২০২৪ চনৰ ১৮-১৯ নৱেম্বৰৰ ভিতৰত নতুন দিল্লীত সাগৰমন্থনঃ দ্য গ্ৰেট অ’চেন ডায়ালগ অনুষ্ঠিত হৈছিল।
- বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে (Ministry of Ports, Shipping, and Waterways (MoPSW)) অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্যন (Observer Research Foundation (ORF)) ৰ সহযোগিতাত আয়োজন কৰা এই অনুষ্ঠানত সামুদ্ৰিক প্ৰশাসন, নীল অৰ্থনীতি আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পৰিলক্ষিত হোৱা মূল উন্নয়নসমূহ
- কৌশলগত গুৰুত্বঃ
- ভাৰতৰ ৭,৫০০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল আৰু ২০০ৰো অধিক সামুদ্ৰিক বন্দৰে ভাৰতীয় বাণিজ্যৰ আয়তনৰ দিশেৰে ৯৫% আৰু মূল্যৰ দিশেৰে ৭০% বাণিজ্য পৰিচালনা কৰে।
- ভাৰতে আন্তৰ্জাতিক জাহাজ পৰিবহণ পথত অৱস্থিত এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
- কাৰ্গো পৰিচালনাৰ (Cargo Handling) ক্ষেত্ৰত বৃদ্ধিঃ
- ২০১৪-১৫ চনৰ পৰা ২০২৩-২৪ চনলৈ, ভাৰতৰ মুখ্য সামুদ্ৰিক বন্দৰসমূহে বাৰ্ষিক কাৰ্গো-হেণ্ডেলিং ক্ষমতা ৮৭% বৃদ্ধি কৰি ১,৬২৯.৮৬ নিযুত টনলৈ বৃদ্ধি কৰিছে।
- ২০২৪ বিত্তীয় বৰ্ষত, ৮১৯.২২ নিযুত টন কাৰ্গো প্ৰক্ৰিয়াকৃত কৰা হৈছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৪.৪৫% বৃদ্ধিক সূচাইছিল।
- নীতি আৰু বিনিয়োগঃ
- ১০০% প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (FDI) আৰু বন্দৰ বিকাশকসকলৰ বাবে ১০ বছৰীয়া কৰ ছুটীৰ (tax holidays) দৰে কাৰ্যক উৎসাহিত কৰা নীতিয়ে বন্দৰখণ্ডক প্ৰৎসাহিত কৰিছিল।
- ভাৰতে ২০৩৫ চনৰ ভিতৰত বন্দৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৮২ বিলিয়ন ডলাৰৰ পৰিকল্পিত বিনিয়োগ যুগুতাই উলিয়াইছে। ইয়াৰ ভিতৰত আনুমানিক ৭৬,২২০ কোটি টকা ব্যয়যুক্ত ভাধৱন বন্দৰ প্ৰকল্প (Vadhavan Port Project) (মহাৰাষ্ট্ৰ) অন্তৰ্ভুক্ত আছে।
- সেউজ উদ্যোগঃ
- গ্ৰীণ টাগ ট্ৰানজিশ্যন প্ৰগ্ৰেমৰ (Green Tug Transition Program) লক্ষ্য হৈছে ২০৪০ চনৰ ভিতৰত পৰম্পৰাগত টাগবোৰ (conventional tugs) পৰ্যায়ক্ৰমে আঁতৰাই, সেইবোৰক পৰিৱেশ-অনুকূল বিকল্পৰ সৈতে সলনি কৰা।
- দীনদয়াল (Deendayal) আৰু ভিঅ’ চিদাম্বৰনাৰৰ (VO Chidambaranar) দৰে বন্দৰসমূহক সেউজ হাইড্ৰ’জেন হাব (Green Hydrogen Hubs) হিচাপে বিকশিত কৰা হৈছে।
- জাহাজ নিৰ্মাণ আৰু নৌবহৰ সম্প্ৰসাৰণঃ
- সংশোধিত জাহাজ নিৰ্মাণ বিত্তীয় সাহায্য নীতিয়ে (Shipbuilding Financial Assistance Policy (SBFAP)) ঘৰুৱা জাহাজ নিৰ্মাণ শক্তিশালী কৰিবলৈ ৩৩৭ কোটি টকাৰ সাহায্য প্ৰদান কৰে।
- ২০৩৭ চনৰ ভিতৰত ১,০০০ খন জাহাজৰ বহৰ সম্প্ৰসাৰণৰ বাবে এটা নতুন শ্বিপিং কোম্পানী (shipping company) স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
- সামুদ্ৰিক শাসন আৰু আধুনিকীকৰণঃ
- নিৰবিচ্ছিন্ন সম্ভাৰতন্ত্ৰ আৰু জাহাজ নিৰীক্ষণৰ বাবে স্মাৰ্ট বন্দৰ (smart ports) আৰু ছিংগল-উইণ্ড’ প’ৰ্টেলৰ (single-window portals) প্ৰৱৰ্তন কৰা হৈছে।
- পাৰাদীপ বন্দৰে ২০২৪ বিত্তীয় বৰ্ষত ১৪৫.৩৮ নিযুত টন কাৰ্গো পৰিচালনা কৰি ভাৰতৰ সৰ্ববৃহৎ বন্দৰ হিচাপে পৰিগণিত হৈছিল।
প্ৰধান আঁচনি আৰু কাৰ্যসূচীসমূহ
- সাগৰমালা কাৰ্যক্ৰম (Sagarmala Programme) :
- ইয়াৰ দ্বাৰা বন্দৰ-নেতৃত্বাধীন উন্নয়ন আৰু সংযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
- উপকূলীয় বাৰ্থ (coastal berths), পথ-ৰেল সংযোগ আৰু ক্ৰুজ টাৰ্মিনেলকে (cruise terminals) ধৰি ১৩০ প্ৰকল্পৰ বাবে ৩,৭১৪ কোটি টকা আৱণ্টন কৰা হৈছে।
- সামুদ্ৰিক ভাৰত দৃষ্টিভংগী (Maritime India Vision (MIV)), ২০৩০:
- ইয়াৰ জৰিয়তে বন্দৰ, শ্বিপয়াৰ্ড (shipyard), আভ্যন্তৰীণ জলপথ আৰু বাণিজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ১৫০টা পদক্ষেপৰ সৈতে ব্যাপক পৰিকল্পনা যুগুতাই উলিওৱা হৈছিল।
- আভ্যন্তৰীণ জলপথ উন্নয়নঃ
- যানজঁটযুক্ত স্থলপথ আৰু ৰে ‘ল জালিকাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ২৬টা নতুন ৰাষ্ট্ৰীয় জলমাৰ্গৰ সম্ভাৱনীয়তা সম্বন্ধীয় অধ্যয়ন সম্পূৰ্ণ কৰা হৈছে।
সামুদ্ৰিক খণ্ডত পৰিলক্ষিত হোৱা প্ৰত্যাহ্বানসমূহ
- আন্তঃগাঁথনি আৰু সংযোগৰ ব্যৱধানঃ
- বন্দৰৰ আধুনিকীকৰণ আৰু আন্তঃআৰ্হি সংযোগ (intermodal) এতিয়াও অনুন্নত হৈ আছে।
- স্থায়িত্বৰ শংকা :
- বন্দৰ প্ৰকল্পসমূহৰ পৰিৱেশগত প্ৰভাৱে উপকূলীয় পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনে।
- বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতাঃ
- জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক সঁজুলি নিৰ্মাণত ভাৰতৰ স্বকীয় থলুৱা সামৰ্থ্য যথেষ্ট সীমিত।
- চীনৰ সৈতে প্ৰতিযোগিতাঃ
- জাহাজ পৰিবহণ, বন্দৰ ক্ষমতা আৰু ইয়াৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (BRI)ৰ দ্বাৰা চীনৰ আধিপত্যবাদী আচৰণে ভাৰতৰ স্থিতিক প্ৰত্যাহ্বান জনাইছে।
সম্ভাব্য কাৰ্যপন্থা:
- দ্ৰুত গতিৰ আধুনিকীকৰণঃ
- সাগৰমালাৰ অধীনত প্ৰকল্পসমূহ ত্বৰান্বিত কৰা আৰু ঘৰুৱা শ্বিপয়াৰ্ডৰ ক্ষমতা উন্নত কৰা প্ৰয়োজন।
- গ্ৰীণ শ্বিপিঙ (Green Shipping)ৰ প্ৰচাৰঃ
- সামুদ্ৰিক কাৰ্যকলাপত এলএনজি (LNG) আৰু নৱীকৰণযোগ্য শক্তিৰ (renewable energy) ব্যৱহাৰ বৃদ্ধি কৰা দৰকাৰ।
- ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা :
- ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে কৰ প্ৰেৰণা (tax incentives) আৰু সুচল নীতি (streamline policies) প্ৰদান কৰা প্ৰয়োজন।
- বিশ্বজনীন অংশীদাৰিত্ব শক্তিশালী কৰা :
- ভাৰত মহাসাগৰ ৰিম সংস্থা (Indian Ocean Rim Association (IORA)) আৰু অন্যান্য সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ।
ভাৰতৰ সামুদ্ৰিক খণ্ড স্থায়িত্ব, আধুনিকীকৰণ আৰু সংযোগৰ ওপৰত এক শক্তিশালী গুৰুত্বৰ সৈতে পৰিৱৰ্তনশীল বিকাশৰ বাবে সাজু হোৱা দেখা গৈছে। এইক্ষেত্ৰত সাগৰমন্থনৰ দৰে পদক্ষেপ আৰু শক্তিশালী চৰকাৰী নীতিয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ সামুদ্ৰিক নেতা হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।