সংবিধান দিৱস
CONSTITUTION DAY

ভাৰতত প্ৰতি বছৰে 26 নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়। ইয়াক ৰাষ্ট্ৰীয় আইন দিৱস বুলিও জনা যায়।

সংবিধান দিৱসৰ প্ৰধান তথ্যসমূহ

সংবিধান দিৱসে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ দ্বাৰা ভাৰতৰ সংবিধান গ্ৰহণৰ ঐতিহাসিক মূহুৰ্তক স্মৰণ কৰে।

  • ঐতিহাসিক প্ৰসংগ
    • ১৯৪৭ চনৰ ২৯ আগষ্টত সংবিধান সভাৰ দ্বাৰা ড° বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত খচৰা সমিতি গঠন কৰা হৈছিল।
    • ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল। সেই উপলক্ষে প্ৰতি বছৰে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰা হয়।
  • চৰকাৰী পদক্ষেপ
    • ২০১৫ চনৰ ১৯ নৱেম্বৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ২৬ নৱেম্বৰক সংবিধান দিৱস হিচাপে উদ্‌যাপনৰ সিদ্ধান্ত ঘোষণা কৰিছিল।
  • উদ্দেশ্য
    • এই দিৱসৰ উদ্দেশ্য হৈছে ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু ইয়াৰ মুখ্য স্থপতিবিদ ড° বি আৰ আম্বেদকাৰৰ চিন্তা-দৰ্শন আৰু ধাৰণাসমূহৰ ওপৰত আলোকপাত কৰা।

ভাৰতীয় সংবিধান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমূহ

  • দৈৰ্ঘ্য আৰু গঠন
    • ভাৰতৰ সংবিধান হৈছে বিশ্বৰ যিকোনো সাৰ্বভৌম দেশৰ ভিতৰত আটাইতকৈ দীঘলীয়া লিখিত সংবিধান।
    • ভাৰতীয় সংবিধানখন প্ৰথমতে ইংৰাজী আৰু হিন্দী ভাষাত লিখা হৈছিল।
  • ভাৰতীয় সংবিধানৰ শৈল্পিক বৈশিষ্ট্যসমূহ
    • ভাৰতীয় সংবিধানৰ হস্তলিখিত সংস্কৰণটো প্ৰেম বিহাৰী নাৰায়ণ ৰাইজাদাৰে কেলিগ্ৰাফীৰ (calligraphy) সহায়েৰে তৈয়াৰ কৰি উলিয়াইছিল।
    • ভাৰতীয় সংবিধানৰ প্ৰতিটো পৃষ্ঠা শান্তিনিকেতনৰ শিল্পীসকলে নন্দলাল বসুৰ নিৰ্দেশনাত কলাত্মকভাৱে সজাই তুলিছিল।
  • সময়সূচী আৰু খচৰা
    • ভাৰতীয় সংবিধানখন সংবিধান প্ৰস্তুত কৰিবলৈ ২ বছৰ, ১১ মাহ আৰু ১৮ দিন সময় লাগিছিল।
    • ড° বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত সংবিধান সভাৰ খচৰা সমিতিখন সাতজন সদস্যৰে গঠিত হৈছিল। আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি গণ্য কৰা হয়।
  • অনুপ্রেৰণা আৰু প্ৰভাৱ
    • ভাৰতীয় সংবিধানখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, ব্ৰিটেইনৰ সংবিধান, আইৰিছ সংবিধান, ফৰাচী সংবিধান, কানাডিয়ান সংবিধান, অষ্ট্ৰেলিয়াৰ সংবিধান আৰু জাপানী সংবিধানৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল।
    • ইয়াৰ মৌলিক গাঁথনি ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন (Government of India Act)ৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
  • ঘোষণা আৰু নীতিসমূহ
    • ই ভাৰতক এক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰে।
    • ই ন্যায়, সমতা, স্বাধীনতা নিশ্চিত কৰে আৰু নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰে।

Leave a Reply