সীমান্ত সুৰক্ষা বাহিনী
BORDER SECURITY FORCE (BSF)

১৯৬৫ চনৰ ১ ডিচেম্বৰত স্থাপিত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) হৈছে ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা বাহিনী, যি বাহ্যিক ভাবুকিৰ পৰা ৰাষ্ট্ৰৰ সীমান্ত সুৰক্ষিত কৰা আৰু সীমান্ত সম্পৰ্কীয় নিৰাপত্তা বিষয়সমূহ পৰিচালনা কৰাৰ বাবে দায়বদ্ধ। ২০২৪ চনত ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা সীমান্ত সুৰক্ষা বাহিনী ভাৰতৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা পৰিকাঠামোৰ এক গুৰুত্বপূৰ্ণ স্তম্ভৰূপে পৰিগণিত হৈ আছে।

সীমান্ত সুৰক্ষা বাহিনীৰ মূল দিশসমূহ

  • ভিত্তি আৰু গঠন
    • ১৯৬৫ চনত স্থাপনা : ভাৰত-পাকিস্তান যুদ্ধৰ পিছত, সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে সীমান্ত সুৰক্ষা বাহিনী গঠন কৰা হৈছিল।
    • গঠনঃ বিভিন্ন কাৰ্য্যকৰী প্ৰয়োজনীয়তাৰ বাবে এয়াৰ উইং (air wing), মেৰিন উইং (marine wing), আৰ্টিলাৰী ৰেজিমেণ্ট (artillery regiment) আৰু বিশেষ কমাণ্ডো ইউনিটৰ (specialized commando units) সৈতে সীমান্ত সুৰক্ষা বাহিনী সজ্জিত।
    • সীমান্ত সুৰক্ষা বাহিনী গৃহ পৰিক্ৰমা মন্ত্ৰালয় (Ministry of Home Affairs (MHA)) ৰ অধীনত পৰিচালিত হয়।
  • নিয়োজন
    • কৰ্মবল : ভাৰতৰ বিশাল স্থল আৰু সামুদ্ৰিক সীমান্ত সুৰক্ষিত কৰা প্ৰায় ২.৬ লাখ কৰ্মী সীমান্ত সুৰক্ষা বাহিনীত নিয়োজিত হৈ আছে।
    • কাৰ্য্যকৰী সীমাঃ
      • ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ সীমান্ত।
      • ভাৰতীয় সেনাৰ যৌথ সহযোগিতাত সীমান্ত সুৰক্ষা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা (Line of Control (LoC))ৰ সুৰক্ষাতো নিয়োজিত।
      • তদুপৰি, ই সংবেদনশীল অঞ্চলসমূহত নক্সাল বিৰোধী অভিযান চলোৱাৰ বাবেও দায়বদ্ধ।
  • বিশেষ কাৰ্যকলাপ
    • সামুদ্ৰিক কাৰ্যকলাপঃ উন্নত জলযান ব্যৱহাৰ কৰি ছাৰ ক্ৰীক (Sir Creek) (আৰৱ সাগৰ) আৰু সুন্দৰবন ব-দ্বীপ (Sundarbans delta) (বংগোপসাগৰ) সুৰক্ষিত কৰে।
    • ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানঃ বিশ্বব্যাপী কৰ্মচাৰী নিয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপনত অৰিহণা যোগায়।
  • কৰ্তৃত্ব আৰু ক্ষমতা
    • সীমান্ত সুৰক্ষা বাহিনী নিম্নোক্ত আইনৰ অধীনত ব্যক্তিবিশেষক গ্ৰেপ্তাৰ কৰা, অনুসন্ধান কৰা আৰু পণ্য-সামগ্ৰী জব্দ কৰাৰ বাবে অনুমোদন প্ৰাপ্ত। যেনেঃ
      • অপৰাধী প্ৰক্ৰিয়াকৰণ বিধি (CrPC) (১৯৭৩)
      • পাৰপত্ৰ আইন (১৯৬৭)
      • নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক চাবষ্টেঞ্চ আইন (Narcotic Drugs and Psychotropic Substances Act) (১৯৮৫)

সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকা পৰম্পৰাগত সীমান্ত সুৰক্ষাৰ বাহিৰেও আভ্যন্তৰীণ সুস্থিৰতা নিশ্চিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা প্ৰচেষ্টাত অৰিহণা যোগোৱালৈকে বিস্তৃত। ইয়াৰ শক্তিশালী অভিযান আৰু দায়বদ্ধতাই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতিত (India’s national security strategy) এক অপৰিহাৰ্য শক্তি হিচাপে সীমান্ত সুৰক্ষা বাহিনীৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply