সংসদীয় সমিতি
PARLIAMENTARY COMMITTEE

অলপতে বিত্তীয় নিয়ন্ত্ৰকৰ পৰ্যালোচনাৰ বাবে ছেবি (SEBI) ৰ অধ্যক্ষ মাধবী পুৰী বুচকৰাজহুৱা হিচাপ-পত্ৰ সমিতি (Public Accounts Committee (PAC) ৰ দ্বাৰা আমন্ত্ৰণ জনোৱা হৈছিল যদিও ব্যক্তিগত কাৰণবশতঃ তেওঁ বৈঠকত উপস্থিত নথকাৰ কথা উল্লেখ কৰে।

সংসদীয় সমিতিঃ

সংসদীয় সমিতি হৈছে নিৰ্বাচিত বা মনোনীত সাংসদৰ এটা গোট, যি লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ অধ্যক্ষৰ অধীনত সংশ্লিষ্ট সদনত নিৰ্দিষ্ট ফলাফল উপস্থাপন কৰিবলৈ কাৰ্য সম্পাদন কৰে। ব্ৰিটিছ আৰ্হিৰ পৰা উদ্ভৱ হোৱা সংসদীয়  সমিতিসমূহে সংবিধানৰ পৰা কৰ্তৃত্ব লাভ কৰে –

  • ১০৫ নং অনুচ্ছেদ : এই অনুবন্ধত সংসদ, সদস্য আৰু সমিতিৰ ক্ষমতা আৰু সুবিধাসমূহ উল্লেখ কৰা হৈছে।
  • ১১৮ নং অনুচ্ছেদঃ এই অনুবন্ধত সংসদীয় পদ্ধতিৰ নিয়মাৱলী উল্লেখ কৰা হৈছে।

সংসদীয় সমিতিৰ শ্ৰেণীবিভাজনঃ

প্ৰকৃতি অনুসৰি, ভাৰতত সংসদীয় সমিতিবোৰ দুই প্ৰকাৰৰঃ

  • স্থায়ী সমিতি (Standing committees)
  • তদৰ্থ বা অস্থায়ী সমিতি (Ad hoc committees)

স্থায়ী সমিতিসমূহ

নিৰ্দিষ্ট ৰাজহুৱা নীতি বা প্ৰশাসনিক ক্ষেত্ৰসমূহক সম্বোধন কৰিবলৈ সংসদৰ দ্বাৰা  স্থায়ী সংসদীয় সমিতি স্থাপন কৰা হয় । স্থায়ী সংসদীয় সমিতিসমূহ সংসদৰ প্ৰতিটো অধিৱেশনৰ আৰম্ভণিতে গঠন কৰা হয় আৰু অধিৱেশন অন্ত নপৰালৈকে অব্যাহত থাকে।

মূল স্থায়ী সমিতি (বিত্তীয়)

সমিতিৰ নাম সদস্যৰ সংখ্যা কাৰ্যকাল সদস্যৰ মনোনীত বা নিৰ্বাচিত প্ৰক্ৰিয়া
প্ৰাক্-কলন সমিতি (Estimates Committee) ৩০ জন ১ বছৰ সদস্যসকল লোকসভাৰ পৰা নিৰ্বাচিত হয়।
ৰাজহুৱা হিচাপ-পত্ৰ সমিতি (Public Accounts Committee) ২২ জন  (১৫ লোকসভাৰ সদস্য  + ৭ জন ৰাজ্যসভাৰ সদস্য) ১ বছৰ সদস্যসকল উভয় সদনৰ দ্বাৰা নিৰ্বাচিত হয়।
ৰাজহুৱা উদ্যোগ সমিতি (Committee on Public Undertakings) ২২ জন (১৫ লোকসভাৰ সদস্য + ৭ জন ৰাজ্যসভাৰ সদস্য) ১ বছৰ সদস্যসকল উভয় সদনৰ দ্বাৰা নিৰ্বাচিত হয়।

ভাৰতীয় সংসদৰ উল্লেখযোগ্য সমিতিসমূহঃ

১. ৰাজহুৱা হিচাপ-পত্ৰ সমিতি (PAC) :

  • চৰকাৰী ব্যয়ৰ হিচাপ কৰা আৰু ৰাজহুৱা পুঁজিৰ দক্ষ ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে দায়বদ্ধ আটাইতকৈ শক্তিশালী সংসদীয় সমিতিসমূহৰ ভিতৰত ৰাজহুৱা হিচাপ-পত্ৰ সমিতি অন্যতম।

২. প্রাক্-কলন সমিতিঃ

  • এই সংসদীয় সমিতিখনে পুঁজিৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়সমূহৰ ব্যয় পৰীক্ষা কৰে।

৩. ৰাজহুৱা উদ্যোগৰ সমিতি (COPU) :

  • ই ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক নিৰীক্ষণ কৰে, তেওঁলোকৰ কাৰ্যকলাপ আৰু বিত্তীয় স্বাস্থ্য পৰীক্ষা কৰে।

৪. যুটীয়া সংসদীয় সমিতি (JPC) :

  • ২জি স্পেকট্ৰাম কেলেংকাৰী (2G spectrum scam) বা বফৰ্ছ গোচৰ (Bofors case)ৰ দৰে ৰাষ্ট্ৰীয় গুৰুত্বৰ নিৰ্দিষ্ট বিষয়সমূহৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি (JPC) গঠন কৰা হৈছিল।

ৰাজহুৱা হিচাপ-পত্ৰ সমিতি

  • উদ্দেশ্যঃ বিত্তীয় নিৰীক্ষণকাৰী হিচাপে কাম কৰি ভাৰত চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ-পৰীক্ষা কৰে।
  • প্ৰাথমিক (প্ৰধান) কাৰ্য : সংসদৰ দ্বাৰা প্ৰদান কৰা পুঁজি সঠিকভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (CAG) (কেগ)ৰ হিচাপ-পৰীক্ষণ প্ৰতিবেদন পৰীক্ষা কৰে।
  • সহায়ক : তদন্তৰ সময়ত নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে সমিতিলৈ সমৰ্থন কৰে।

উৎপত্তি

  • ১৯২১ চনত সৰ্বপ্ৰথম ৰাজহুৱা হিচাপ-পত্ৰ সমিতি স্থাপিত হৈছিল; ১৯৫০ চনত অধ্যক্ষৰ অধীনত ই সংসদীয় সমিতি হিচাপে পৰিগণিত হৈছিল। আদিতে ই বিত্ত সদস্যৰ নেতৃত্বত আছিল; সম্প্ৰতি এতিয়া লোকসভা সচিবালয়ৰ তত্বাৱধানত পৰিচালিত হয়।
  • ১৯৬৭ চনৰ পৰা চলি অহা এক প্ৰথা অনুসৰি ৰাজহুৱা হিচাপ-পত্ৰ সমিতিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ হয়।

সদস্যপদ

  • প্ৰতি বছৰে আনুপাতিক প্ৰতিনিধিত্বৰ জৰিয়তে নিৰ্বাচিত হোৱা ২২ জন সদস্যৰে (লোকসভাৰ পৰা ১৫ জন সদস্য ৰাজ্যসভাৰ পৰা ৭ জন সদস্য) ই গঠিত।
  • সদস্যসকলে এবছৰৰ কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে, আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই সমিতিৰ অংশ হ’ব নোৱাৰে।

কাৰ্যসমূহ

  • চৰকাৰী হিচাপ-পত্ৰ, বিত্তীয় হিচাপ-পত্ৰ আৰু নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (কেগ)ৰ প্ৰতিবেদনসমূহ পৰ্যালোচনা কৰে।
  • ই ব্যয়ৰ আইনী আবণ্টন, কৰ্তৃত্ব, আৰু পুনৰ আবণ্টন নিয়মৰ সৈতে সংগতি ৰখাটো নিশ্চিত কৰে।
  • অনিয়ম আৰু লোকচানকে ধৰি ব্যয়ৰ দক্ষতা, বিশ্বস্ততা আৰু অৰ্থনীতিৰ মূল্যায়ন কৰে।

অন্যান্য স্থায়ী সংসদীয় সমিতিসমূহ :

  • অনুসন্ধান সমিতি (Committees to Inquire) :
    • আবেদন আৰু বিশেষ অধিকাৰৰ সমিতি (Committees on Petitions and Privileges)
    • নৈতিকতা সমিতি (Ethics Committee)
  • পৰীক্ষা আৰু নিয়ন্ত্ৰণৰ সমিতি (Committees to Scrutinize and Control) :
    • ইয়াৰ অধীনত চৰকাৰী আশ্বাস, অধীনস্থ আইন, টেবুলত ৰখা কাগজ, অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ কল্যাণ, মহিলা সবলীকৰণ সমিতি আদি থাকে।
    • লাভজনক কাৰ্যালয়ৰ যুটীয়া সমিতি (Joint Committee on Offices of Profit)
  • সদনৰ দৈনন্দিন কাম-কাজ সম্পৰ্কীয় সমিতিসমূহ (Committees Relating to the Day-to-Day Business of the House)
    • ব্যৱসায়িক পৰামৰ্শদাতা সমিতি (Business Advisory Committee)
    • নিয়ম সমিতি (Rules Committee)
    • ব্যক্তিগত সদস্যসকলৰ বিধেয়ক আৰু প্ৰস্তাৱ সমিতি (Committee on Private Members’ Bills and Resolutions)
    • সদনৰ বৈঠকৰ পৰা সদস্যসকলৰ অনুপস্থিতি সম্পৰ্কীয় সমিতি (Committee on Absence of Members from Sittings of the House)
  • সদন-ৰক্ষণ সমিতি বা সেৱা সমিতি সমূহ (House-Keeping Committees or Service Committees) :
    • সাধাৰণ উদ্দেশ্যজনিত সমিতি (General Purposes Committee)
    • গৃহ সমিতি (House Committee)
    • পুথিভঁৰাল সমিতি (Library Committee)
    • সদস্যসকলৰ দৰমহা আৰু ভাতাসমূহ সম্পৰ্কীয় যুটীয়া সমিতি (Joint Committee on Salaries and Allowances of Members)
  • বিভাগীয় স্থায়ী সমিতি (Departmental Standing Committees) :
    • বাণিজ্য, গৃহ পৰিক্ৰমা, মানৱ সম্পদ উন্নয়ন, উদ্যোগ আদি সমিতি।

তদৰ্থ সমিতি : নিৰ্দিষ্ট উদ্দেশ্য আৰু সীমিত সময়ৰ বাবে তদৰ্থ সমিতি গঠন কৰা হৈছিল। দায়িত্ববাহী কাম সম্পূৰ্ণ হোৱাৰ পিছত সেইবোৰ ভংগ কৰা হয়।

তদৰ্থ সমিতিৰ প্ৰকাৰঃ

  • তদন্ত সমিতি
  • উপদেষ্টা সমিতি

প্ৰধান তদৰ্থ সমিতিসমূহ : বিধেয়কৰ ওপৰত নিৰ্বাচিত আৰু যুটীয়া সমিতি, ৰে’লৱে অভিৱৰ্তন সমিতি, সংসদ ভৱন পৰিসৰত খাদ্য ব্যৱস্থাপনাৰ যুটীয়া সমিতি ইত্যাদি প্ৰধান।

সংসদীয় সমিতিৰ ক্ষমতা আৰু কাৰ্যসমূহ

  • চৰকাৰী কামৰ পৰ্যালোচনাঃ চৰকাৰী নীতি, কাৰ্যসূচী পৰীক্ষা কৰক আৰু উন্নতিৰ পৰামৰ্শ আগবঢ়োৱা।
  • আহ্বানকাৰী কৰ্তৃপক্ষঃ সংসদীয় সমিতিয়ে সংশ্লিষ্ট মন্ত্ৰী আৰু বিষয়াসকলক সাক্ষ্য দিবলৈ আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ আহ্বান কৰিব পাৰে।
  • বিধেয়ক পৰীক্ষাঃ বিধেয়কসমূহ আইনলৈ গৃহীত হোৱাৰ আগতে বিশদভাৱে পৰ্যালোচনা কৰা।
  • পৰামৰ্শ আগবঢ়োৱা : সংবিধান আৰু আইনৰ সৈতে বিধেয়কসমূহৰ সামঞ্জস্য সুনিশ্চিত কৰিবলৈ সংশোধনীৰ পৰামৰ্শ দিয়া।

সংসদীয় সমিতিৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহ

  • সীমিত সম্পদঃ ন্যূনতম সচিবালয়ৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰি সমিতিবোৰত সমৰ্পিত গৱেষণা সমৰ্থনৰ অভাৱ পৰিলক্ষিত হয়।
  • বলৱৎকৰণ ক্ষমতাৰ অভাৱ : সংসদীয় সমিতিসমূহে পৰামৰ্শসমূহ বলৱৎ কৰিব নোৱাৰে বা পালন নকৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে।
  • ৰাজনৈতিক প্ৰভাৱঃ বাহ্যিক চাপে তেওঁলোকৰ নিৰপেক্ষতাত আপোচ কৰিব পাৰে।
  • সাংসদৰ নিম্ন অংশগ্ৰহণঃ অপর্যাপ্ত সদস্য উপস্থিতিয়ে সংসদীয় সমিতিসমূহৰ কাৰ্যকাৰীতা সীমিত কৰে (যেনে., ২০০৯-১৪ ৰ সময়ছোৱাত বিভাগ-সম্বন্ধীয় সংসদীয় সমিতিত সদস্যসকলৰ মাত্ৰ ৪৯% উপস্থিতি পৰিলক্ষিত হৈছিল)
  • তাকৰ বৈঠকঃ সীমিত অধিৱেশনসমূহে ব্যাপক পৰীক্ষণ সীমিত কৰে (যেনে, সপ্তদশ লোকসভাৰ প্ৰথম অধিৱেশনত মাত্ৰ ৩৭ টা কৰ্মদিনহে ধাৰ্য কৰা হৈছিল)
  • সীমিত বাজেট বিতৰ্কঃ বাজেটৰ মাত্ৰ এটা অংশহে সমিতিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয় (ষোড়শ লোকসভাত আলোচনাৰ হাৰ আছিল মাত্ৰ ১৭%)
  • বিলম্বিত গঠনঃ অষ্টাদশ সংখ্যক লোকসভাত পৰিলক্ষিত হোৱাৰ দৰে বিভাগ-সম্বন্ধীয় স্থায়ী সমিতি সংসদীয় সমিতি গঠনত মন্থৰতাই দেখা দিছিল।
  • বিশদ পৰীক্ষাৰ অভাৱঃ ষোড়শ লোকসভাত বাজেটৰ মাত্ৰ ১৭% আলোচনাৰ সৈতে সংসদীয় সমিতিসমূহে সম্পূৰ্ণ পৰ্যালোচনাৰ বাবে সীমিত ক্ষমতা লাভ কৰে।

শক্তিশালী গণতান্ত্ৰিক প্ৰক্ৰিয়া, আইনী পৰীক্ষা আৰু চৰকাৰৰ দায়বদ্ধতা নিশ্চিতকৰণৰ ক্ষেত্ৰত সংসদীয় সমিতিবোৰ অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ গণতান্ত্ৰিক শাসন, সংসদৰ কাৰ্য্যকলাপ বৃদ্ধি আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে ৰাজহুৱা নীতি আৰু প্ৰশাসন গঠনত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ আছে।

Leave a Reply