দিল্লীৰ ডিডিএ যমুনা জৈৱ বৈচিত্ৰ্য উদ্যানত (DDA Yamuna Biodiversity Park) ৰাউটনছ্ ফ্ৰী-টেইল্ড বাদুলি নামৰ এক বিৰল বাদুলিৰ প্ৰজাতি দেখা পোৱা গৈছে।
ৰাউটন’ছ্ ফ্ৰী-টেইল্ড বেট
- প্ৰজাতিৰ নামঃ
- ৰাউটন’ছ্ ফ্ৰী-টেইল্ড বাদুলি, মোলোচাছ বাদুলি (molossus bat) পৰিয়ালৰ এক অতি বিৰল প্ৰজাতি।
- বাসস্থানৰ বিতৰণঃ
- মূলতঃ এইবিধ পশ্চিম ঘাটত পোৱা যায়, য’ত কেৱল এটা মাত্ৰ জ্ঞাত প্ৰজনন উপনিবেশ আছে।
- ইয়াৰোপৰি, মেঘালয়ৰ জয়ন্তীয়া পাহাৰত সৰু সৰু উপনিৱেশসমূহ নথিবদ্ধ কৰা হৈছে।
- কম্বোডিয়াত এজন ব্যক্তিয়ে এইবিধ বাদুলি প্ৰত্যক্ষ কৰাৰ কথা উল্লেখ কৰিছিল।
- চিনাক্তকৰণৰ বৈশিষ্ট্যঃ
- ৰাউটন’ছ্ ফ্ৰী-টেইলড্ বাদুলি ডাঙৰ আকাৰৰ।
- ইয়াৰ ডাঙৰ ডাঙৰ কাণবোৰ মুখৰ পৰা ওপৰলৈ বিস্তৃত হৈ থাকে।
- দ্বি-ৰঙী মখমলৰ লোম (Bi-colored velvet fur) যুক্ত।
- ৰাউটন’ছ্ ফ্ৰী-টেইলড্ বাদুলি সাধাৰণতে গুহাসমূহত বা অলপ উষ্ণ অঞ্চলত আন্ধাৰ, আৰ্দ্ৰ ঠাইত বাস কৰে।
- পৰিৱেশগত ভূমিকাঃ
- পৰাগ-যোগকাৰী হিচাপে এইবিধ বাদুলিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
- ইয়াৰ সীমিত জনসংখ্যাৰ বাবে ইয়াক গুৰুতৰভাৱে বিপদাপন্ন (critically endangered) বুলি গণ্য কৰা হয়।
- বৈজ্ঞানিক শ্ৰেণীবিভাজনঃ
- আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই. ইউ. চি. এন.) (International Union for Conservation of Nature (IUCN)) ৰেড লিষ্ট (Red List)ত “তথ্যৰ অভাৱ” (data deficient) হিচাপে তালিকাভুক্ত।
- উৰণ ক্ষমতাঃ
- শক্তিশালী উৰণ দক্ষতাই এই বাদুলিবোৰক দীঘলীয়া দূৰত্বলৈ খাদ্য যোগান ধৰিবলৈ সক্ষম কৰে।