কৃত্ৰিম বুদ্ধিমত্তা-চালিত নোভাই (AI-powered Nova) কেৰালাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ যোগাযোগ দক্ষতা উন্নত কৰাত সহায়ক হোৱাকৈ শিক্ষাদান কৰি আছে
শিক্ষদানত ৰবটৰ সুবিধা আৰু অসুবিধাঃ
সুবিধাসমূহ
- কথোপকথন সংযুক্ত শিক্ষণ (Interactive Learning) : নোভাৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাচালিত শিক্ষকসকলে শিক্ষাৰ্থীসকলক জড়িত কৰি শিক্ষণক অধিক উপভোগ্য আৰু অংশগ্ৰহণকাৰী কৰি তোলে।
- বহুভাষিক সহায়ঃ কৃত্ৰিম বুদ্ধিমত্তাচালিত শিক্ষকে একাধিক ভাষাত যোগাযোগ কৰি শ্ৰেণীকোঠাবোৰত বৈচিত্ৰ্যময় পৰিৱেশ সৃষ্টি কৰিব পাৰে।
- ব্যক্তিগতকৃত সহায়ঃ কৃত্ৰিম বুদ্ধিমত্তাচালিত ৰবটবোৰে ব্যক্তিগত প্ৰশ্নবোৰৰ তাৎক্ষণিক উত্তৰ দিব পাৰে। ই বুজাপৰা বৃদ্ধি কৰে।
- স্থিৰতাঃ কৃত্ৰিম বুদ্ধিমত্তাচালিত ৰবটবোৰে পক্ষপাতিত্ব বা ভাগৰ নোহোৱাকৈ একেধৰণৰ (সদৃশ) শিক্ষা প্ৰদান কৰে।
- প্ৰযুক্তিগত সাক্ষৰতাক উৎসাহীকৰণ : কৃত্ৰিম বুদ্ধিমত্তাচালিত শিক্ষকৰ প্ৰয়োগে শিক্ষাৰ্থীসকলক উন্নত প্ৰযুক্তিৰ সৈতে পৰিচিত কৰে, তেওঁলোকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰে।
অসুবিধাঃ
- শিক্ষকতাৰ চাকৰি হেৰুওৱা : শ্ৰেণীকোঠাত কৃত্ৰিম বুদ্ধিমত্তাচালিত ৰবট প্ৰৱৰ্তনৰ ফলত মানৱ শিক্ষকৰ চাহিদা হ্ৰাস পাব পাৰে।
- সীমিত আৱেগিক সংযোগঃ কৃত্ৰিম বুদ্ধিমত্তাচালিত ৰবট শিক্ষকৰ মাজত মানৱী শিক্ষকসকলৰ দৰে সহানুভূতি আৰু আৱেগিক বোধশক্তি নাথাকে।
- ব্যয়বহুল ৰূপায়ণঃ কৃত্ৰিম বুদ্ধিমত্তাচালিত ৰবট স্থাপন আৰু ৰক্ষণাবেক্ষণ বহুতো বিদ্যালয়ৰ ক্ষেত্ৰত ব্যয়বহুল হ’ব পাৰে।
- সীমিত সৃষ্টিশীলতাঃ কৃত্ৰিম বুদ্ধিমত্তাই অপ্ৰত্যাশিত পৰিস্থিতিৰ সৈতে খাপ খাব নোৱাৰে বা মানৱ শিক্ষাবিদসকলৰ দৰে সৃষ্টিশীল চিন্তাধাৰা গঢ়ি তুলিব নোৱাৰে।
- কাৰিকৰী সমস্যাৰ আশংকাঃ ত্ৰুটি (Malfunctions) বা চফ্টৱেৰ (software) সীমাবদ্ধতাই শিক্ষণ প্ৰক্ৰিয়া ব্যাহত কৰিব পাৰে।