ইউৰোপিয়ান সৌৰ অভিযান – প্ৰবা-৩
EUROPEAN SOLAR MISSION (PROBA-3)

ইছৰোৰ (ISRO) দ্বাৰা উৎক্ষেপিত ইউৰোপীয় ছ’লাৰ মিছন প্ৰবা-৩ ৰ গুৰুত্ব

ইউৰোপিয়ান সৌৰ অভিযানৰ সংক্ষিপ্ত বিৱৰণ

  • ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ৪ ডিচেম্বৰত পিএছএলভি (PSLV) ৰকেট ব্যৱহাৰ কৰি ইউৰোপীয় মহাকাশ সংস্থাৰ (European Space Agency’s (ESA)) প্ৰবা-৩ অভিযান আৰম্ভ কৰিব।
  • এই অভিযানৰ লক্ষ্য হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ আৰু উত্তপ্ত অংশ সৌৰ-মুকুটৰ (solar corona) বিষয়ে অধ্যয়ন কৰা।
  • প্ৰ’বা ৩-এ প্ৰথমবাৰৰ বাবে ‘নিখুঁত গঠন উৰণ’ (precision formation flying) চিহ্নিত কৰে, য’ত দুটা উপগ্ৰহে মহাকাশত এক নিৰ্দিষ্ট বিন্যাস বজাই ৰাখিব।

প্ৰ ‘বা-৩ ৰ মূল বৈশিষ্ট্যসমূহ

  • ব্যয় আৰু নক্সা :
    • আনুমানিক ২০০ মিলিয়ন ইউৰো ব্যয়েৰে ইয়াক বিকশিত কৰা হৈছে।
    • প্ৰ’বা-৩ৰ জীৱনকালঃ ২ বছৰ।
    • ১৯.৭ ঘণ্টীয়া কক্ষপথৰ সৈতে উচ্চ উপবৃত্তাকাৰ পথত (elliptical path) (৬০০ কিলোমিটাৰ x ৬০,৫৩০ কিলোমিটাৰ) ই সূৰ্যৰ সমীপলৈ গতি কৰিব।
  • উপগ্ৰহীয় বিন্যাসঃ
    • ইয়াত দুটা উপগ্ৰহ আছেঃ
      • অকুল্টাৰ স্পেচক্ৰাফ্ট (Occulter Spacecraft) (২০০ কিল’গ্ৰাম)
      • কৰোনাগ্ৰাফ স্পেচক্ৰাফ্ট (Coronagraph Spacecraft) (৩৪০ কিলোগ্ৰাম)
    • প্ৰাকৃতিক সূৰ্য্যগ্ৰহণ (natural solar eclipse) অনুকৰণ কৰি উপগ্ৰহদ্বয়ে ১৫০ মিটাৰৰ নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত একেলগে ত্বৰণ গতি (fly in tandem) আৰম্ভ কৰে।
  • বৈজ্ঞানিক লক্ষ্যসমূহঃ
    • সূৰ্যৰ উজ্জ্বল পোহৰক বাধা দিবলৈ আৰু ইয়াৰ সৌৰ-মুকুটক বিশদভাৱে পৰ্যবেক্ষণ কৰিবলৈ এটা কৃত্ৰিম সৌৰ ক’ৰোনাগ্ৰাফ গঠন কৰা হৈছে।
    • ই নিম্নলিখিত সৌৰ পৰিঘটনাৰ পৰ্যবেক্ষণ সক্ষম কৰে যেনেঃ
      • সৌৰ ধুমুহা (Solar storms)
      • সৌৰ বতাহ (Solar winds)
      • মহাকাশীয় বতৰজনিত পৰিঘটনাসমূহ (Space weather events)

প্র ‘বা-৩ থকা যন্ত্ৰসমূহ

  • এছপিক্স (ASPIICS) : ১৪ মিটাৰৰ প্ৰচ্ছেদিত ডিস্কৰ (occulting disk) দ্বাৰা সূৰ্যৰ পোহৰ ৰোধ কৰি ই সৌৰমুকুটৰ আলোকচিত্ৰ সংগ্ৰহ কৰে।
  • দাৰা (DARA) : ই মুঠ সৌৰ শক্তি (সৌৰ বিকিৰণ) (solar irradiance) পৰিমাপ কৰে।
  • থ্ৰীদিইইএছ (3DEES) : ই ইলেক্ট্ৰন অভিৱাহ ( electron flux) আৰু মহাকাশ বতৰৰ অধ্যয়ন কৰে।

প্ৰ’বা-৩ ৰ গুৰুত্ব

  • বৈজ্ঞানিক গুৰুত্বঃ
    • প্ৰ’বা-৩ এ এটা স্থিৰ কৃত্ৰিম সূৰ্য্যগ্ৰহণৰ (stable artificial solar eclipse) সৃষ্টি কৰিব। ইয়াৰ ফলত বছৰি ৬ ঘণ্টা লৈকে সৌৰ-মুকুটৰ বিশদ পৰ্যবেক্ষণ সক্ষম হৈ উঠিব।
    • এই অভিযানে মহাকাশৰ বতৰ আৰু সৌৰ পৰিঘটনাৰ বোধগম্যতাৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ সূৰ্য্যৰ সৌৰমুকুট অধ্যয়ন কৰাত সহায় কৰে।
  • অনন্য পদ্ধতিঃ
    • নিখুঁত উৰণ (Precision flying)ৰ জৰিয়তে অকুল্টাৰ আৰু ক’ৰোনাগ্ৰাফ উপগ্ৰহই মিলিমিটাৰ-স্তৰীয় সঠিকতাৰে নিজৰ আপেক্ষিক অৱস্থান (relative position) বজাই ৰাখিব পাৰে।
    • এনে অৱস্থানে সূৰ্যৰ স্বতন্ত্ৰ আৰু সঠিক পৰ্যবেক্ষণৰ অনুমতি দিয়ে।

ভাৰতৰ বাবে লাভালাভ

  • মহাকাশ সামৰ্থ্যগত অগ্ৰগতিঃ
    • এই অভিযানে আন্তঃৰাষ্ট্ৰীয় মহাকাশ সহযোগিতাৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিব।
    • তদুপৰি, ই উচ্চ নিখুঁততাৰ প্ৰয়োজন হোৱা জটিল অভিযানসমূহ পৰিচালনা কৰাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দক্ষতা প্ৰদৰ্শন কৰে।
  • ব্যয়বহুল আৰম্ভণিঃ
    • প্ৰবা-৩ উৎক্ষেপণৰ জৰিয়তে গোলকীয় অংশীদাৰসকলৰ বাবে ভাৰতৰ সুলভ মহাকাশ সমাধানৰ ওপৰত আলোকপাত কৰা হৈছে।
  • সহযোগিতামূলক সুযোগঃ
    • ভাৰতীয় সৌৰ পদাৰ্থবিজ্ঞানীসকলে (solar physicists) এই অভিযানৰ বৈজ্ঞানিক লক্ষ্য-সংলগ্নিত ধাৰণাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
    • প্ৰ ‘বা-৩ এ ভাৰতীয় বিজ্ঞানীসকলক ইউৰোপীয় বিজ্ঞানীসকলৰ সৈতে সহযোগিতামূলক গৱেষণা চলাই নিয়াৰ সুযোগ প্ৰদান কৰে।
    • প্ৰবা-৩ ৰ পৰা প্ৰাপ্ত তথ্যই ২০২৩ চনত আৰম্ভ হোৱা ভাৰতৰ সৌৰ অভিযান ‘আদিত্য এল-১’ (Aditya-L1) ক পৰিপূৰণ কৰিব।
  • বৈজ্ঞানিক উন্নতিঃ
    • ই সূৰ্য আৰু ইয়াৰ অল্প-জ্ঞাত বৈশিষ্ট্যসমূহৰ বিষয়ে নতুন আৱিষ্কাৰত সহায় কৰি ভাৰতীয় গৱেষকসকলৰ বাবে একচেটিয়া তথ্য আহৰণৰ সুযোগ মুকলি কৰিছে।

Leave a Reply