নতুন অপৰাধ সংক্ৰান্তীয় আইন
NEW CRIMINAL LAWS

ৰাষ্ট্ৰত প্ৰৱৰ্তন হোৱা তিনিখন নতুন অপৰাধমূলক আইনৰ ১০০ শতাংশ ৰূপায়ণ সম্পূৰ্ণ হোৱা প্ৰথম প্ৰশাসনিক অঞ্চল হিচাপে চণ্ডীগড়ে নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে এই নতুন আইনসমূহ নাগৰিকৰ অধিকাৰৰ ৰক্ষক আৰু ন্যায়ৰ সহজলভ্যতাৰ ভেঁটি হৈ পৰিছে।

ভাৰতীয় ন্যায় সংহিতা (BHARTIYA NYAYA SAMHITA) (BNS)

ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ই, ভাৰতৰ অপৰাধ আইন সংস্কাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰি, ১৮৬০ চনৰ ভাৰতীয় দণ্ডবিধি (Indian Penal Code (IPC))-ৰ পৰিৱৰ্তন কৰে। ইয়াত ৩৫৮টা ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে (ভাৰতীয় দণ্ডবিধি আইনৰ ৫১১টা ধাৰাৰ বিপৰীতে) আৰু ইয়াৰ লক্ষ্য হৈছে নতুন অপৰাধ প্ৰৱৰ্তন কৰি, বিদ্যমান আইনসমূহ পুনৰ্নিৰ্ধাৰণ কৰি আৰু অপ্রচলিত ব্যৱস্থাসমূহ আঁতৰাই ন্যায় প্ৰদান ব্যৱস।থাকে সুচল কৰি তোলা।

নতুন অপৰাধসমূহ

  • বিবাহৰ প্ৰতিশ্ৰুতি (Promise to Marry) : ভাৰতীয় ন্যায় সংহিতাই বিবাহৰ “প্ৰতাৰণা”ক অপৰাধ হিচাপে গণ্য কৰে।
  • জুম পাতি প্ৰাণনাশ কৰা (মব লিন্সিং )(Mob Lynching:) : মব লিন্সিং আৰু ঘৃণাজনিত অপৰাধৰ বাবে ভাৰতীয় ন্যায় সংহিতাই দণ্ডৰ ব্যৱস্থা কৰে।
  • সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদ (Organized Crime and Terrorism) : ইউএপিএ (UAPA)ৰ ব্যৱস্থাৰ লগতে সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় যোগান ধৰা সংক্ৰান্তীয় অপৰাধসমূহৰ বাবে ভাৰতীয় ন্যায় সংহিতাই আইনী পৰিসৰ সম্প্ৰসাৰণ কৰে।
  • আত্মহত্যাৰ চেষ্টা (Attempt to Suicide) : ৰাজহুৱা কৰ্মচাৰীসকলক কৰ্তব্য পালন কৰিবলৈ বাধ্য কৰা বা বাধা দিয়াৰ উদ্দেশ্যে আত্মহত্যাৰ প্ৰচেষ্টাক অপৰাধ হিচাপে গণ্য কৰা হয়।
  • সামূহিক সেৱা (Community Service) : কিছু ক্ষুদ্ৰ-ক্ষুদ্ৰ অপৰাধৰ বাবে বিকল্প শাস্তিৰ ৰূপ হিচাপে ভাৰতীয় ন্যায় সংহিতাই সামূহিক সেৱাৰ প্ৰবন্ধ যোগ কৰিছে।

তদুপৰি, ভাৰতীয় ন্যায় সংহিতাই নিম্নোক্ত বিষয়সমূহৰ ওপৰত ‘অপৰাধ’ শীৰ্ষক আঁতৰাই পেলাইছে –

  • অপ্ৰাকৃতিক যৌন অপৰাধ (Unnatural Sexual Offences) : সমকামিতা আৰু কিছুমান “অপ্ৰাকৃতিক” কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে।
  • পৰস্ত্ৰীগমন (Adultery) : উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ সৈতে সংগতি ৰাখি ব্যভিচাৰ আইন ( আঁতৰাই পেলোৱা হয়।
  • ডকাইত আইনঃ ডকাইতি সম্পৰ্কীয় ৩১০ নং ধাৰা (ভাৰতীয় দণ্ডবিধি আইন) বাদ দিয়া হৈছে।
  • লিংগ নিৰপেক্ষতাঃ লিংগ-নিৰপেক্ষ ভাষা অন্তৰ্ভুক্ত কৰিবলৈ আৰু শিশুৰ সৈতে মোকাবিলা কৰা বিধানৰ অন্তৰ্ভুক্তি নিশ্চিত কৰিবলৈ ভাৰতীয় ন্যায় সংহিতাত কেইবাটাও শব্দ সংশোধন কৰা হৈছে।

অন্যান্য পৰিৱৰ্তনসমূহ

  • ভুৱা- সংবাদ (Fake News) : ভুৱা বা বিভ্রান্তিমূলক তথ্য প্ৰকাশ কৰাটো এক অপৰাধমূলক কাৰ্য হাচাপে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত বিবেচিত হ’ব।
  • ৰাষ্ট্ৰদ্ৰোহ আইন (Sedition Law) : ‘দেশদ্ৰোহ’ (‘Deshdroh’) হিচাপে এক বিস্তৃত সংজ্ঞাৰে ৰাষ্ট্ৰদ্ৰোহ আইন পুনৰ প্ৰৱৰ্তন কৰা হৈছে।
  • বাধ্যতামূলক নূন্যতম শাস্তি (Mandatory Minimum Sentences) : নিৰ্দিষ্ট বিধানসমূহে এতিয়া বাধ্যতামূলক নূন্যতম শাস্তি নিৰ্ধাৰণ কৰে । ফলত ন্যায়িক বিবেচনা সীমিত গণ্ডীৰ ভিতৰত আহি পৰিছে।
  • ৰাজহুৱা সম্পত্তিৰ ক্ষতি (Damage to Public Property) : ভাৰতীয় ন্যায় সংহিতাৰ ক্ষতিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এক শ্ৰেণীবদ্ধ জৰিমনা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।
  • অবহেলাৰ ফলত মৃত্যু (Death by Negligence) : অবহেলাৰ ফলত মৃত্যু-ঘটা সম্পৰ্কীয় অপৰাধৰ শাস্তি ২-৫ বছৰ কাৰাদণ্ডলৈ বৃদ্ধি কৰা কাৰ্যই বিশেষকৈ চিকিৎসাৰ অৱহেলাৰ গোচৰত প্ৰভাৱ পেলাইছে।

মূল বিষয়সমূহ

  • অপৰাধমূলক দায়বদ্ধতা বয়স (Criminal Responsibility Age Discrepancy) ৰ পাৰ্থক্যঃ অপৰাধমূলক দায়বদ্ধতা ৭ বছৰ বয়সত নিৰ্ধাৰণ কৰা হয়, পৰিপক্কতাৰ ওপৰত ভিত্তি কৰি ইয়াৰ ১২ বছৰ বয়সলৈ বৃদ্ধি কৰিব পাৰি। সম্ভৱতঃ ভাৰতীয় ন্যায় সংহিতাৰ এই ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় নিয়মৰ সৈতে বিৰোধাৱস্থান কৰিছে।
  • শিশু অপৰাধৰ সংজ্ঞাসমূহত অসামঞ্জস্যঃ শিশুৰ বয়স ১৮ বছৰ হৈ থকাৰ বিপৰীতে ধৰ্ষণ আৰু যৌন হাৰাশাস্তিৰ দৰে অপৰাধৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰাত ধূসৰ প্ৰেক্ষাপটসমূহ অব্যাহত আছে।
  • ধৰ্ষণ আৰু যৌন হাৰাশাস্তি সম্পৰ্কীয় ভাৰতীয় দণ্ডবিধি আইনৰ ব্যৱস্থাসমূহ ৰখাঃ সংস্কাৰৰ আহ্বান জনোৱা স্বত্বেও ভাৰতীয় দণ্ডবিধি আইনৰ ব্যৱস্থাসমূহ স্থিৰ হৈ আছে। লিংগ-নিৰপেক্ষ সংজ্ঞা আৰু বৈবাহিক ধৰ্ষণক স্বীকৃতি দিয়াৰ বাবে ন্যায়াধীশ বাৰ্মা সমিতিৰ (২০১৩) পৰামৰ্শসমূহ এতিয়াও সমাধান কৰা হোৱা নাই।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BHARTIYA NAGRIK SUKRAKSHA SAMHITA) (BNSS)

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বি. এন. এছ. এছ.) ২০২৩-এ ভাৰতত পদ্ধতিগত অপৰাধ আইনক পুনৰ্গঠন কৰা অপৰাধ প্ৰক্ৰিয়া বিধি (Code of Criminal Procedure (CrPC)), ১৯৭৩-ৰ পৰিৱৰ্তন কৰে। ১৭৭টা সংশোধন, ৯টা সংযোজন আৰু ১৪টা বিলোপকে ধৰি ৫১১টা ধাৰাৰ সৈতে, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ লক্ষ্য হৈছে আধুনিক যুগৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ সময়ত স্বচ্ছতা, দ্ৰুত ন্যায় আৰু ভুক্তভোগীসকলৰ অধিকাৰ নিশ্চিত কৰা।

মূল ব্যৱস্থাসমূহ

আদালতৰ স্তৰবিন্যাসঃ

  • মেট্ৰ’পলিটান মেজিষ্ট্ৰেট (Metropolitan Magistrates) ৰ পাৰ্থক্য আৰু ভূমিকা আঁতৰাই ন্যায়িক পদানুক্রম (judicial hierarchy) সৰল কৰে।

প্ৰযুক্তিৰ উন্নত ব্যৱহাৰঃ

  • দক্ষতাৰ বাবে বিভিন্ন অনুসন্ধান আৰু পৰীক্ষা পৰ্যায়ত ইলেক্ট্ৰনিক ব্যৱস্থা-পৰ্যায় (mode)সমূহ বাধ্যতামূলক কৰে।

অপৰাধীসকলৰ আটকঃ

  • আজীৱন কাৰাদণ্ড বা একাধিক অভিযোগৰ সন্মুখীন হোৱাসকলৰ বাবে জামিন বণ্ড (bail bonds) সীমিত কৰে।

গ্ৰেপ্তাৰৰ বিকল্পঃ

  • আৰক্ষীয়ে উপস্থিতিৰ বাবে সুৰক্ষা বণ্ড (security bonds) ল’ব পাৰে, অপ্ৰয়োজনীয় গ্ৰেপ্তাৰক আঁতৰ কৰিব পাৰে।

সমাজ সেৱাঃ

  • আৰ্থিক পুৰস্কাৰ অবিহনে সমাজক লাভান্বিত কৰা কাৰ্যক এক প্ৰকাৰৰ শাস্তি হিচাপে প্ৰৱৰ্তন কৰা হৈছে।

প্ৰক্ৰিয়াৰ সময়সীমাঃ

  • ই দোষীক শাস্তি বিহাৰ কঠোৰ সময়সীমা বাধ্যতামূলক কৰে, যেনে, বাদী-বিবাদী উভয় পক্ষৰ যুক্তিৰ অন্তত, ৩০ দিনৰ ভিতৰত ৰায়দান কৰাৰ অনুবন্ধ যোগ কৰিছে।

নতুন এফআইআৰ (FIR) প্ৰক্ৰিয়া :

  • শূন্য এফ.আই.আৰ. (Zero FIR) : এটা গোচৰ পঞ্জীয়ন কৰাৰ পিছত এফ.আই.আৰ. উপযুক্ত আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়।
  • ই-এফআইআৰ (E-FIR) : ৩ দিনৰ ভিতৰত ৰেকৰ্ড কৰা স্বাক্ষৰৰ সৈতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই ইলেক্ট্ৰনিক এফআইআৰ পঞ্জীয়নৰ অনুমতি দিয়ে।

চিকিৎসা আৰু ফৰেনচিক প্ৰক্ৰিয়াঃ

  • চিকিৎসা পৰীক্ষাঃ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত আৰক্ষীয়ে প্ৰাসঙ্গিক ক্ষেত্ৰত পৰীক্ষা বিচাৰিব পাৰে।
  • ফৰেনচিক তদন্তঃ ৭ বছৰৰ কাৰাদণ্ডৰ দ্বাৰা দণ্ডনীয় অপৰাধৰ বাবে ফৰেনচিক তদন্ত বাধ্যতামূলক।

ভুক্তভোগীৰ অধিকাৰ আৰু তথ্যমূলক সুৰক্ষাঃ

  • আৰক্ষীয়ে তদন্ত প্ৰতিবেদন ভাগ বতৰা কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে সাক্ষী সুৰক্ষা আঁচনি (witness protection schemes) প্ৰদান কৰিব লাগিব।

মূল বিষয়সমূহ

  • সম্প্ৰসাৰিত আৰক্ষী হেফাজতঃ
    • প্ৰাৰম্ভিক ৪০-৬০ দিনৰ ভিতৰত প্ৰথমতে ১৫ দিনৰ বাবে আৰক্ষীয়ে অভিযুক্তক জিম্মাত ৰখাৰ অনুমতি দিয়ে।
  • দায়বদ্ধতাৰ অভাৱঃ
    • ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত তদন্তকাৰী বিষয়াসকলে অভিযুক্তক জিম্মাত ৰখাৰ অনুৰোধৰ বাবে বিশদ যুক্তি প্ৰদান কৰাৰ প্ৰয়োজন নাই।
  • হাতকেৰেয়াৰ ব্যৱহাৰঃ
    • ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই গ্ৰেপ্তাৰৰ সময়ত হাতকেৰেয়া বৈধ কৰে, উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাৰ ওপৰত উদ্বেগ উত্থাপন কৰে।
  • বাধ্যতামূলক জামিন (Mandatory Bail)ৰ সীমাঃ
    • একাধিক অভিযোগ প্ৰযোজ্য হ’লে বাধ্যতামূলক জামিনৰ ব্যৱস্থা সংকুচিত হৈ থাকে।
  • অনুৰোধ দৰ-ভাও :
    • কাৰাগাৰত ব্যাপকভাৱে ভিৰ হ্ৰাস কৰাত বাধা প্ৰদানৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ পৰিসৰ শাস্তিৰ দৰদামৰ ভিতৰত সীমাবদ্ধ হৈ আছে।
  • সম্পত্তি জব্দ কৰাৰ ক্ষমতাঃ
    • ই স্থাৱৰ আৰু স্থাৱৰ সম্পত্তি জব্দকৰণৰ অনুমতি প্ৰদানৰ জৰিয়তে আৰক্ষীৰ ক্ষমতা বৃদ্ধি কৰে।
  • বিদ্যমান আইনসমূহৰ সৈতে ওপৰাওপৰি হোৱা:
    • ই অপৰাধ প্ৰক্ৰিয়া বিধি ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ উপাদানবোৰ ধৰি ৰাখে। ফলত আইনৰ সুসংগততা আৰু একাত্মতা সম্পৰ্কে উদ্বেগৰ সৃষ্টি হয়।

ভাৰতীয় সাক্ষ্য অধিনিয়ম (BHARTIYA SAKSHYA ADHINIYAM)

ভাৰতীয় সাক্ষী আইন, ২০২৩-এ ১৮৭২ চনৰ ভাৰতীয় সাক্ষ্য আইন (Indian Evidence Act) খন সলনি কৰে আৰু আধুনিক আইনী প্ৰয়োজনীয়তাৰ সৈতে সংমিশ্ৰণ কৰে, বিশেষকৈ বিচাৰত ইলেক্ট্ৰনিক প্ৰমাণৰ ভূমিকাক সম্বোধন কৰে। এই আইনত ১৭০টা ধাৰা আছে- ইয়াৰে ২৪টা সংশোধন, ২টা সংযোজন আৰু পূৰ্বৰ আইনৰ ৬টা ব্যৱস্থা বাতিল কৰা হৈছে।

বাহাল থকা বিধানসমূহ

  • প্ৰমাণৰ গ্ৰহণযোগ্যতা (Admissibility of Evidence) :
    • আইনী কাৰ্যকলাপৰ পক্ষবোৰে কেৱল গ্ৰহণযোগ্য সাক্ষ্য-প্ৰমাণহে (admissible evidence) উপস্থাপন কৰিব পাৰে।
  • প্ৰমাণিত তথ্য (Proven Facts) সমূহঃ
    • আদালতে প্ৰমাণিত তথ্যসমূহ গ্ৰহণ কৰে যদি এই তথ্যসমূহে নিৰ্দিষ্ট পৰিস্থিতিত যুক্তিসংগত ব্যৱস্থা গ্ৰহণ কৰাটো সমৰ্থন কৰে।
  • আৰক্ষীৰ স্বীকাৰোক্তি (Police Confessions):
    • পূৰ্বৰ সুৰক্ষা ব্যৱস্থা বজাই ৰাখি দণ্ডাধীশৰ আগত লিপিবদ্ধ নকৰালৈকে সাধাৰণতে আৰক্ষীৰ স্বীকাৰোক্তি গ্ৰহণযোগ্য নহয়।

মূল পৰিৱৰ্তনসমূহ

  • ইলেক্ট্ৰনিক অভিলেখ (Electronic Records) ৰ সমান স্থিতিঃ
    • পৰম্পৰাগত কাগজৰ নথিপত্ৰৰ দৰে ইলেক্ট্ৰনিক ৰেকৰ্ডৰ সম্প্ৰতি একে আইনী স্থিতি আছে।
  • ইলেক্ট্ৰনিক অভিলেখৰ পৰিসৰঃ
    • ই স্মৃতি বা যোগাযোগ আহিলাত সংৰক্ষিত তথ্য অন্তৰ্ভুক্ত কৰে, ডিজিটেল নথিপত্ৰৰ প্ৰাসংগিকতা বৃদ্ধি কৰে।
  • ডিজিটেল ফৰ্মেটত মৌখিক প্ৰমাণঃ
    • ই বিচাৰ প্ৰত্ৰিয়াকালীন সময়ছোৱাত মৌখিক প্ৰমাণ ইলেক্ট্ৰনিকভাৱে উপস্থাপন কৰাৰ অনুমতি দিয়ে।
  • প্ৰমাণৰ শ্ৰেণীবিভাজনঃ
    • ইলেক্ট্ৰনিক অভিলেখষমূহক গৌণ প্ৰমাণ (secondary evidence) হিচাপে শ্ৰেণীবদ্ধ কৰা হয়, যি বিচাৰ কালছোৱাত গ্ৰহণযোগ্য নথিপত্ৰৰ পৰিসৰ সম্প্ৰসাৰিত কৰে।
  • যুটীয়া পৰীক্ষণ ব্যৱস্থাঃ
    • একেটা অপৰাধত জড়িত হ ‘লে একেটা বিচাৰৰ অধীনত একাধিক ব্যক্তিৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰা হয়।
    • গ্ৰেপ্তাৰী পৰোৱানা (arrest warrants) প্ৰতি সঁহাৰি জনাব নোৱাৰা ব্যক্তিসকলেও যুটীয়া বিচাৰৰ সন্মুখীন হ’ব লাগিব।

মূল বিষয়সমূহ

  • ইলেক্ট্ৰনিক অভিলেখৰ সৈতে সম্পৰ্কঃ
    • টেম্পাৰিং বিপদাশংকা (Tampering Risks) : অনুসন্ধান আৰু জব্দ কৰাৰ সময়ত ইলেক্ট্ৰনিক অভিলেখত টেম্পাৰিং (বা অযথা হস্তক্ষেপ) সম্ভাৱনা থাকে।
    • প্ৰমাণীকৰণৰ প্ৰয়োজনীয়তাঃ
      • গ্ৰহণযোগ্যতাৰ বাবে ইলেক্ট্ৰনিক অভিলেখ প্ৰমাণপত্ৰৰ দ্বাৰা প্ৰমাণীকৰণ কৰিব লাগিব।
      • অৱশ্যে, এই আইনখনে কিছুমান ক্ষেত্ৰত প্ৰমাণপত্ৰ অবিহনে ইলেক্ট্ৰনিক নথিপত্ৰৰ গ্ৰহণৰ অনুমতি দিয়ে। ফলত অস্পষ্টতাৰ সৃষ্টি হয়।
  • অনুমান আৰু অত্যাচাৰৰ ওপৰত বিৰোধঃ
    • উচ্চতম ন্যায়ালয় আৰু আইন আয়োগৰ নিম্নোক্ত পৰামৰ্শসমূহ বাদ দিয়া হৈছিলঃ
      • নিৰ্যাতন আৰু অত্যাচাৰঃ আৰক্ষীৰ জিম্মাত পোৱা তথ্য ব্যৱহাৰ কৰাৰ অনুমতি দিয়া নিয়ম সলনি হোৱা নাই।
      • জিম্মাত থকাৰ সময়ত হোৱা আঘাতৰ বাবে আৰক্ষীৰ দায়িত্বৰ অনুমান বাদ দিয়ে, যাৰ ফলত দায়বদ্ধতাৰ উদ্বেগ বৃদ্ধি পায়।

Leave a Reply