সৌৰ শক্তি
SOLAR ENERGY

ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ভাৰতৰ নৱীকৰণযোগ্য শক্তি স্থাপন ক্ষমতা ৫০০ গিগাৱাট (GW)লৈ (সৌৰ শক্তিৰ পৰা ৬০%) সম্প্ৰসাৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যিয়ে মূলতঃ চীনৰ পৰা সৌৰ সঁজুলিৰ আমদানিৰ মাত্ৰা বছৰি ৩০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব পাৰে।

সৌৰ শক্তিৰ উপকাৰসমূহ

  • নৱীকৰণযোগ্য আৰু পৰিষ্কাৰঃ সৌৰ শক্তি অসীম আৰু ই কোনো প্ৰদূষণ সৃষ্টি নকৰে।
  • ব্যয়বহুলঃ উৎপাদন ব্যয় হ্ৰাস হোৱাৰ ফলত সৌৰ শক্তি সুলভ হৈ উঠিছে।
  • নিৰ্ভৰযোগ্যঃ সৌৰ প্ৰণালীবোৰ ন্যূনতম ৰক্ষণাবেক্ষণৰ সৈতে দীৰ্ঘস্থায়ী।
  • বহুমুখীঃ বিদ্যুৎ, উত্তাপ আৰু পোহৰৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা হয়।
  • বিকেন্দ্ৰীকৰণঃ সৌৰশক্তিয়ে কেন্দ্ৰীয় গ্ৰীডৰ (grids) ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি স্থানীয় শক্তি উৎপাদন সক্ষম কৰে।

ভাৰতত সৌৰ শক্তিখণ্ডত দেখা দিয়া প্ৰত্যাহ্বানসমূহ

  • উচ্চ প্ৰাৰম্ভিক ব্যয়ঃ প্ৰযুক্তিগত ব্যয় হ্ৰাস হোৱা স্বত্ত্বেও সৌৰ শক্তি উৎপাদন আহিলাৰ স্থাপন ব্যয়বহুল হৈ আছে।
  • চীনৰ ওপৰত নির্ভৰশীলতাঃ চীনে কোষ আৰু পলিচিলিকন (polysilicon) উৎপাদনকে ধৰি ভাৰতৰ সৌৰ যোগান শৃংখলৰ ৯৭% নিয়ন্ত্ৰণ কৰে।
  • সীমিত বিত্তীয় প্ৰৱেশাধিকাৰঃ ক্ষুদ্ৰ বা গ্ৰাম্য সৌৰশক্তি আহৰণ প্ৰকল্পসমূহৰ বাবে পুঁজি সুৰক্ষিত কৰাটো কঠিন হৈ আছে।
  • আন্তঃগাঁথনিগত সমস্যাঃ দুৰ্বল গ্ৰীড সংযোগে দক্ষ শক্তি প্ৰেৰণত বাধা দিয়ে।
  • ভূমিৰ উপলব্ধতাঃ সৌৰশক্তিখণ্ডই কৃষি আৰু পৌৰ স্থানৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰতিযোগিতা কৰে।
  • ৰক্ষণাবেক্ষণঃ সৌৰ পেনেল পৰিষ্কাৰ কৰিবলৈ বৃহৎ পৰিমাণৰ জলৰাশি বা শ্ৰম-নিবিড় পদ্ধতি (labor-intensive) ব্যৱহাৰ কৰা হয়। অৱশ্যে, এম.আই.টি.(MIT)-ৰ গৱেষকসকলে জলবিহীন পৰিষ্কাৰৰ সমাধান এটা বিকশিত কৰি আছে।

ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ

  • সৌৰ উদ্যান আঁচনি (Solar Park Scheme) : সমগ্ৰ ৰাষ্ট্ৰতে বৃহৎ সৌৰ উদ্যান(প্ৰতিখনৰ ক্ষমতা ৫০০ মেগাৱাট)ৰ জৰিয়তে সৌৰশক্তি উৎপাদন কৰা হ’ব।
  • ছাদৰ ওপৰৰ সৌৰ আঁচনি (Rooftop Solar Scheme) : ই আৱাসিক ছাদত সৌৰপেনেল স্থাপনৰ প্ৰচাৰ কৰে।
  • ৰাষ্ট্ৰীয় সৌৰ অভিযান (National Solar Mission) : এই অভিযানৰ জৰিয়তে বহনক্ষম বিকাশ আৰু শক্তি সুৰক্ষাৰ লক্ষ্য গ্ৰহণ কৰা হৈছ।
  • উৎপাদন সংযুক্ত উদ্দীপক আঁচনি (Production Linked Incentive (PLI) scheme) : ইয়াৰ জৰিয়তে স্থানীয় সৌৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য নিৰূপণ কৰা হৈছে।
  • সৃষ্টি আঁচনি (SRISTI Scheme) : ইয়াৰ দ্বাৰা ছাদৰ ওপৰৰ সৌৰশক্তি আহৰণ পদক্ষেপক উৎসাহিত কৰা হয়।
  • আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (International Solar Alliance) : সৌৰ প্ৰযুক্তি প্ৰয়োগৰ বাবে গোলকীয় মঞ্চ গঠন কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী-কুসুম (PM-KUSUM) : এই পদক্ষেপে গ্ৰাম্য অঞ্চলত অফ-গ্ৰিড ছ’লাৰ পাম্প(off-grid solar pump)সমূহক সমৰ্থন কৰে।
  • প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুক্ত বিজলী যোজনা (PM Surya Ghar Muft Bijli Yojana) : ই ঘৰুৱা ছাদৰ সৌৰ সংস্থাপনৰ বাবে ৪০% পৰ্যন্ত ৰাজসাহায্য প্ৰদানেৰে বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

সৌৰ শক্তিয়ে ভাৰতৰ বৰ্ধিত শক্তিৰ চাহিদাৰ বাবে এক বহনক্ষম, পৰিষ্কাৰ আৰু ব্যয়বহুল সমাধান প্ৰদান কৰে। যদিও উচ্চ প্ৰাৰম্ভিক ব্যয়, চীনৰ ওপৰত নিৰ্ভৰশীলতা, আৰু আন্তঃগাঁথনিগত সীমাবদ্ধতাৰ দৰে প্ৰত্যাহ্বান অব্যাহত আছে তথাপি সৌৰ উদ্যান আঁচনি, ৰাষ্ট্ৰীয় সৌৰ অভিযান আৰু বিভিন্ন বিত্তীয় সমৰ্থন আঁচনিৰ দৰে চৰকাৰী পদক্ষেপসমূহে এই প্ৰতিবন্ধকতা অতিক্ৰম কৰিবলৈ নিৰৱিচ্ছিন্নভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰযুক্তি আৰু স্থানীয় উৎপাদন উভয় ক্ষেত্ৰতে বিনিয়োগ অব্যাহত ৰাখি, ভাৰতে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে আৰু এক সেউজ, শক্তি-সুৰক্ষিত ভৱিষ্যতলৈ ৰাষ্ট্ৰৰ পৰিৱৰ্তন ত্বৰান্বিত কৰিব পাৰে।

Leave a Reply