ৰাজহুৱা বিতৰণ ব্যৱস্থা
PUBLIC DISTRIBUTION SYSTEM

  • ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) হৈছে উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনত স্থাপিত এক ভাৰতীয় খাদ্য সুৰক্ষা ব্যৱস্থা (food security system)
  • সুলভ মূল্যত খাদ্যশস্য বিতৰণৰ জৰিয়তে খাদ্য-শস্যৰ অভাৱ নিয়ন্ত্ৰণৰ এক ব্যৱস্থা হিচাপে ৰাজহুৱা বিতৰণ ব্যৱস্থা বিকশিত কৰা হৈছিল।
  • ভাৰতত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দক্ষতা বৃদ্ধি আৰু অপচয় হ্ৰাস কৰিবলৈ এইক্ষেত্ৰত সংস্কাৰৰ প্ৰয়োজন আছে।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মূল সমস্যাসমূহ

  • উচ্চ ক্ষৰণসমূহ (Leakages) : ২৮% গড় ৰাষ্ট্ৰীয় ক্ষৰণৰ সৈতে কিছুমান ৰাজ্যত ৬৩% পৰ্যন্ত ক্ষৰণে দেখা দিয়ে। ফলত বৃহৎ পৰিমাণৰ খাদ্য-শস্য অপচয় দেখা যায়।
  • অত্যাধিক পৰিসৰঃ সাম্প্ৰতিক ৰাষ্ট্ৰীয় জনসংখ্যাৰ অৰ্ধেকৰো অধিক অংশ ৫৭% ক ৰাজহুৱা বিতৰণ ব্যৱস্থাই সামৰি লোৱা হৈছে, যাৰ ফলত অদক্ষ সম্পদ আবণ্টন সমস্যাৰ উদ্ভৱ হয়।
  • পুষ্টিগত ব্যৱধানঃ ইয়াৰ ফলত নিৰন্তৰ অপুষ্টিজনিত উদ্বেগ সৃষ্ট হৈছে আৰু মাহজাতীয় শস্য আৰু শাক-পাচলিৰ দৰে পুষ্টিকৰ খাদ্যৰ ওপৰত ব্যয় হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
  • অৰ্থনৈতিক ক্ষতিঃ খাদ্য-শস্যৰ ক্ষৰণে উচ্চ হাৰৰ ব্যয় কঢ়িয়াই আনে। উল্লেখ্য যে, ২০২৩ বিত্তীয় বৰ্ষত খাদ্য-শস্যত সংযুক্ত ৰাজসাহায্য শিতানত ২.৭ লাখ কোটি টকা ব্যয় কৰা হৈছে।
  • দৰিদ্ৰতা আৰু ক্ষুধা : প্ৰগতি স্বত্বেও, ১২.৯% ভাৰতীয়ই দৈনিক ২.১৫ ডলাৰতকৈও নিম্ন আয়ত জীৱন যাপন কৰে। এইক্ষেত্ৰত ক্ষুধা নিবাৰণৰ বাবে অধিক দক্ষ লক্ষ্যৰ প্ৰয়োজন আছে।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংস্কাৰৰ ভাবে আগবঢ়োৱা পৰামৰ্শাৱলী

  • কেৱল আটাইতকৈ দৰিদ্ৰ লোকসকলক লক্ষ্য গোট ৰূপে বাছনি : বিনামূলীয়া খাদ্য-শস্য বিতৰণৰ পৰিসৰ মুঠ জনসংখ্যাৰ নিম্নতম ১৫% (অন্ত্যোদয়া (Antyodaya) স্তৰ)ৰ মাজত সীমিত কৰা উচিত।
  • ব্যয় ভাগ-বতৰা প্ৰৱৰ্তন : অন্ত্যোদয়া স্তৰৰ উৰ্ধ্বস্তৰৰ জনসংখ্যা গোটৰ পৰা কমেও নূন্যতম সমৰ্থন মূল্যৰ (MSP) অৰ্ধাংশ মাছুল ৰূপে আদায় কৰা দৰকাৰ।
  • ডিজিটেল অনুসৰণ : বাস্তৱ-সময়ভিত্তিক নিৰীক্ষণ আৰু ক্ষৰণ-সুৰক্ষিত খাদ্য-শস্য বিতৰণৰ বাবে বিপণন-কেন্দ্ৰ প্ৰণালী (PoS systems) আৰু স্মাৰ্ট কাৰ্ড (smart cards) ব্যৱহাৰ কৰা উচিত।
  • পুষ্টিগত গুৰুত্বঃ অধিক পুষ্টিকৰ সামগ্ৰী যেনে মাহজাতীয় শস্য, বজ্ৰা, আৰু শক্তিশালী প্ৰধান খাদ্য-শস্য সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আছে।
  • উন্নত দায়বদ্ধতাঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ উন্নত নিৰীক্ষণৰ বাবে তৃতীয় পক্ষৰ নিৰীক্ষণ আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব ৰূপায়ণ কৰাটো সাম্প্ৰতিক সময়ৰ এক জৰুৰী আহ্বান।

Leave a Reply