বিশ্ব মানসিক স্বাস্থ্য মাহ
WORLD MENTAL HEALTH MONTH

মানসিক স্বাস্থ্য

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ মতে, “মানসিক স্বাস্থ্য হৈছে সুস্থ অৱস্থা (state of well-being) য’ত ব্যক্তিয়ে জীৱনৰ চাপ নিয়ন্ত্ৰণ কৰিব পাৰে, নিজৰ সামৰ্থ্য চিনাক্ত কৰিব পাৰে, উৎপাদনশীলভাৱে কাম কৰিব পাৰে আৰু নিজৰ সমাজলৈ অৰিহণা যোগাব পাৰে।”

বিশ্ব মানসিক স্বাস্থ্য মাহঃ

  • ১৯৯২ চনত ৱৰ্ল্ড ফেডাৰেশ্যন ফৰ মেন্টেল হেল্‌থ (World Federation for Mental Health)ৰ দ্বাৰা ‘বিশ্ব মানসিক স্বাস্থ্য মাহ’ৰ ধাৰণা প্ৰতিষ্ঠা কৰা হৈছিল, ১০ অক্টোবৰক বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে স্বীকৃতি দিয়া হৈছিল।
  • ইয়াৰ জৰিয়তে মানসিক স্বাস্থ্যৰ সমস্যাবোৰৰ বোধগম্যতা বৃদ্ধি কৰা, মানসিক স্বাস্থ্য শিক্ষাক সমৰ্থন কৰা, আৰু বিশ্বজুৰি উন্নত মানসিক স্বাস্থ্য সেৱাৰ বাবে ওকালতি কৰাৰ লক্ষ্য নিৰূপণ কৰা হৈছে ।
  • বিশ্ব স্বাস্থ্য সংস্থাৰ মত অনুসৰি , ২০২৪ চনৰ বিশ্ব মানসিক স্বাস্থ্য মাহৰ বিষয়বস্তু (theme) হৈছে ‘কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য’ (এয়া কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ সময়) (‘Mental Health at Work’) (It is time to prioritize mental health in the workplace)

মানসিক স্বাস্থ্যজনিত সজাগতাৰ গুৰুত্ব

  • সামগ্ৰিক সুস্থতা, জীৱনৰ মানদণ্ড, উৎপাদনশীলতা আৰু সামাজিক সম্পৰ্কত প্ৰভাৱ পেলোৱাৰ বাবে মানসিক স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ।
  • সজাগতা বৃদ্ধিৰ ফলত মানসিক স্বাস্থ্যজনিত কলংক আৰু বৈষম্য হ্ৰাস কৰাত সহায় কৰে; ই সমস্যাত ভোগা লোকক সহায় বিচাৰিবলৈ উৎসাহিত কৰে।

মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানঃ

  • বিশেষকৈ নিম্ন-আয় বিশিষ্ট অঞ্চল আৰু গ্ৰাম্যাঞ্চলত মানসিক স্বাস্থ্য সম্পদৰ প্ৰৱেশাধিকাৰৰ অভাৱ পৰিলক্ষিত হয়।
  • উচ্চ স্তৰৰ কলঙ্ক বা চেকাই মানুহক মানসিক স্বাস্থ্যৰ বিষয়ে মুক্ত-আলোচনা বা সমৰ্থন বিচৰাত প্ৰতিবন্ধকতা আনে।
  • ক’ভিড-১৯ মহামাৰী, আৰ্থ-সামাজিক বৈষম্য আৰু সংঘাতৰ দৰে কাৰকৰ ফলত বিশ্বব্যাপী মানসিক স্বাস্থ্য সংকট বৃদ্ধি পাইছে।

মানসিক বিকাৰ (Mental Disorders)ৰ সাধাৰণ প্ৰকাৰসমূহঃ

  • উদ্বেগজনিত বিকাৰ (Anxiety Disorders) : অত্যাধিক ভয় আৰু চিন্তা। ২০১৯ চনত, ৫৮ নিযুত শিশুসহ ৩০১ নিযুত লোক উদ্বেগজনিত বিকাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
  • অৱসাদ (Depression): নিৰন্তৰ বিষাদ আৰু কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ হেৰুওৱা। ২০১৯ চনত ২৩ নিযুত শিশুসহ ২৮০ নিযুত লোক অৱসাদত আক্ৰান্ত হৈছিল।
  • বাইপোলাৰ ডিছঅৰ্ডাৰ (Bipolar Disorder) : হতাশাৰ চূড়ান্ত পৰ্যায়ত আত্মহত্যাৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে ‘বাইপোলাৰ ডিছঅৰ্ডাৰ’ এ অৱসাদ আৰু উন্মাদৰ পৰিৱৰ্তনশীল খণ্ডক সূচায়।
  • পোষ্ট-ট্ৰ’মেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (Post-Traumatic Stress Disorder- PTSD) : আঘাতৰ পিছত পশ্তাদৱলোকলন , দুঃস্বপ্ন আৰু তীব্ৰ উত্তেজনাৰ সৈতে এইবিধ মানসিক বিকাৰ বিকশিত হয়।
  • স্কিজোফ্ৰেনিয়া (Schizophrenia) : বিকৃত চিন্তা আৰু বাস্তৱিকতাৰ পৰা বিচ্ছিন্ন হোৱাৰ সৈতে জড়িত এইবিধ গুৰুতৰ ব্যাধিয়ে যিয়ে বিশ্বজুৰি ২৪ নিযুত লোকক প্ৰভাৱিত কৰিছে।
  • ক্ষুধা বিকাৰ (Eating Disorders) : ই গুৰুতৰ স্বাস্থ্যৰ বিপদাশংকাৰ সৈতে শৰীৰৰ ওজনৰ সৈতে সম্পৰ্কিত অস্বাভাৱিক খোৱা আচৰণ, যেনে ক্ষুধাহীনতা (anorexia) আৰু অতি ভুৰি-ভোজন (bulimia) আদিক সূচায়।
  • বিঘ্নজনক আচৰণ আৰু সমাজ-বিৰোধাচৰণ বিকাৰ (Disruptive Behavior & Dissocial Disorders) :  ই হৈছে সামাজিক নিয়ম আৰু আনৰ অধিকাৰ উলংঘন কৰা অবিৰত অবাধ্যতা বা আচৰণ।
  • স্নায়ু-বিকাশজনিত বিকাৰ (Neurodevelopmental Disorder) : শিশুৰ প্ৰাৰম্ভিক বিকাশত উদ্ভৱ হোৱা বিকাৰ যেনে, বৌদ্ধিক আৰু সামাজিক কাৰ্যকলাপ প্ৰভাৱিত কৰা অটিজম (autism) আৰু এডিএইচডি (ADHD) আদি।

ভাৰতত মানসিক স্বাস্থ্যজনিত ব্যাধিৰ প্ৰাদুৰ্ভাৱ

  • ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষা (National Mental Health Survey) :
    • ভাৰতৰ জনসংখ্যাৰ ১৩.৭% মানসিক ৰোগত আক্ৰান্ত।
    • ১০.৬ শতাংশক তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন।
  • আত্মহত্যাৰ হাৰঃ
    • ২০১৩ চনত ভাৰতত ১.৭১ লাখ আত্মহত্যাৰ তথ্য পোৱা গৈছিল, যাৰ আত্মহত্যাৰ হাৰ আছিল প্ৰতি এক লাখৰ বিপৰীতে ১২.৪।
  • হতাশা আৰু উদ্বেগঃ
    • ৫৬ নিযুত ভাৰতীয় হতাশাত আক্ৰান্ত, আৰু ৩৮ নিযুত উদ্বিগ্নতাত আক্ৰান্ত (বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি)।

ভাৰতত মানসিক স্বাস্থ্যসেৱাৰ মূল প্ৰত্যাহ্বানসমূহঃ

  • নিম্ন নীতিৰ অগ্ৰাধিকাৰঃ
    • ভাৰতত মানসিক স্বাস্থ্যৰ বাবে পৰ্যাপ্ত পুঁজিৰ অভাৱ দেখা যায়। (২০২৩ চনত আনুমানিক ৯৩ হেজাৰ কোটি টকাৰ প্ৰয়োজনীয়তাৰ বিপৰীতে মাত্ৰ ১ হেজাৰ কোটি টকা আবণ্টন দিয়া হৈছিল)
  • অপর্যাপ্ত আন্তঃগাঁথনিঃ
    • ভাৰতত প্ৰতি এক লাখ লোকৰ বিপৰীতে মাত্ৰ ০.৭৫ জন মনোৰোগ বিশেষজ্ঞ আছে (আদৰ্শ অনুপাত : প্ৰতি এক লাখ লোকৰ বিপৰীতে ৩ জন মনোৰোগ বিশেষজ্ঞ)।
  • উচ্চ চিকিৎসা ব্যয়ঃ
    • ভাৰতত মানসিক স্বাস্থ্যক্ষেত্ৰত ৮৩% চিকিৎসাৰ ব্যৱধান দেখা যায়, মানসিক ৰোগৰ চিকিৎসাজনিত ব্যয়ৰ বাবে ২০% পৰিয়াল দৰিদ্ৰতাৰ কবলত পৰে।
  • নীতি ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহঃ
    • ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য নীতি (National Mental Health Policy) (২০১৪) আৰু মানসিক স্বাস্থ্য আইন ৰূপায়ণত ব্যৱধান (Mental Health Act) (২০১৭) আছে।
  • নগৰ-গ্ৰাম্য বিভাজনঃ
    • মানসিক স্বাস্থ্য সেৱা নগৰ অঞ্চলত কেন্দ্ৰীভূত হৈ আছে, যাৰ ফলত গ্ৰাম্য অঞ্চলবোৰত সেৱাৰ অভাৱ দেখা যায়।
  • কলঙ্ক আৰু বৈষম্যঃ
    • মানসিক স্বাস্থ্য সন্দৰ্ভত কলঙ্কই আক্ৰান্তজনক সহায় বিচৰাৰ পৰা নিৰুৎসাহিত কৰে।
  • সজাগতাৰ অভাৱঃ
    • মানসিক স্বাস্থ্যৰ সমস্যাৰ বিষয়ে পৰ্যাপ্ত শিক্ষা আৰু সজাগতাৰ অভাৱ পৰিলক্ষিত হয়।

সংবাদ মাধ্যম আৰু সমাজৰ ভূমিকা

  • সংবাদ মাধ্যমৰ প্ৰচাৰ অভিযান আৰু সামূহিক কাৰ্যসূচীসমূহে সজাগতা বিয়পোৱা আৰু ইতিবাচক মানসিক স্বাস্থ্য অনুশীলনৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
  • সমাজে এক সহায়ক পৰিৱেশ গঢ়ি তোলা আৰু বিচাৰ বা নেতিবাচক ধাৰাবাহিকতা হ্ৰাস কৰি অৰিহণা যোগাব পাৰে।

মানসিক স্বাস্থ্যক সহায়কাৰী উপায়সমূহ

  • মুকলি কথোপকথন, নিয়মীয়া মানসিক স্বাস্থ্য পৰীক্ষা, আৰু ব্যায়াম, মনোযোগ, আৰু স্বাস্থ্যকৰ সামাজিক পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ দৰে আত্ম-যত্নৰ অনুশীলনসমূহক উৎসাহিত কৰা উচিত।
  • সংগঠনসমূহে হ’টলাইন (hotlines), পৰামৰ্শ সেৱা আৰু কৰ্মশালাৰ জৰিয়তে সহায় আগবঢ়াব পাৰে।

চৰকাৰী পদক্ষেপঃ

  • ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী (National Mental Health Programme (NMHP)
  • মানসিক স্বাস্থ্য-সেৱা আইন ২০১৭ (Mental HealthCare Act 2017)
  • ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ুবিজ্ঞান প্ৰতিষ্ঠান (National Institute of Mental Health and Neurosciences – NIMHANS)
  • ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী (National Tele Mental Health Programme)
  • নিমহান্স আৰু আই. জি. ও. টি-দীক্ষাৰ সহযোগিতা (NIMHANS and iGOT-Diksha Collaboration)
  • আয়ুষ্মান ভাৰত-এইচডব্লিউচি আঁচনি (Ayushman Bharat – HWC Scheme)
  • কিৰণ হেল্পলাইন (Kiran Helpline)
  • মানস মোবাইল এপ (MANAS Mobile App)

বিশ্ব মানসিক স্বাস্থ্য মাহে মানসিক স্বাস্থ্যৰ ওপৰত সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সম্প্ৰদায়, চৰকাৰ আৰু ব্যক্তিসকলক মানসিক সুস্থতাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মানসিক স্বাস্থ্যৰ বাবে এক সহায়ক গোলকীয় আৰু ৰাষ্ট্ৰীয় পৰিৱেশ গঢ়ি তোলাটোৱে জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিব পাৰে, ফলত বিশ্বজুৰি বহনক্ষম সমাজৰ  বিকাশৰ বাবে ই অত্যাৱশ্যকীয় হৈ পৰিছে।

Leave a Reply