) সকলৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক স্বীকৃতিৰ বাহাল থকা প্ৰতিযোগিতাৰ পৰা বিদ্যমান নৃগোষ্ঠীয় উত্তেজনাৰ উদ্ভৱ হৈ আহিছে।
  • নৃগোষ্ঠীয় চ্যুতি ৰেখাঃ মুঠ ৰাজ্যিক জনসংখ্যাৰ অৰ্ধেকতকৈ কিছু বেছি জনসংখ্যাযুক্ত মেইটেইসকলে মূলতঃ ইম্ফল উপত্যকাত বাস কৰে, আনহাতে কুকি আৰু নগাসকলে পাৰ্বত্য জিলাসমূহত বাস কৰে। কুকি তথা নগা সকলে মণিপুৰৰ প্ৰেক্ষাপটত ব্যৱসায়িক আৰু ৰাজনৈতিক দিশত সীমিত প্ৰতিনিধিত্ব লাভ কৰে।
  • মেইটেই আধিপত্যঃ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৫২% মেইটেই লোকেৰে গঠিত। মণিপুৰৰ ৮৯% ভূমি পৰ্বতীয়া অঞ্চলসমূহে আৱৰি ৰখা স্বত্বেও, মণিপুৰ ৰাজ্যিক বিধানসভাৰ ৬০ খন আসনৰ ভিতৰত ৪০ খন আসনতে মেইটেইসকলে ৰাজনৈতিক আধিপত্য বজাই ৰাখিছে।
  • ভূমি সমস্যাঃ মেইটেইসকলৰ বসতি ৰাজ্যখনৰ প্ৰায় ১০% অ্ংশ আগুৰি থকা ইম্ফলৰ সমতলীয় উপত্যকাত সীমাবদ্ধ। তদুপৰি, মণিপুৰৰ ৰাজ‌্যিক নিৰ্দেশনা অনুসৰি তেওঁলোকে জনজাতীয় অঞ্চলত ভূমি ক্ৰয় কৰিব নোৱাৰে, আনহাতে জনজাতীয় লোকসকলে সমভূমিস্থিত উপত্যকাত ভূমি ক্ৰয় কৰিব পাৰে।
  • সীমা নিৰ্ধাৰণৰ সমস্যাঃ ২০২০ চনৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ছোৱাতে মেইটেইসকলে লোকপিয়লৰ তথ্যই জনগাঁথনি সঠিকভাৱে প্ৰতিফলিত নকৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল।
  • ড্ৰাগছ সৰবৰাহ আৰু অপৰাধঃ সোণালী ত্ৰিভুজৰ (Golden Triangle) সান্নিধ্যই মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপৰাধমূলক কাৰ্যকলাপত ইন্ধন যোগাই আহিছে। ইয়াৰ ফলত আঞ্চলিক অস্থিৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
  • প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশ : ম্যানমাৰত সামৰিকৰ অভ্যুত্থানৰ পিছত, মণিপুৰৰ চুড়াচান্দপুৰত শৰণাৰ্থীৰ অনুপ্ৰৱেশে মেইটেইসকলৰ মাজত, বিশেষকৈ ভূমি আৰু পপি খেতিৰ আশে-পাশে আতংকৰ সৃষ্টি কৰিছে।
  • স্বায়ত্তশাসনৰ দাবীঃ নগা আৰু কুকিৰ দৰে জনজাতীয় গোটসমূহে বিস্তৃত স্বায়ত্তশাসন বা পৃথক প্ৰশাসনিক গোটৰ বাবে দাবী উত্থাপন কৰি আহিছে।
  • বিদ্ৰোহী উপস্থিতিঃ মণিপুৰত বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী গোটৰ উপস্থিতিয়ে সংঘাতমূলক উত্তেজনা বৃদ্ধি কৰে।
  • আফস্পা (AFSPA) ৰ ৰূপায়ণঃ সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইনে (Armed Forces (Special Powers) Act) সামৰিক কৰ্তৃত্ব প্ৰদান কৰে। ইয়াৰ ফলত মানৱ অধিকাৰ উলংঘন আৰু প্ৰতিৰোধৰ অভিযোগ উত্থাপন হয়।

মণিপুৰত বিৰাজমান অস্থিৰতাৰ আঁৰৰ তাৎক্ষণিক কাৰকসমূহঃ

  • মেইটেইসকলক অনুসূচিত জনজাতি মৰ্যাদা প্ৰদানৰ দাবীঃ ২০১২ চনৰ পৰা, মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (Scheduled Tribe (ST)) ৰ মৰ্যাদা বিচাৰি আহিছে, আৰু তেওঁলোকে দাবী কৰি আহিছে যে ১৯৪৯ চনত মণিপুৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ পিছত ঐতিহাসিক জনজাতীয় স্বীকৃতি (historical tribal recognition) হেৰাই গৈছে।
  • উচ্চ ন্যায়ালয়ৰ নিৰ্দেশঃ ২০২৩ চনৰ এপ্ৰিলত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যিক চৰকাৰখনক মেইটেই জনগোষ্ঠীৰ ক্ষেত্ৰত অনুসূচিত জনজাতিৰ মৰ্যাদা বিবেচনা কৰিবলৈ নিৰ্দেশনা আগবঢ়াইছিল। ফলত পাৰ্বত্য কুকিসকলৰ মাজত পাহাৰীয়া অঞ্চলত সম্ভাৱ্য ভূমি প্ৰৱেশাধিকাৰৰ বিষয়ে আশংকাৰ সৃষ্টি হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কুকি জনজাতিৰ লোকসলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।
  • চৰকাৰী উচ্ছেদ অভিযানঃ ২০২৩ চনৰ ফেব্ৰুৱাৰীত মণিপুৰ চৰকাৰে কুকি পৰিয়ালক বনভূমিৰ পৰা উচ্ছেদ কৰিছিল। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক জনজাতীয় গোটসমূহে বৈধ বাসিন্দাসকলক লক্ষ্যকাৰী এক উদ্দেশ্যজনিত কাৰ্যকলাপ হিচাপে গণ্য কৰিছিল।

মণিপুৰৰ পৰিস্থিতি স্বাভাৱিকীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহঃ

  • ভুক্তভোগীসকলৰ পুনৰ্বাসনঃ ৰাজ্য চৰকাৰ আৰু নাগৰিক সমাজৰ সহায়ত ভুক্তভোগীসকলক চিনাক্ত আৰু পুনৰ্বাসন কৰা, সিদ্ধান্ত গ্ৰহণত স্থানীয় অংশগ্ৰহণ বৃদ্ধি কৰা।
  • নিৰস্ত্ৰীকৰণঃ হিংসা হ্ৰাস কৰিবলৈ নাগৰিক সমাজৰ নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ আৰোপ কৰা প্ৰয়োজন।
  • ভুৱা বাতৰিৰ বিৰুদ্ধে যুঁজ দিয়াঃ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ ভুল তথ্য প্ৰকাশকাৰী তথা পক্ষপাতমূলক সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ বিৰুদ্ধে যুঁজ দিয়া দৰকাৰ।
  • অন্তৰ্ভুক্তিমূলক আলোচনাঃ ১৯৮৬ চনৰ মিজোৰাম চুক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলো নৃগোষ্ঠীয় গোটক আলোচনাত জড়িত কৰা উচিত।
  • স্বচ্ছতা আৰু নিৰপেক্ষতাঃ নৃগোষ্ঠীসমূহৰ মাজত বিশ্বাস গঢ়ি তুলিবলৈ আৰু ক্ষমতাৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ এক নিৰপেক্ষ আইনী ব্যৱস্থা নিশ্চিত কৰা প্ৰয়োজন।
  • অনুসূচিত জনজাতি মানদণ্ডৰ মূল্যায়ন : লকূৰ সমিতিৰ (Lokur Committee) পৰামৰ্শৰ দৰে নিৰ্দেশনা অনুসৰণ কৰি অনুসূচিত জনজাতি মৰ্যাদাৰ বাবে সংশ্লিষ্ট মানদণ্ড পুনৰ মূল্যায়ন কৰা উচিত।
  • সীমান্ত নিৰীক্ষণঃ শৰণাৰ্থীৰ অনুপ্ৰৱেশ নিয়ন্ত্ৰণৰ বাবে ম্যানমাৰ সীমান্ত নিৰীক্ষণ শক্তিশালী কৰা দৰকাৰ।
  • এক জিলা এক বাহিনী (One District One Force (ODOF)) : সমন্বয় আৰু দায়বদ্ধতা উন্নত কৰিবলৈ প্ৰতিখন জিলাতে একোটা নিৰাপত্তা বাহিনী নিয়োগ কৰা উচিত।
  • আফস্পা প্ৰত্যাহাৰঃ মানৱ অধিকাৰজনিত উদ্বেগ সমাধান কৰিবলৈ আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বিশ্বাস বৃদ্ধি কৰিবলৈ আফস্পা আইন প্ৰত্যাহাৰ কৰা দৰকাৰ।

Leave a Reply