ৰাষ্ট্ৰৰ সমূহ ব্যক্তিগত সম্পত্তি অধিগ্ৰহণৰ অধিকাৰ নাইঃ উচ্চতম ন্যায়ালয়
STATE HAS NO RIGHT TO ACQUIRE EVERY PRIVATE PROPERTY: SC

উচ্চতম ন্যায়ালয়ৰ নজনীয়া ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে ২০২৫ চনৰ ৫ নৱেম্বৰত ৰায়দান দিছিল যে সংবিধানৰ অনুচ্ছেদ নং ৩৯ (খ) অনুসৰি ৰাষ্ট্ৰই সকলো ব্যক্তিগত মালিকানাধীন সম্পত্তি “সম্প্ৰদায়ৰ বস্তুগত সম্পদ” (material resources of the community) বুলি বিবেচনা কৰি অধিগ্ৰহণ আৰু পুনৰ বিতৰণ কৰিব নোৱাৰে।

এই সিদ্ধান্তই সম্পত্তিৰ অধিকাৰ আৰু সম্প্ৰদায়ৰ সম্পৰ্কত মালিকানাৰ ধাৰণাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

ৰায়দানত বিবেচিত মূল বিষয়সমূহঃ

  • অনুচ্ছেদ নং ৩১ (গ)ৰ বৈধতা : সম্পত্তিৰ অধিকাৰৰ সৈতে সম্পৰ্কিত ৩১(গ) নং অনুচ্ছেদ বিভিন্ন সংশোধনী আৰু ন্যায়িক ৰায়দানৰ পিছত বৈধভাৱে স্থিত হয় নে নহয়।
  • অনুচ্ছেদ নং ৩৯ (খ) ৰ ব্যাখ্যাঃ চৰকাৰে সাধাৰণ কল্যাণৰ বাবে “সম্প্ৰদায়ৰ বস্তুগত সম্পদ” বুলি গণ্য কৰা ব্যক্তিগত মালিকানাধীন সম্পদসমূহ পুনৰ বিতৰণ কৰিব পাৰে নে নোৱাৰে।

অনুচ্ছেদ ৩১(গ) ৰ পটভূমিঃ

  • ৩৯ (খ) আৰু (গ) নং অনুচ্ছেদৰ অধীনত ৰাজহুৱা কল্যাণৰ বাবে সম্পদসমূহ পুনৰ বিতৰণৰ লক্ষ্যযুক্ত বিধানক ই প্ৰাৰম্ভিকভাৱে সুৰক্ষা প্ৰদান কৰিছিল।
  • ১৪,১৯ আৰু ৩১ নং অনুচ্ছেদৰ অধীনত প্ৰত্যাহ্বানৰ পৰা নিৰ্দিষ্ট আইনসমূহক ৰক্ষা কৰিবলৈ ২৫ তম্ সংশোধনী (১৯৭১) ৰ দ্বাৰা সংশোধন কৰা হৈছিল।
  • কেশৱানন্দ ভাৰতী গোচৰে (১৯৭৩) “মৌলিক গাঁথনি” (“basic structure”) মতবাদ প্ৰতিষ্ঠা কৰি ইয়াক সীমিত কৰিছিল, যি কিছুমান সাংবিধানিক পৰিৱৰ্তন নিষিদ্ধ কৰে।

৪২ তম্‌ সংবিধান সংশোধনী আইন আৰু পৰৱৰ্তী সিদ্ধান্তসমূহঃ

  • ১৯৭৬ চনত সকলো নিৰ্দেশাত্মক নীতি সুৰক্ষিত কৰিবলৈ ৩১ (গ) নং অনুচ্ছেদ সম্প্ৰসাৰিত কৰা হৈছিল। পিছলৈ ১৯৮০ চনত, মিনাৰ্ভা মিলছ্ গোচৰত ইয়াক ৰদ কৰা হৈছিল।
  • ২০২৪ চনৰ এই সদ্যঘোষিত ৰায়দানে কেশৱানন্দ ভাৰতী গোচৰৰ পৰৱৰ্তী স্থিতি নিশ্চিত কৰে, ৩১ (গ ) নং অনুচ্ছেদৰ অধীনত কেৱল ৩৯ (খ) আৰু (গ) নং অনুচ্ছেদৰ সুৰক্ষা ৰক্ষা কৰে।

অনুচ্ছেদ নং ৩৯ (খ) ৰ ব্যাখ্যা

  • উদ্দেশ্যঃ অনুচ্ছেদ ৩৯ (খ)-এ ৰাষ্ট্ৰক সাধাৰণ কল্যাণৰ বাবে “সম্প্ৰদায়ৰ বস্তুগত সম্পদ” বিতৰণ কৰাত নিৰ্দেশনা দিয়ে যদিও এই অনুবন্ধ আদালতত বলৱৎ কৰিব নোৱাৰি।
  • গুৰুত্বপূৰ্ণ গোচৰসমূহঃ আদালতৰ ব্যাখ্যা বিকশিত হোৱা পূৰ্বসূৰী গোচৰসমূহ তলত উল্লেখ কৰা হ’ল –
    • কৰ্ণাটক ৰাজ্য বনাম শ্ৰী ৰংগনাথ ৰেড্ডী (১৯৭৭): এই গোচৰত ন্যায়ালয়ৰ বিচাৰপীঠৰ সংখ্যাগৰিষ্ঠ মতামতে ব্যক্তিগত সম্পদসমূহ অৱশ্যেই সামূহিক সম্পদ নহয় শীৰ্ষক অভিধা আগবঢ়াইছিল। অৱশ্যে এইক্ষেত্ৰত ন্যায়াধীশ কৃষ্ণ আয়াৰৰ ভিন্নমতে পৰৱৰ্তী গোচৰসমূহক প্ৰভাৱিত কৰি আহিছে।
    • সঞ্জীৱ কোক মেনুফেক্সাৰিং কোম্পানী বনাম ভাৰত কোকিং কয়লা (১৯৮৩): এই গোচৰৰ ৰায়দানে কয়লা খনিৰ ৰাষ্ট্ৰীয়কৰণ নিশ্চিত কৰিছিল, আৰু নিশ্চিত কৰিছিল যে অনুচ্ছেদ ৩৯ (খ)-এ ব্যক্তিগত-ৰাজহুৱা সম্পদ স্থানান্তৰৰ অনুমতি দিয়ে।

সদ্যঘোষিত ৰায়দানৰ প্ৰভাৱঃ

  • ই বিস্তৃত চৰকাৰী অধিগ্ৰহণৰ বিৰুদ্ধে সম্পত্তিৰ অধিকাৰ পুনৰ নিশ্চিত কৰে।
  • নিৰ্দেশাত্মক নীতিৰ দ্বাৰা নিৰ্দেশিত ব্যক্তিগত সম্পত্তিৰ অধিকাৰ আৰু সম্পদ বিতৰণত ৰাজ্যৰ ভূমিকাৰ মাজৰ ভাৰসাম্য স্পষ্ট কৰে।

Leave a Reply