নাগালেণ্ড চৰকাৰ আৰু ভাৰতস্থিত জাপানী দূতাবাসে ঘোষণা কৰে যে কোহিমাৰ ওচৰৰ কিছামাত ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ১০ দিনীয়া হৰ্ণবিল ফেষ্টিভেল ২০২৪-ত জাপান অংশীদাৰ হ’ব। জাপানৰ লগতে সংযুক্ত ৰাজ্য (ৱেলছ)(United Kingdom (Wales)) ও অংশীদাৰী ৰাষ্ট্ৰ হিচাপে কাৰ্য সমাপন কৰিব।
মূল ঘোষণা আৰু পদক্ষেপসমূহঃ
- অংশীদাৰীত্বৰ ঘোষণাঃ
- নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু তেওঁৰ কেবিনেটে নতুন দিল্লীস্থিত জাপান দূতাবাসৰ তাকাচি আৰিঅ’ছি (উপ মুখ্য-নেতৃত্ববাহী) (Deputy Chief of Mission) আৰু মায়ুমি চুবাকিমোটো (প্ৰধান সচিব)(First Secretary)-ক সাক্ষাৎ কৰাৰ পিছতে এই ঘোষণা আগবঢ়োৱা হয়।
- জাপানৰ কাৰ্যকলাপসমূহঃ
- সাংস্কৃতিক আৰু সংগীত অনুষ্ঠানত অংশগ্ৰহণ কৰা।
- হস্তশিল্প আৰু বাঁহৰ সামগ্ৰীৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা।
- দক্ষতা নিৰ্মাণৰ বাবে জাপানী সমল ব্যক্তি, দক্ষ শিল্পী আৰু সংগীতজ্ঞসকলক জড়িত কৰা।
- প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণঃ
- জাপানৰ পুঁজিপতি গোষ্ঠী টয়োটাই এই উৎসৱৰ বাবে নাগালেণ্ডৰ টাস্ক ফ’ৰ্চ ফৰ মিউজিক এণ্ড আৰ্টছৰ দTask Force for Music and Arts) সৈতে সহযোগিতা স্থাপন কৰিব।
হৰ্ণবিল উৎসৱঃ সংক্ষিপ্ত বিৱৰণ
হৰ্ণবিল উৎসৱ
- আন্তঃ-জনজাতীয় মত-বিনিময়ৰ প্ৰসাৰ আৰু ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে নাগালেণ্ডত উদযাপন কৰা এক উৎসৱ হৈছে হৰ্ণবিল উৎসৱ।
- ইয়াক “উৎসৱৰ উৎসৱ” (Festival of Festivals) বুলি উল্লেখ কৰা হয়।
ঐতিহাসিক পটভূমি
- প্ৰথম হৰ্ণবিল উৎসৱ ২০০০ চনত অনুষ্ঠিত হৈছিল।
স্থান
- নাগালেণ্ডৰ কোহিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত কিছামাৰ নগা হেৰিটেজ গাঁৱত হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয়।
আয়োজকমণ্ডলী
- নাগালেণ্ড চৰকাৰৰ ৰাজ্যিক পৰ্যটন আৰু কলা আৰু সংস্কৃতি বিভাগৰ দ্বাৰা হৰ্ণবিল উৎসৱ আয়োজিত হয় ।
উদ্দেশ্য
- হৰ্ণবিল উৎসৱৰ উদ্দেশ্য হৈছে আন্তঃ-জনজাতীয় পাৰস্পৰিক সম্পৰ্কক উৎসাহিত কৰা আৰু নাগালেণ্ডৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ কৰা।
উৎসৱৰ গুৰুত্বপূৰ্ণ দিশসমূহ
- পৰম্পৰাগত নাগা মৰুং (Naga Morungs) ৰ প্ৰদৰ্শনী।
- কলা আৰু কাৰুশিল্পৰ বিক্ৰী, খাদ্য-বিপণী, আৰু গীত আৰু নৃত্যকে ধৰি সাংস্কৃতিক অনুষ্ঠান ইত্যাদি মেটমৰা সম্ভাৰেৰে হৰ্ণবিল উৎসৱ আয়োজন কৰা হয়।
- থলুৱা খেল-ধেমালি আৰু ক্ৰীড়া কাৰ্যকলাপও অনুষ্ঠিত হয়।
- হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় ৰক ফেষ্টিভেল (Hornbill International Rock Festival): ই স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰক বেণ্ডৰ প্ৰদৰ্শনৰ এক মুখ্য আকৰ্ষণ।
গ্ৰেট হৰ্ণবিল (Great Hornbill) (ধনেশ পক্ষী): সংযোগ আৰু গুৰুত্ব
- বৈজ্ঞানিক নাম : Buceros bicornis।
- সাধাৰণ নাম – ৰাজ ধনেশ (গ্ৰেট ইণ্ডিয়ান হৰ্ণবিল) (Great Indian hornbill) বা গ্ৰেট পাইড হৰ্নবিল (great pied hornbill)
- পৰিসৰঃ
- ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত এইবিধ ধনেশ চৰাই পোৱা যায়।
- ভাৰতত ইয়াৰ জনসংখ্যা হিমালয়ৰ পাদদেশ, উত্তৰ-পূব পাহাৰীয়া অৰণ্য আৰু পশ্চিম ভাৰতৰ সেমেকা চিৰসেউজ অৰণ্যত কেন্দ্রীভূত হৈ আছে।
- সংৰক্ষণ-স্থিতিঃ
- আই.ইউ.চি.এন. (IUCN) স্থিতি : প্ৰায় বিপদাপন্ন (Near Threatened)
- ই চাইটছ(CITES)ৰ এপেণ্ডিক্স-১ (Appendix I)ৰ তালিকাভুক্ত।
- সাংস্কৃতিক আৰু জনজাতীয় গুৰুত্বঃ
- ইয়াৰ আকাৰ আৰু স্পন্দনশীল চেহেৰাই ইয়াক বিভিন্ন জনজাতীয় সংস্কৃতি আৰু ৰীতি-নীতিত গুৰুত্বপূৰ্ণ কৰি তোলে।
- গ্ৰেট হৰ্ণবিল বা ৰাজ ধনেশ হৈছে কেৰালা আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক চৰাই।
- নাগালেণ্ড সংযোগঃ
- যদিও এই উৎসৱত ধনেশ চৰাইট সন্মান জনোৱা হয়, পিছে নাগালেণ্ডৰ ৰাজ্যিক চৰাই ধনেশ নহয়, ব্লাইথ’ছ ত্ৰেগোপান (Blyth’s Tragopan) হে।