২০২৪ বৰ্ষৰ ‘চেম্পিয়নছ অৱ্ দ্য আৰ্থ’ বঁটা
CHAMPIONS OF EARTH AWARD 2024

পৰিৱেশ বিজ্ঞানী মাধৱ গাডগিলে লাভ কৰিলে চেম্পিয়নছ অৱ দ্য আৰ্থ বঁটা

  • স্বীকৃতিঃ
    • ৰাষ্ট্ৰসংঘই পৰিৱেশবিদ মাধৱ গাডগিলক ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান চেম্পিয়ন্ছ অৱ দ্য আৰ্থ বঁটাৰে সন্মানিত কৰিছে।
  • অৱদানঃ
    • বিশ্বব্যাপী গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্যৰ হটস্পট এলেকা স্বৰূপ পশ্চিমঘাট পৰ্বতমালাত কৰা গুৰুত্বপূৰ্ণ কামৰ বাবে তেওঁলৈ এই স্বীকৃতি আগবঢ়োৱা হৈছে।
    • তেওঁ পৰিৱেশগতভাৱে সংবেদনশীল পশ্চিমঘাট পৰ্বতমালাত জনসংখ্যাজনিত চাপ, জলবায়ু পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যকলাপৰ প্ৰভাৱ অধ্যয়ন কৰা পশ্চিম ঘাট পৰিৱেশ বিশেষজ্ঞ পেনেলত (Western Ghats Ecology Expert Panel (WGEEP)) সভাপতিত্ব কৰিছিল।
  • মূল পৰামৰ্শঃ
    • ২০১১ চনত পেনেলে সমগ্ৰ পশ্চিম ঘাটসমূহক পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চল (Ecologically Sensitive Area (ESA)) হিচাপে মনোনীত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।
    • ই উন্নত পৰিৱেশ সংৰক্ষণৰ বাবে অঞ্চলটো তিনিটা পৰিৱেশ সংবেদনশীল এলেকাত বিভক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল।

Leave a Reply