মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে ৰায়দান দিছিল যে মৌলিক গাঁথনিৰ মতবাদ উলংঘনৰ ভিত্তিত এখন আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাব নোৱাৰি।
- এই ৰায়দানে মাদ্ৰাছা নিয়ন্ত্ৰণৰ দৰে বিষয়ত আইন প্ৰণয়নত ৰাষ্ট্ৰৰ কৰ্তৃত্বক সমৰ্থন কৰিছিল আৰু সাধাৰণ আইনৰ ক্ষেত্ৰত মৌলিক গাঁথনি মতবাদৰ প্ৰয়োগযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
- মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে উল্লেখ কৰিছিল যে মৌলিক গাঁথনিত গণতন্ত্ৰ, যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ দৰে ধাৰণাসমূহ “সংজ্ঞায়িত নহয়” (undefined) আৰু আইনবোৰ অবৈধ কৰিবলৈ সেইবোৰ ব্যৱহাৰ কৰিলে সাংবিধানিক ব্যাখ্যাত অনিশ্চয়তাৰ সৃষ্টি হ’ব পাৰে।
মৌলিক গাঁথনি মতবাদ কি? :
মৌলিক গাঁথনিৰ মতবাদত দাবী কৰা হৈছে যে ভাৰতীয় সংবিধানৰ কিছুমান মূল উপাদান সংসদৰ দ্বাৰা সলনি কৰিব নোৱাৰি।
সংবিধানৰ এই অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ সংশোধন কৰিব বিচৰা যিকোনো সংশোধনী অসাংবিধানিক বুলি গণ্য কৰা হয়, যি সংবিধানৰ স্থিৰতা আৰু ইয়াৰ মৌলিক মূল্যবোধসমূহৰ আনুগত্য বজাই ৰাখিবলৈ এক সুৰক্ষা হিচাপে কাৰ্য সম্পাদন কৰে।
মৌলিক গাঁথনি মতবাদৰ বিৱর্তনঃ
সংবিধানত স্পষ্টভাৱে উল্লেখ নথকা মৌলিক গাঁথনি মতবাদ সংসদৰ সংশোধনী ক্ষমতাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ জৰিয়তে বিকশিত হৈছিল। গুৰুত্বপূৰ্ণ ঘটনাসমূহ এনেধৰণৰঃ
- শংকৰী প্ৰসাদ গোচৰ (১৯৫১) : উচ্চতম ন্যায়ালয়ে ৰায়দান দিছিল যে সাংবিধানিক সংশোধনীসমূহে সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহ সলনি কৰিব পাৰে।
- গোলক নাথ গোচৰ (১৯৬৭) : এই গোচৰৰ ৰায়দানত পূৰ্বৰ শংকৰী প্ৰসাদ গোচৰৰ ৰায়দানৰ বিপৰীত স্থিতি গ্ৰহণ কৰা হৈছিল; ইয়াত উল্লেখ কৰা হৈছিল যে সংবিধানৰ সংশোধনীসমূহে মৌলিক অধিকাৰ বাতিল কৰিব নোৱাৰে।
- ২৪ তম্ সংবিধান সংশোধনী আইন (১৯৭১) : ইয়াৰ দ্বাৰা সংসদৰ মৌলিক অধিকাৰ সংশোধনৰ অধিকাৰ পুনৰ নিশ্চিত কৰা হয়।
- কেশৱানন্দ ভাৰতী গোচৰ (১৯৭৩) : এই প্ৰখ্যাত গোচৰয় ৰায়দানে সংবিধানৰ মূল নীতিবোৰ সলনি কৰাৰ পৰা সংসদক বিৰত ৰাখি মৌলিক গাঁথনি মতবাদ প্ৰতিষ্ঠা কৰিছিল।
- ৪২তম্ সংবিধান সংশোধনী আইন (১৯৭৬) : ইয়াৰ দ্বাৰা সংসদৰ সংবিধান সংশোধনী ক্ষমতাৰ সকলো সীমা আঁতৰাবলৈ চেষ্টা কৰা হৈছিল।
- মিনাৰ্ভা মিলছ গোচৰ (১৯৮০) : এই গোচৰৰ ৰায়দানত ন্যায়িক পুনৰীক্ষণক এক মূল বৈশিষ্ট্য হিচাপে সমৰ্থন কৰা হৈছিল, যাৰ ফলত ৪২তম্ সংবিধান সংশোধনীৰ কিছু অংশ অবৈধ হৈ পৰিছিল।
- ৱামান ৰাও গোচৰ (১৯৮১) : এই গোচৰৰ ৰায়দানত উল্লেখ কৰা হয় যে কেশৱানন্দ গোচৰৰ ৰায়দানৰ পৰৱৰ্তী সংশোধনীৰ ক্ষেত্ৰত সংবিধানৰ মৌলিক গাঁথনি মতবাদ প্ৰযোজ্য হ’ব।
সাম্প্ৰতিক অৱস্থাঃ সংসদে ৩৬৮ নং অনুচ্ছেদৰ অধীনত সংবিধান সংশোধন কৰিব পাৰে, কিন্তু এইক্ষেত্ৰত সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নোৱাৰি।
ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনিৰ উপাদানসমূহ
উচ্চতম ন্যায়ালয়ে সংবিধানৰ মৌলিক গাঁথনিৰ মূল উপাদানসমূহ চিনাক্ত কৰিছে, যিবোৰ সঠিকভাৱে সংজ্ঞায়িত নকৰাকৈ একাধিক ৰায়দানৰ জৰিয়তে বিকশিত হৈছে। সংবিধানৰ মৌলিক গাঁথনিত সন্নিৱিষ্ট মূল উপাদানসমূহ হ’লঃ
- সংবিধানৰ সৰ্বোচ্চতা
- সাৰ্বভৌম, গণতান্ত্ৰিক আৰু গণৰাজ্যিক প্ৰকৃতি
- ধৰ্মনিৰপেক্ষ চৰিত্ৰ
- ক্ষমতাৰ পৃথকীকৰণ
- যুক্তৰাষ্ট্ৰীয় গাঁথনি
- ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা
- কল্যাণকামী ৰাষ্ট্ৰ
- ন্যায়িক পুনৰীক্ষণ
- ব্যক্তিগত স্বতন্ত্ৰতা আৰু মৰ্যাদা
- সংসদীয় ব্যৱস্থা
- আইনৰ শাসন
- মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মাজত ভাৰসাম্য বজাই ৰখা
- সমতাৰ নীতি
- মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন
- ন্যায়পালিকাৰ স্বাধীনতা
- সংবিধান সংশোধনৰ বাবে সীমিত সংসদীয় ক্ষমতা
- ন্যায়িক প্ৰৱেশাধিকাৰ
- মৌলিক অধিকাৰৰ সাৰাংশ
- ৩২, ১৩৬, ১৪১, আৰু ১৪২ নং অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা
- ২২৬ আৰু ২২৭ নং অনুচ্ছেদৰ অধীনত উচ্চ ন্যায়ালয়ৰ ক্ষমতা
সংবিধানৰ মৌলিক গাঁথনি মতবাদৰ গুৰুত্বঃ
- ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাকাৰী : ই সংবিধানৰ মূল অখণ্ডতা আৰু স্থিৰতাৰ সৈতে নমনীয়তাৰ ভাৰসাম্য ৰক্ষা কৰে।
- সৰ্বোচ্চতা সমৰ্থনকাৰী : ই সংবিধানক সৰ্বোচ্চ আইন হিচাপে শক্তিশালী কৰে।
- সাংবিধানিক নৈতিকতা নিশ্চিতকাৰী : ই ভাৰতীয় সংবিধানৰ ন্যায়, সমতা আৰু নিৰপেক্ষতাৰ প্ৰসাৰ কৰে।
- একনায়কত্ববাদ প্ৰতিৰোধকাৰী : ই গণতান্ত্ৰিক নিয়মৰ প্ৰতি ভাবুকিৰ বিৰুদ্ধে প্ৰতিৰক্ষা হিচাপে কাম কৰে।
- শাসন স্থিৰতা প্ৰদানকাৰী : ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনি মতবাদে সঘন পৰিৱৰ্তন সীমিত কৰি আইনী স্থিৰতা নিশ্চিত কৰে।
- গণতন্ত্ৰ সুৰক্ষাকাৰী : ই গণতান্ত্ৰিক মূল্যবোধ আৰু ভাৰতৰ গণৰাজ্য পৰিচয় সুৰক্ষিত কৰে।
- অধিকাৰ সুৰক্ষাকাৰী : ই সংবিধান সংশোধনীৰ পৰা মৌলিক অধিকাৰ সুৰক্ষিত কৰে আৰু সামাজিক ন্যায়ক সমৰ্থন কৰে।
- ন্যায়িক পুনৰীক্ষণৰ ক্ষমতা প্ৰদানকাৰী : ন্যায়পালিকাক আইনৰ শাসন সমৰ্থন কৰি সংবিধানৰ সংশোধনীসমূহ পুনৰীক্ষণ কৰিবলৈ সক্ষম কৰে।
সংবিধানৰ মৌলিক গাঁথনি মতবাদৰ সমালোচনাঃ
- সাংবিধানিক ভিত্তিৰ অভাৱঃ সংবিধানত ‘মৌলিক গাঁথনি’ সম্পৰ্কীয় মতবাদ স্পষ্টভাৱে আধাৰিত নহয়।
- অস্পষ্টতাঃ সংবিধানৰ মৌলিক গাঁথনিৰ সঠিক সংজ্ঞাৰ অভাৱে ন্যায়িক বিচক্ষণতাৰ (Judicial discretion) সৃষ্টি কৰে।
- বিষয়গততাঃ বহুলাংশে মৌলিক গাঁথনি মতবাদ ব্যক্ঞ্জি অনুমতি দিয়ে।
- ন্যায়িক সক্ৰিয়তাক উৎসাহিত কৰে: সংশোধনীৰ ওপৰত ন্যায়পালিকাক উল্লেখযোগ্য ক্ষমতা প্ৰদান কৰে।
- ক্ষমতা পৃথকীকৰণ উলংঘা কৰে: ন্যায়পালিকাৰ ভূমিকাই বিধানসভাৰ ক্ষমতা লংঘন কৰে।
- অগণতান্ত্ৰিক: বিচাৰকসকলক নিৰ্বাচিত প্ৰতিনিধিক অগ্ৰাহ্য কৰিবলৈ অনুমতি প্ৰদান কৰে।
- বৃদ্ধি সীমিত কৰে: সামাজিক পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ আইনগত নমনীয়তাক সীমিত কৰে।
১৯৭৩ চনৰ ২৪ এপ্ৰিলত কেশৱানন্দ ভাৰতী গোচৰৰ ৰায়দানত ভাৰতীয় ন্যায়পালিকাৰ সংসদৰ সংশোধনী ক্ষমতা সীমিত কৰা হৈছিল। হেন সময়তে, ‘মৌলিক গাঁথনিৰ মতবাদ’ক লৈ চাৰিওভালে উত্থাপন কৰিছিল।