২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা
2024 NOBEL PRIZE IN CHEMISTRY

  • বঁটাপ্ৰাপক : ডেভিদ বেকাৰ, ডেমিছ হাচাবিস, আৰু জন জাম্পাৰ।
  • বঁটাৰ ক্ষেত্ৰসমূহঃ
    • গাণিতিক প্ৰ’টিন ডিজাইন (Computational protein design) (বেকাৰ)
    • প্ৰ’টিনৰ গঠনৰ পূৰ্বানুমান (Protein structure prediction) (হাসাবিছ আৰু জাম্পাৰ)
  • প্ৰতিষ্ঠানসমূহঃ বেকাৰ (ৱাশ্বিংটন বিশ্ববিদ্যালয়, ছিয়াটেল (University of Washington, Seattle)) (হাসাবিছ এণ্ড জাম্পাৰ (গুগল ডিপমাইণ্ড (Google DeepMind)).

প্ৰ ‘টিনৰ গুৰুত্বঃ

প্ৰ ‘টিন হৈছে এক প্ৰাকৃতিকভাৱে উপলব্ধ, অত্যন্ত জটিল পদাৰ্থ য’ত পেপ্টাইড বন্ধন(peptide bonds)ৰ দ্বাৰা সংযুক্ত এমিনো এচিডৰ অৱশিষ্ট থাকে।

  • কাৰ্য : জৈৱিক প্ৰক্ৰিয়া যেনে হিম’গ্ল’বিন (haemoglobin) (অক্সিজেন পৰিবহণ) আৰু ইনচুলিন (insulin) (শৰ্কৰা অৱশোষণ)ৰ বাবে প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ।
  • পূৰ্বানুমান প্ৰত্যাহ্বানঃ এটা প্ৰ’টিনৰ এমিন’ এচিড ক্ৰমৰ ওপৰত ভিত্তি কৰি ইয়াৰ ত্ৰি-বিমীয় গঠনৰ ভৱিষ্যদ্বাণী কৰাটো দীৰ্ঘদিন ধৰি সমাধান হোৱা নাছিল, যদিও জৈৱিক কাৰ্য আৰু স্বাস্থ্যজনিত জটিলতা বুজি পোৱাৰ বাবে ই অত্যাৱশ্যকীয়।

ডেমিছ হাসাবিছ আৰু জন জাম্পাৰৰ অৱদানঃ

  • আল্‌ফা ফল্ড ২ (AlphaFold2) : আল্‌ফা ফল্ড ২ হৈছে ৯০% বিশুদ্ধতাৰ সৈতে প্ৰ’টিনৰ ত্ৰিবিমীয় গঠনসমূহ সঠিকভাৱে অনুমান কৰিবলৈ সক্ষম কৃত্ৰিম বুদ্ধিমত্তা আৰ্হি।
  • প্ৰভাৱঃ বিজ্ঞানীদ্বয়ৰ এই আৱিষ্কাৰে ঔষধৰ উদ্ভাৱন, ৰোগৰ সমস্যা বোধগম্য কৰা, আৰু এন্টিবায়টিক প্ৰতিৰোধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰায়োগিকতাৰ সৈতে জীৱবিজ্ঞানৰ এটা দশক পুৰণি সমস্যা সমাধান কৰিছে ।

ডেভিড বেকাৰৰ অৱদানঃ

  • ৰোজেটা ছফ্টৱেৰ (Rosetta Software) : প্ৰ’টিনৰ গঠন পূৰ্বানুমান কৰিবলৈ আৰু আৰ্হি প্ৰক্ৰিয়াৰ বিপৰীতে সম্পূৰ্ণ নতুন প্ৰ’ টিন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয় (অভীষ্ট গাঁথনি প্ৰবিষ্টি কৰা হয় আৰু  সংশ্লিষ্ট এমিন’ এচিড অনুক্ৰম লাভ কৰা হয়)।
  • প্ৰভাৱঃ ইয়াৰ জৰিয়তে চিকিৎসা আৰু পৰিৱেশগত প্ৰয়োগত উপযোগী নতুন কাৰ্য-ক্ষম প্ৰ’টিন সৃষ্টি কৰিবলৈ সক্ষম হ’ব, যেনে ঔষধ বিকশিত কৰা বা প্লাষ্টিকৰ অৱক্ষয় কৰা।

বিস্তৃত গুৰুত্বঃ

  • জৈৱিক অন্তর্দৃষ্টিঃ প্ৰ’টিনৰ গাঁথনিৰ বোধগম্যতাই জৈৱিক প্ৰক্ৰিয়া, ৰোগ আৰু প্ৰতিৰোধ প্ৰণালীৰ জ্ঞান বৃদ্ধি কৰে।
  • প্ৰয়োগসমূহ :
    • দ্ৰুত প্ৰতিষেধকৰ বিকাশ
    • লক্ষ্যধাৰী দৰৱসমূহ
    • সেউজ ৰাসায়নিক উদ্যোগসমূহ
    • নতুন নেন’সামগ্ৰী (nanomaterials)
  • ভৱিষ্যতৰ সম্ভাৱনাঃ নিৰ্দিষ্ট কাৰ্যৰ সৈতে নতুন প্ৰ ‘টিন আৰ্হি নিৰ্মিত ক্ষমতাই চিকিৎসা আৰু ঔদ্যোগিক সফলতাৰ বাবে প্ৰতিশ্ৰুতি বহন কৰে।

চলিত বৰ্ষৰ ৰাসায়ন-বিজ্ঞানৰ নবেল বঁটাই জীৱবিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তা সংযোগৰ ওপৰত আলোকপাত কৰে, যি প্ৰদৰ্শন কৰে যে কেনেকৈ গণনামূলক দৃষ্টিভংগীয়ে জীৱনৰ নিৰ্মাণ খণ্ডসমূহৰ বোধগম্যতা আৰু কাৰ্যকৰীকৰণত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে।

Leave a Reply