মানসৰ ৰাষ্ট্ৰীয় উদ্যানত ‘এছিয়াটিক সোণালী মেকুৰী (‘ASIATIC GOLDEN CAT’)ৰ অৱস্থিতি
PRESENCE OF ‘ASIATIC GOLDEN CAT’ RECONFIRMED IN MANAS NATIONAL PARK

মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়াটিক সোণালী মেকুৰীৰ পুনৰ নিশ্চিতকৰণ

  • স্থানঃ মানস ৰাষ্ট্ৰীয় উদ্যান, অসম, ভাৰত।
  • অংশগ্ৰহণকাৰীঃ অসম বন বিভাগ, আৰণ্যক আৰু ভাৰতৰ বিভিন্ন সংৰক্ষণবিদ।
  • প্ৰজাতিঃ এছিয়াটিক সোণালী মেকুৰী (Asiatic golden cat) (Catopuma temminckii)

এছিয়াটিক সোণালী মেকুৰীৰ বৈশিষ্ট্যঃ

  • আকাৰ : মধ্যমীয়া আকাৰৰ শ্বাপদ (felid)।
  • বিচৰণ পৰিসৰঃ
    • উত্তৰ-পূব ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীন।
  • সংৰক্ষণৰ স্থিতিঃ
    • আই.ইউ.চি.এন. ৰঙা তালিকাত প্ৰায় বিপদাপন্ন হিচাপে তালিকাভুক্ত।(Near Threatened on the IUCN Red List)
    • ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন (Wildlife (Protection) Act), 1972ৰ অনুসূচী-১ (Schedule-I)ৰ অধীনত সুৰক্ষিত।
  • বাসস্থান পৰিসৰঃ
    • শুকান পৰ্ণপাতী অৰণ্য, উপ-ক্ৰান্তীয় চিৰসেউজ অৰণ্য, ক্ৰান্তীয় বৰ্ষাৰণ্য, নাতিশীতোষ্ণ আৰু উপ-আলপাইন অৰণ্য।
    • উচ্চতাৰ পৰিসৰঃ 0 মিটাৰ পৰা ৩,৭৩৮ মিটাৰ।

নথিভুক্ত বিচৰণ স্থানসমূহ

  • ভাৰত:
    • খানচেণ্ডজংগা সংৰক্ষিত জৈৱ-মণ্ডল (ছিকিম), বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (উত্তৰ বংগ), নংখিলেম বন্যপ্ৰাণী অভয়াৰণ্য (মেঘালয়), ডাম্ফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (মিজোৰাম), নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু অন্যান্য।
  • ভূটানঃ একাধিক সংৰক্ষিত অঞ্চলত ইয়াৰ উপস্থিতি লিপিবদ্ধ কৰা হৈছে।

মানস ৰাষ্ট্ৰীয় উদ্যানত এছিয়াটিক সোণালী মেকুৰীৰ বিচৰণ পুনৰ নিশ্চিতকৰণে এই বিৰল আৰু মোহনীয় প্ৰজাতিৰ সুৰক্ষাৰ স্বাৰ্থত অব্যাহত সংৰক্ষণ প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত ভূমিকা আৰোপ কৰে। আই. ইউ. চি.এন. ৰঙা তালিকাত প্ৰায় বিপদাপন্ন হিচাপে তালিকাভুক্ত, এছিয়াটিক সোণালী মেকুৰীৰ এই অঞ্চলটোত অবিৰত উপস্থিতিয়ে সংৰক্ষণ পদক্ষেপৰ সফলতা আৰু মানসৰ দৰে সংৰক্ষিত বনাঞ্চলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

Leave a Reply