গুৰু নানক দেৱৰ অমূল্য শিক্ষা
TIMELESS TEACHINGS OF GURU NANAK DEV

গুৰু নানক

  • ১৪৬৯ চনত কাৰ্তিক পূৰ্ণিমাত নানকানা চাহিবত (বৰ্তমান পাকিস্তানৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰিছিল।
  • তেওঁ সৰুৰে পৰাই গভীৰ আধ্যাত্মিক প্ৰৱণতা দেখুৱাইছিল আৰু পৰম্পৰাগত ধৰ্মীয় অনুশীলনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
  • শিক্ষা আৰু ভাষিক দক্ষতাঃ
    • গুৰু নানকে সংস্কৃত, পাৰ্চী আৰু পাঞ্জাৱী শিকি বিভিন্ন ভাষাত ধৰ্মীয় গ্ৰন্থত জ্ঞান আহৰণ কৰিছিল।
    • আনুষ্ঠানিক শিক্ষা বা সাংসাৰিক অনুসৰণৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰতি তেওঁ গভীৰ আগ্ৰহ প্ৰদৰ্শন কৰিছিল।
  • ১৩ বছৰ বয়সত প্ৰথম আধ্যাত্মিক কাৰ্য :
    • গুৰু নানকে পৰম্পৰাগত পবিত্ৰ সূতা (জানেউ) (Janeu) পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু আধ্যাত্মিকতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক চিহ্নিত কৰি ধ্যানৰ পন্থা বাছি লৈছিল।
    • বিবাহ আৰু পৰিয়ালঃ
    • গুৰু নানকে সুলাখনীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ দুজন পুত্ৰ আছিল ক্ৰমে শ্ৰী চান্দ আৰু লক্ষ্মী দাস।
    • পাৰিবাৰিট দায়িত্ব থকা স্বত্ত্বেও গুৰু নানক নিজৰ আধ্যাত্মিক উদ্দেশ্যৰ প্ৰতি সমৰ্পিত হৈ আছিল।
  • আধ্যাত্মিক অভিব্যক্তি আৰু প্ৰাৰম্ভিক শিক্ষাদান :
    • ৩০ বছৰ বয়সত এখন নদীৰ পাৰত ধ্যানৰত অৱস্থাত গুৰু নানকে এক গভীৰ আধ্যাত্মিক অভিব্যক্তিৰ অভিজ্ঞতা লাভ কৰিছিল, যিয়ে তেওঁক ঐশ্বৰিক প্রজ্ঞাৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
  • ভ্ৰমণ আৰু ধৰ্ম-প্ৰসাৰৰ যাত্ৰা (উদাসি)((Udasis)
    • গুৰু নানকে ইৰাক, মক্কা, বাগদাদ, তিব্বত আৰু শ্ৰীলংকাকে ধৰি দক্ষিণ এছিয়া আৰু ইয়াৰ বাহিৰৰ অঞ্চলসমূহ ভ্ৰমণ কৰি তেওঁৰ শিক্ষা প্ৰচাৰ কৰিবলৈ ২৫ বছৰৰো অধিক সময় উদাসি নামৰ বিস্তৃত ভ্ৰমণ-পৰিক্ৰমা কৰিছিল।
    • তেওঁ যাত্ৰাকালত বিভিন্ন ধৰ্মৰ লোকসকলৰ সৈতে আলোচনাত জড়িত হৈ সমতা, শান্তি আৰু একতাৰ প্ৰচাৰ কৰিছিল।
  • সমতা আৰু জাতি-ব্যৱস্থা প্ৰত্যাখ্যান সম্পৰ্কীয় শিক্ষাঃ
    • তেওঁ জাতি ব্যৱস্থা, অন্ধবিশ্বাস আৰু সামাজিক অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল তথা সমতা আৰু মানৱ অধিকাৰৰ সপক্ষে মাত পাতিছিল।
  • কৰ্তাৰপুৰৰ প্ৰতিষ্ঠাঃ
    • পঞ্জাৱৰ ৰবি নদীৰ পাৰত তেওঁ কৰ্তাৰপুৰ চহৰখন স্থাপন কৰিছিল। ইয়াত তেওঁৰ নীতি অনুসৰি বাস কৰা অনুগামীসকলৰ এক সম্প্ৰদায় সৃষ্টি হৈছিল।
    • প্ৰাৰ্থনা, সৎ-শ্ৰম আৰু ভাগ বতৰা কৰাৰ ওপৰত গুৰুত্ব দি তেওঁ এক সৰল আৰু সামগ্ৰিক জীৱনশৈলী সংগঠিত কৰিছিল।
  • অন্তিম দিন আৰু উত্তৰাধিকাৰঃ
    • অনুগামীসকলক পথ প্ৰদৰ্শন আৰু শিক্ষা আগবঢ়াই কৰ্তাৰপুৰত তেওঁ জীৱনৰ বিয়লিবেলা অতিবাহিত কৰিছিল।
    • ভাই লেহনাক তেওঁৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ভাই লেহনাই গুৰু অংগদ নামলাভ কৰিছিল আৰু এনেদৰে শিখ গুৰুসকলৰ পৰম্পৰা (tradition of Sikh Gurus) প্ৰতিষ্ঠা কৰা হৈছিল।
  • ঐতিহ্য আৰু প্ৰভাৱঃ
    • ১৫৩৯ চনত কৰ্তাৰপুৰত গুৰু নানকৰ মৃত্যু হয়।
    • তেওঁৰ ধৰ্মশিক্ষাসমূহ পিছলৈ শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবত (Guru Granth Sahib) সংকলিত কৰা হৈছিল আৰু ই সমগ্ৰ বিশ্বৰ মানুহক অনুপ্ৰাণিত কৰি আহিছে।

গুৰু নানকৰ মূল শিক্ষা

  • একেঈশ্বৰবাদ (Oneness of God) : গুৰু নানকে এজন সাৰ্বজনীন সৃষ্টিকৰ্তাৰ প্ৰতি থকা বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ সাৰাংশ তেওঁ “ইক ওংকাৰ” (Ik Onkar) (এজন সৃষ্টিকৰ্তা) শীৰ্ষক বাক্যাংশত সংক্ষেপে উল্লেখ কৰিছে।
  • সমতা আৰু ভাতৃত্ববোধঃ তেওঁ জাতি, ধৰ্ম আৰু লিংগ ভিত্তিক বৈষম্যৰ প্ৰত্যাখ্যানেৰে সকলো মানুহৰ সমতাৰ পোষকতা কৰিছিল। তেওঁ সাৰ্বজনীন ভাতৃত্ববোধত বিশ্বাস কৰিছিল আৰু ব্যক্ত কৰিছিল যে সকলোৱেই একেজন সৃষ্টিকৰ্তাৰে সন্তান।
  • নিঃস্বাৰ্থ সেৱা আৰু সহানুভূতিঃ গুৰু নানকৰ শিক্ষাত নিঃস্বাৰ্থ মানৱ সেৱাই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তেওঁ মানুহক আনৰ প্ৰতি সহানুভূতি আৰু দয়াশীল জীৱন কটাবলৈ উৎসাহিত কৰিছিল।
  • সত্যবাদী জীৱনঃ ছলনা আৰু ভণ্ডামিৰ পৰা মুক্ত এক সৎ জীৱন যাপন কৰাটো তেওঁৰ দৰ্শনৰ কেন্দ্ৰবিন্দু আছিল। তেওঁ সত্যনিষ্ঠা আৰু অখণ্ডতাক মূল্য দিছিল।
  • ঈশ্বৰৰ নামৰ ওপৰত ধ্যানঃ ঈশ্বৰৰ নামৰ ওপৰত পুনৰাবৃত্তি আৰু ধ্যান কৰা, যাক নাম চিমৰান (Naam Simran) বুলি জনা যায়। ই আছিল আধ্যাত্মিক বিকাশৰ বাবে এক অত্যাৱশ্যকীয় অনুশীলন।
  • কঠোৰ পৰিশ্ৰম আৰু সৎ উপাৰ্জন (কিৰত কৰ্ণী) (Kirat Karni) : গুৰু নানকে কঠোৰ পৰিশ্ৰম আৰু ন্যায্য উপায়ৰ জৰিয়তে অলসতা আৰু ছলনাক নিৰুৎসাহিত কৰা এক সৎ উপাৰ্জনকামী জীৱিকাৰ প্ৰচাৰ কৰিছিল।
  • আনৰ সৈতে ভাগ-বতৰা কৰা (বন্দ চাকনা) (Vand Chakna) : তেওঁ অল্প-ভাগ্যৱানসকলৰ সৈতে সম্পদ আৰু সম্পদ ভাগ-বতৰা কৰিবলৈ উৎসাহিত কৰিছিল, দানী মনোভাৱ আৰু সম্প্ৰদায়ৰ সামগ্ৰিক কল্যাণৰ প্ৰচাৰ কৰিছিল।
  • ৰীতি-নীতি আৰু অন্ধবিশ্বাসক নাকচ কৰাঃ গুৰু নানকে অৰ্থহীন ধৰ্মীয় ৰীতি-নীতি, অন্ধবিশ্বাস আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। তেওঁ অনুগামীসকলক আধ্যাত্মিকতা আৰু আভ্যন্তৰীণ বিশুদ্ধতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল।
  • সকলো ধৰ্মক স্বীকৃতি প্ৰদান আৰু সন্মানঃ গুৰু নানকে ব্যাপকভাৱে ভ্ৰমণ কৰিছিল। তেওঁ যাত্ৰাকালত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ সৈতে জড়িত হৈছিল আৰু আন্তঃধৰ্মীয় সন্মান আৰু বুজাবুজিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
  • বাহ্যিক প্ৰদৰ্শনৰ উৰ্ধ্বত আভ্যন্তৰীণ বিশুদ্ধতাঃ তেওঁ গুৰুত্ব আৰোপ কৰিছিল যে প্ৰকৃত আধ্যাত্মিকতা বাহ্যিক ৰূপ বা ৰীতি-নীতিৰ জৰিয়তে নহয়, বৰঞ্চ ই মনৰ ভিতৰৰ পৰা উদ্ভৱ হয়।

Leave a Reply