মুদ্ৰাস্ফীতি
INFLATION

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে চলিত মাহৰ মুদ্ৰানীতি সমিতিৰ (Monetary Policy Committee (MPC)) বৈঠকত সুতৰ হাৰ (interest rates) সালসলনি নকৰা যুক্তি সন্দৰ্ভত ব্যক্ত কৰে যে ভাৰতে মুদ্রাস্ফীতিৰ আন এক বিপদাশংকাৰ সন্মুখীন হ’ব নোৱাৰে।

মুদ্ৰাস্ফীতি

মুদ্ৰাস্ফীতিৰ অৰ্থ হৈছে এটা অৰ্থনীতিত সামগ্ৰী আৰু সেৱাৰ মূল্যৰ ধাৰাবাহিক বৃদ্ধি, যিটো বছৰে বছৰে পৰিমাপ কৰা হয়।

উদাহৰণস্বৰূপেঃ ২০২৪ চনৰ এপ্ৰিল মাহত ৬% মুদ্ৰাস্ফীতিৰ অৰ্থ হৈছে ২০২৩ চনৰ এপ্ৰিলৰ তুলনাত সংশ্লিষ্ট মূল্য ৬% বৃদ্ধি পাইছে। ইয়াক গণনা কৰা হয় এনেদৰে –

মুদ্ৰাস্ফীতিৰ হাৰ = [(বৰ্তমান সময়ৰ মূল্য-পূৰ্বৰ সময়ৰ মূল্য) ÷ পূৰ্বৰ সময়ৰ মূল্য] × ১০০

মুদ্ৰাস্ফীতি মূল্য সূচক (Price Index) ব্যৱহাৰ কৰি পৰিমাপ কৰা হয় আৰু হাৰ আৰু কাৰণৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবদ্ধ কৰিব পাৰি।

হাৰৰ ওপৰত ভিত্তি কৰি মুদ্রাস্ফীতিৰ প্ৰকাৰঃ

  • ক্ৰিপিং মুদ্ৰাস্ফীতি (Creeping Inflation) (২-৩%) : মুদ্ৰাস্ফীতিৰ এইবিধ প্ৰকাৰে মন্থৰ, নিয়ন্ত্ৰণযোগ্য বৃদ্ধিৰে অৰ্থনৈতিক বিকাশক উৎসাহিত কৰে।
  • চলমান মুদ্ৰাস্ফীতি (Walking Inflation) (৩-১০%) : মুদ্ৰাস্ফীতিৰ এইবিধ প্ৰকাৰে দ্ৰুত বৃদ্ধিক সূচোৱৰ লগতে সম্ভাৱ্য উচ্চ মুদ্ৰাস্ফীতিৰ বাবে এক সতৰ্কবাণী সংকেতস্বৰূপ।
  • দ্ৰুত মুদ্রাস্ফীতি (Galloping Inflation) (১০-৫০%) : উচ্চ হাৰযুক্ত দ্ৰুত মুদ্ৰাস্ফীতিয়ে আয় আৰু বিনিয়োগৰ গতি ধৰি ৰাখিব নোৱাৰে।
  • অতি মুদ্ৰাস্ফীতি (Hyperinflation) (>৫০% প্ৰতি মাহে) : এইবিধ চৰম তথা গুৰুতৰ মূল্যবৃদ্ধিৰ প্ৰকাৰে বিপদজনক ভাৱে মূদ্ৰামূল্য হ্ৰাস কৰে। যেনে, জিম্বাবৱে (২০০৪-০৯) আৰু ভেনিজুৱেলাত (২০১৯) অতি-মুদ্ৰাস্ফীতিৰ অৱস্থা দেখা পোৱা গৈছিল।

কাৰণৰ ওপৰত ভিত্তি কৰি মুদ্রাস্ফীতিৰ প্ৰকাৰ

  • চাহিদা-জনিত মুদ্ৰাস্ফীতি (Demand-Pull Inflation) : সামগ্ৰিক চাহিদা বৃদ্ধিৰ ফলত, প্ৰায়ে ব্যৱহাৰযোগ্য আয় বৃদ্ধিৰ ফলত, বৰ্ধিত চাহিদা পূৰণ কৰাত যোগান ব্যৰ্থ হোৱাৰ বাবে সামগ্ৰীৰ অধিক মূল্যৰ সৃষ্টি হয়।
  • ব্যয়-জনিত মুদ্ৰাস্ফীতি (Cost-Push Inflation) : পণ্য আৰু সেৱাৰ সামগ্ৰিক উৎপাদন ব্যয় বৃদ্ধি (যেনে, উচ্চ মজুৰি অথবা সামগ্ৰীগত ব্যয়)ৰ ফলত ব্যয়-জনিত মুদ্ৰাস্ফীতিয়ে দেখা দি’ব পাৰে।
  • যোগান-প্ৰঘাত মুদ্ৰাস্ফীতি (Supply-Shock Inflation) : আকস্মিকভাৱে, অপ্রত্যাশিতভাৱে যোগান হ্ৰাস হোৱাৰ ফলত (যেনে., প্ৰাকৃতিক দুৰ্যোগ) ফলত মূল্যস্তৰৰ দ্ৰুত বৃদ্ধি ঘটে।
  • গাঁথনিগত/বাধাগ্ৰস্ত মুদ্ৰাস্ফীতি (Structural/Bottleneck Inflation) : দুৰ্বল আন্তঃগাঁথনি বা নিম্ন উৎপাদনশীলতাৰ দৰে অৰ্থনৈতিক অদক্ষতাৰ ফলত যোগানৰ অভাৱ সৃষ্টি হয় আৰু মূল্যস্তৰ বৃদ্ধি পায়।
  • প্ৰটিন মুদ্রাস্ফীতি (Protein Inflation): প্ৰ’ টিন সমৃদ্ধ খাদ্য (যেনে., গাখীৰ, মাংস) ৰ প্ৰতি খাদ্যাভ্যাসৰ অগ্ৰাধিকাৰৰ পৰিৱৰ্তনৰ ফলত অধিক চাহিদা আৰু মূল্যস্তৰ বৃদ্ধি পায়।

মুদ্ৰা নীতি (Monetary Policy)

  • সংজ্ঞাঃ নিৰ্দিষ্ট অৰ্থনৈতিক লক্ষ্য প্ৰাপ্ত কৰিবলৈ মুদ্ৰা আহিলা ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা নীতিক মুদ্ৰা নীতি বোলে।
  • প্ৰাথমিক উদ্দেশ্যঃ অৰ্থনৈতিক বিকাশক সমৰ্থন কৰাৰ লগতে মূল্যৰ স্থিৰতা বজাই ৰখা।
  • মূল্য স্থিৰতাৰ গুৰুত্বঃ বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ মুদ্ৰানীতি অত্যাৱশ্যকীয়।
  • মুদ্রাস্ফীতি লক্ষ্যঃ ১৯৩৪ চনৰ সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আইন (Amended RBI Act) অনুসৰি, মুদ্ৰাস্ফীতিৰ লক্ষ্য ৪% (± ২%) নিৰ্ধাৰণ কৰা হৈছে।
  • মুদ্ৰাস্ফীতি লক্ষ্যৰ পৰ্যালোচনাঃ ভাৰত চৰকাৰে ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা কৰি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে লক্ষ্য সংশোধন কৰে।

মুদ্ৰা নীতি সমিতি (MPC)

  • উৎপত্তিঃ ১৯৩৪ চনৰ সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন (২০১৬)ৰ ৪৫ য খ ধাৰাৰ অধীনত মুৰ্দা নীতি সমিতি গঠিত হয়। এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ কৰ্তৃত্ব বাহাল থাকে।
  • উদ্দেশ্যঃ মুদ্ৰা নীতি সমিতিয়ে মুদ্ৰাস্ফীতিৰ লক্ষ্যত উপনীত হ ‘বলৈ নীতিৰ হাৰ নিৰ্ধাৰণ কৰে, যিটো ৪৫ য খ ধাৰাত উল্লেখ কৰা হৈছে। ইয়াৰ সিদ্ধান্তসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰত বাধ্যতামূলক।
  • সমিতিৰ গঠনঃ
    • মুদ্ৰা নীতি সমিতিৰ মুঠ সদস্য সংখ্যা ৬ জন
    • ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (পদেন সভাপতি)
    • বিত্তীয় নীতিৰ দায়িত্ববাহী ভাইচ-গৱৰ্ণৰ
    • ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় পৰিষদৰ দ্বাৰা মনোনীত এজন বিষয়া
    • কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্ত তিনিজন সদস্য, অৰ্থনীতি, বেংকিং, বিত্ত বা মুদ্ৰা নীতিৰ বিশেষজ্ঞতাৰ ভিত্তিত বাছনি কৰা হয়।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ নকৰিলে ক্ৰয় ক্ষমতা (purchasing powaer) হ্ৰাস হোৱাৰ পৰা আৰম্ভ কৰি বিনিয়োগজনিত চাপকে (strained investments) ধৰি বিভিন্ন অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে। মুদ্ৰাস্ফীতিৰ লক্ষ্য ৪% (± ২%) অনুসৰণ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক বিকাশৰ বাবে অনুকূল এক সুস্থিৰ অৰ্থনৈতিক পৰিৱেশ বজাই ৰখাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰে। এই প্ৰক্ৰিয়াত মুদ্ৰা নীতি সমিতিৰ ভূমিকা গুৰুত্বপূৰ্ণ, কিয়নো ই মুদ্ৰাস্ফীতি লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ নীতিৰ হাৰ  (policy rate) সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Reply