উপাসনাস্থলী (বিশেষ বিধান) আইন, ১৯৯১ THE PLACES OF WORSHIP (SPECIAL PROVISIONS) ACT

উপাসনাস্থলী (বিশেষ ব্যৱস্থা) আইন, ১৯৯১ -এ ১৯৪৭ চনৰ ১৫ আগষ্টত স্থিত থকা উপাসনাস্থলীসমূহৰ ধৰ্মীয় চৰিত্ৰ সংৰক্ষণৰ লক্ষ্যৰে আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

  • উত্তৰ প্ৰদেশৰ সম্ভলৰ শ্বাহী জামা মছজিদ বিবাদই আইনখনৰ প্ৰয়োগযোগ্যতা সন্দৰ্ভত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

শ্বাহী জামা মছজিদ বিবাদ

  • পটভূমিঃ
    • আবেদনকাৰীসকলে দাবী কৰিছে যে প্ৰায় ১৫২৪ চনত মীৰ হিন্দু বেগৰ দ্বাৰা নিৰ্মিত মছজিদটো আদিতে এটা প্ৰাচীন হৰি-হৰ মন্দিৰ (হিন্দু মন্দিৰ) আছে।
    • গম্বুজ আৰু খিলানৰ সৈতে শিলৰ প্ৰাসাদকে ধৰি স্থাপত্যৰ বৈশিষ্ট্যবোৰে পূৰ্বৰে পৰা স্থিত গাঁথনিৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে।
    • বাৰাণসী (জ্ঞানৱপী) আৰু মথুৰা (কৃষ্ণ জন্মভূমি) তো সদৃশ বিবাদ বিৰাজমান।
  • ন্যায়িক আৰু প্ৰশাসনিক অংশগ্ৰহণঃ
    • সম্ভল জিলাৰ এখন আদালতে এইক্ষেত্ৰত এক প্ৰত্নতাত্বিক জৰীপৰ নিৰ্দেশ দিছিল; কিন্তু জৰীপৰ বাবে চলোৱা দ্বিতীয়বাৰৰ প্ৰচেষ্টাৰ অন্তত সংঘৰ্ষৰ সৃষ্টি হৈছিল।
    • এই স্থান, ১৯০৪ চনৰ প্ৰাচীন স্মৃতিসৌধ সংৰক্ষণ আইনৰ (Ancient Monuments Preservation Act, 1904) অধীনত সুৰক্ষিত আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (Archaeological Survey of India (ASI)) ৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিসৌধ হিচাপে স্বীকৃতি লাভ কৰিছে।
  • আইনৰ সৈতে সংঘাতঃ
    • আবেদনকাৰীসকলে আদালতৰ মজিয়াত উপাসনাস্থলী আইন, ১৯৯১ প্ৰত্যাহ্বান জনাইছে। এই আইনে ১৯৪৭ চনৰ পিছত একোটা উপাসনা-স্থানৰ ধৰ্মীয় পৰিচয় সলনি কৰাত নিষেধাজ্ঞা আৰোপ কৰে।

উপাসনাস্থলী (বিশেষ ব্যৱস্থা) আইন, ১৯৯১

  • উদ্দেশ্যঃ
    • উপাসনাস্থলীসমূহৰ ধৰ্মীয় মৰ্যাদা ৰক্ষা কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখা।
  • মূল ব্যৱস্থাসমূহঃ
    • ধাৰা ৩ : এই ধাৰাই উপাসনা-স্থানসমূহৰ ধৰ্মীয় ৰূপান্তৰ নিষিদ্ধ কৰে।
    • ধাৰা ৪ (১) : ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে যি ৰূপত উপসনাস্থলীসমূহ স্থিত আছিল; সেই ৰূপে উক্ত স্থানসমূহৰ ধৰ্মীয় স্থিতি বজাই ৰখাৰ আদেশ দিয়ে।
    • ধাৰা ৪ (২) : ই উক্ত আইনখনৰ পূৰ্বে থকা ধৰ্মান্তৰকৰণৰ বিবাদৰ ওপৰত আইনী কাৰ্যকলাপ বন্ধ কৰে।
    • ধাৰা ৫ (ব্যতিক্ৰম) : ১৯৫৮ চনৰ আইনৰ অধীনত বাবৰী মছজিদ-ৰাম জন্মভূমি আৰু কিছুমান প্ৰাচীন স্থানক এই আইনৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।
    • ধাৰা ৬ : উপাসনাস্থলী (বিশেষ বিধান) আইন, ১৯৯১ উলংঘনৰ বাবে ৩ বছৰলৈকে কাৰাদণ্ডকে ধৰি শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
  • উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণঃ
    • উচ্চতম ন্যায়ালয়ে পৰিচয় সলনি নকৰাকৈ উপসনা-স্থানসমূহৰ ধৰ্মীয় চৰিত্ৰৰ বিষয়ে অনুসন্ধানৰ অনুমতি আগবঢ়াইছিল (মে’ ২০২২)।

আইনখনৰ সৈতে জড়িত উদ্বেগসমূহ

  • ন্যায়িক অতিস্পৰ্শতা : এই আইনে ন্যায়িক পুনৰীক্ষণ সীমিত কৰে আৰু বিবাদ সমাধানত ন্যায়পালিকাৰ ভূমিকাক অৱজ্ঞা কৰে।
  • নিৰ্ধাৰিত তাৰিখঃ ১৯৪৭ চনৰ নিৰ্ধাৰিত তাৰিখটো স্বেচ্ছাচাৰী আৰু সীমাবদ্ধ বুলি সততে সমালোচিত হৈ আহিছে।
  • অসঙ্গতিসমূহ : অযোধ্যাৰ দৰে বিতৰ্কসমূহৰ ক্ষেত্ৰত থকা ৰেহাইবোৰে পক্ষপাতিত্ব আৰু নিৰ্বাচনশীলতাৰ উদ্বেগ উত্থাপন কৰে।
  • সাম্প্ৰদায়িক প্ৰভাৱঃ আইনী বিতৰ্কই প্ৰায়ে উত্তেজনা বৃদ্ধি কৰে, ভাৰতৰ ধৰ্মনিৰপেক্ষ গাঁথনিত প্ৰভাৱ পেলায়।
  • ৰাজনৈতিক অপব্যৱহাৰঃ ধৰ্মীয় উপাসনা-স্থানৰ বিষয়সমূহক নিৰ্বাচনী বা আদৰ্শগত সঁজুলিলৈ ৰূপান্তৰিত কৰাৰ বিপদাশংকা গঢ় লৈ উঠিছে।

ভৱিষ্যত কাৰ্যপন্থা

  • ন্যায়িক স্পষ্টীকৰণঃ উচ্চতম ন্যায়ালয়ে আইনখনৰ প্ৰয়োগৰ বাবে স্পষ্ট নিৰ্দেশনা নিৰ্ধাৰণ কৰিব লাগিব।
  • অনা-ৰাজনৈতিকীকৰণ : ধৰ্মীয় উপাসনাবিবাদসমূহ ৰাজনৈতিক হস্তক্ষেপ অবিহনে সমাধান কৰিব লাগিব।
  • স্থানীয় অতি-স্পৰ্শতা প্ৰতিৰোধ কৰা : সংবেদনশীল বিষয়বোৰ বিস্তাৰিত হোৱাৰ পৰা হাত সাৰিবলৈ নিম্ন আদালতৰ অধিকাৰক্ষেত্ৰত সীমাবদ্ধতাৰ প্ৰয়োজন।
  • সামূহিক সম্প্রীতিঃ শিক্ষা, আলোচনা আৰু সাংস্কৃতিক বৰ্ণনাৰ জৰিয়তে বিভাজনৰ উৰ্ধ্বত একতা গঢ়ি তোলা।

শ্বাহী জামা মছজিদ বিবাদে ভাৰতত ঐতিহাসিক আৰু ধৰ্মীয় দাবীক কেন্দ্ৰ কৰি থকা জটিলতাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ ধৰ্মনিৰপেক্ষ আৰু বহুত্ববাদী পৰিচয় ৰক্ষাৰ বাবে আইনী স্পষ্টতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি উভয়কে নিশ্চিত কৰি উপাসনাস্থলী আইনৰ এক সন্তুলিত ব্যাখ্যা আগবঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ।

Leave a Reply