কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra)
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ প্ৰতিষ্ঠাকাল
আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ পৃষ্ঠপোষকতাত কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) প্ৰতিষ্ঠা কৰা হয়। এই খন চাৰি ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। প্ৰতিষ্ঠাৰ কাল সঠিক ৰূপত উপলব্ধ নহ’লেও এই সত্ৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত প্ৰথমে স্থাপন কৰা হৈছিল। সেয়ে এই সত্ৰখনক আদিসত্ৰ বুলিও কোৱা হয়। বৰ্তমান সময়তো আন তিনিখন ৰাজসত্ৰৰ সত্ৰাধিকাৰে চহৰ ফুৰিবলৈ ভটিয়াই যাওঁতে এই সত্ৰত সোমাই যোৱাৰ পৰম্পৰা অব্যাহত আছে। আদি সত্ৰ হোৱা হেতুকে তিনিখন সত্ৰৰ ভাবী-অধিকাৰ নাইকিয়া হ’লে কুৰুৱাবাহীৰ পৰা আনি লোৱাৰ নিয়মৰ প্ৰচলন আছে। এই কুৰুৱাবাহী সত্ৰখন বৰ্তমানৰ গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত অৱস্থিত। এই সত্ৰৰ এটা ফৈদ নগাওঁ চহৰতো আছে।
কুৰুৱাবাহী সত্ৰৰ (Kuruabahi Satra) প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিল দামোদৰদেৱৰ শিষ্য বংশীগোপালদেৱ। প্ৰতাপ সিংহ ৰজাৰ দিনত মিত্ৰদেৱ গোসাঁই সত্ৰাধিকাৰ হৈ থকা সময়ত ৰাজ আজ্ঞাৰে ১৬৪৪ শ্ৰীষ্ঠাব্দত এই সত্ৰভাগ ভাঙি পেলোৱা হৈছিল। পিছত স্বৰ্গদেউ চুৰমফা ওৰফে ভগা ৰজাই এই সত্ৰখন পুনৰ প্ৰতিষ্ঠা কৰি দিয়ে।
মানৰ আক্ৰমণৰ সময়ত ভকত সম্বনিতে সত্ৰাধিকাৰ গোঁসাই ভটিয়াই আহি নগাঁওত থিতাপি লয় আৰু তাতে সত্ৰৰ এটা শাখা স্থাপন কৰে। পৰৱৰ্তী সময়ত দেশৰ অৱস্থা সুস্থিৰ হোৱাত ভকতসকলৰ এটা ফৈদ পুনৰ ধনশিৰিমুখলৈ উভতি গৈ পুৰণি সত্ৰত সত্ৰীয়া পৰম্পৰাৰ পোখা মেলে। বৰ্তমান এই ধনশিৰিমুখ আৰু নগাঁওৰ দুয়ো ঠাইৰ সত্ৰ দুখন একগোট ৰূপত আছে। দুয়োখনৰ ভিতৰত জ্যেষ্ঠতাৰ ভিত্তিত সত্ৰাধিকাৰ নিৰূপণ কৰা হয়। অৰ্থাৎ দুয়োসত্ৰৰ ভিতৰত জ্যেষ্ঠজন থকা সত্ৰখনত সত্ৰাধিকাৰ থাকে আৰু আনখনত ডেকা অধিকাৰৰে সত্ৰৰ পৰিচালনা কৰে।
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ নামকৰণ
প্ৰচলিত মতবাদ অনুসৰি এই সত্ৰভাগ প্ৰতিষ্ঠা কৰাৰ সময়ত সেই স্থানৰ ওচৰতে থকা এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাঁহ আছিল। কুৰুৱা চৰাইৰ বাসস্থানৰ ওচৰত প্ৰতিষ্ঠা কৰাৰ বাবেই এই সত্ৰৰ নাম কুৰুৱাবাহী (Kuruabahi) হ’ল বুলি কোৱা হয়।
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ উপাস্য দেৱতা
কথাগুৰুচৰিত অনুসৰি শংকৰদেৱে কৰুণা বাঢ়ৈৰ দ্বাৰা নিৰ্মাণ কৰা মদন গোপালৰ মূৰ্তিভাগ বংশীগোপাল দেৱে লাভ কৰে আৰু ইয়াকে মূল বিগ্ৰহ ৰূপত এই সত্ৰত প্ৰতিষ্ঠা কৰা হয়। এই মদনগোপালৰ বিগ্ৰহ সত্ৰৰ মূল উপাস্য দেৱতা। কুৰুৱাবাহী সত্ৰৰ যিটো শাখাত মূল সত্ৰাধিকাৰ গৰাকী থাকে তাতে এই বিগ্ৰহভাগ প্ৰতিষ্ঠা কৰাৰ নিয়ম। সেই সময়ত আনখনত বিগ্ৰহৰ প্ৰতিচ্ছবি এভাগহে উপাসনা কৰা হয়।
কুৰুৱাবাহী সত্ৰ (Kuruabahi Satra) ৰ পালনীয় ৰীতি-নীতি
কুৰুৱাবাহী সত্ৰত (Kuruabahi Satra) নিয়মীয়া ৰূপত নাম-প্ৰসংগ অনুষ্ঠিত কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আচাৰ অনুষ্ঠান গীত নৃত্যৰ অনুশীলন কৰা হয়। দৌল উৎসৱ অতি উলহ-মালহেৰে কুৰুৱাবাহী সত্ৰত উদযাপন কৰা হয়। দৌল উৎসৱ আয়োজন কৰা বেদীও সত্ৰত আছে। ইয়াৰ উপৰিও বিভিন্ন তিথি, উৎসৱ অনুষ্ঠান আদি ইয়াত অনুষ্ঠিত কৰা হয়। ভাওনা, ৰাস আদি পৰম্পৰাগত অনুষ্ঠানএই সত্ৰত অনুষ্ঠিত কৰা হয়।
কুৰুৱাবাহী সত্ৰ ব্ৰহ্ম সংহতিৰ অন্তৰ্গত। অৱশ্যে এই সত্ৰৰ ভকতসকলে গাৰ্হস্থ্য ধৰ্ম পালন কৰাৰ অনুমতি আছে। ৰাজসত্ৰ কেইখনৰ তুলনাত এই সত্ৰৰ অৱস্থা কিছু শোচনীয়। বৰ্তমান সময়ত চৰকাৰী সাহায্যত সত্ৰৰ চৌহদত ভকত-বৈষ্ণৱৰ উদ্দেশ্যে নতুন গৃহ নিমাৰ্ণ কৰা হৈছে। কুৰুৱাবাহী সত্ৰত থকা সম্পদৰ ভিতৰত সাঁচিপাতৰ পুথি অন্যতম। সাঁচিপাতৰ পুথিৰ এক বৃহৎ সংগ্ৰহ এই সত্ৰত আছে।