প্ৰতি বছৰে ১ ডিচেম্বৰত পালন কৰা বিশ্ব এইডছ দিৱস হৈছে এইচ.আই. ভি./এইডছ (HIV/AIDS)ৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, কলঙ্ক আঁতৰ কৰা, আৰু চিকিৎসা আৰু প্ৰতিৰোধৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ হকে গ্ৰহণ কৰা এক বিশ্বব্যাপী পদক্ষেপ।
২০২৪ চনৰ বিশ্ব এইড্ছ দিৱসৰ বিষয়বস্তু, “অধিকাৰৰ পথ গ্ৰহণ কৰকঃ মোৰ স্বাস্থ্য, মোৰ অধিকাৰ!” (“Take the Rights Path: My Health, My Right!”)-এ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সকলোৰে বাবে স্বাস্থ্যসেৱাৰ উপলব্ধতা নিশ্চিত কৰাত মানৱ অধিকাৰৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এইচআইভি (HIV) (হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছ) (Human Immunodeficiency Virus) হৈছে এনে এক ভাইৰাছ যি ৰোগ প্ৰতিৰোধ প্ৰণালীত, বিশেষকৈ চি.ডি.৪ কোষ (CD4 cells) (টি কোষ) (T cells) যিবোৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে গুৰুত্বপূৰ্ণ, এইসমূহৰ ওপৰত আক্ৰমণ কৰি এইড্ছ সৃষ্টি কৰে।
এইড্ছ (AIDS) (Acquired Immunodeficiency Syndrome) হৈছে এইচআইভি সংক্ৰমণৰ চূড়ান্ত তথা অন্তিম পৰ্যায়, যাৰ বৈশিষ্ট্য হৈছে গুৰুতৰভাৱে দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী। ইয়াৰ ফলত শৰীৰটো জীৱন-ভাবুকি সংক্ৰমণ আৰু কৰ্কট ৰোগৰ প্ৰতি দুৰ্বল হৈ পৰে।
বিশ্ব এইডছ দিৱস ২০২৪ৰ গুৰুত্বপূৰ্ণ দিশসমূহ
বিশ্বব্যাপী উদ্যাপন
- এইচ. আই. ভি./এইড্ছ প্ৰতিৰোধ আৰু চিকিৎসাৰ ক্ষেত্ৰত অধিকাৰ-আধাৰিত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই নানা সম্প্ৰদায়সমূহৰ সৈতে সহযোগিতা স্থাপন কৰে।
- এই উদ্যাপনৰ লক্ষ্য হৈছে জনসাধাৰণক শিক্ষিত কৰা, সামূহিক দায়িত্ব পালন কৰা আৰু কলঙ্ক ভংগ কৰা।
ভাৰতৰ সাফল্য
- নতুন সংক্ৰমণ হ্ৰাসঃ ২০২৩ চনত নতুন এইচ. আই. ভি সংক্ৰমণ ২০১০ চনৰ তুলনাত ৪৪% কম আছিল।
- এইডছ সম্পৰ্কীয় মৃত্যুৰ হাৰ হ্ৰাস পাইছেঃ এইড্ছত আক্ৰান্ত হোৱা ৰোগীৰ মৃত্যুৰ হাৰ ৭৯% হ্ৰাস পাইছে। ই চিকিৎসা আৰু সজাগতাৰ অগ্ৰগতি প্ৰতিফলিত কৰিছে।
- ৯৫-৯৫-৯৫ লক্ষ্য গ্ৰহণঃ
- এইচ আই ভি আক্ৰান্তসকলৰ মাজত ৮১% এইড্ছ ৰোগীৰ চিনাক্ত কৰা হৈছে।
- ৮৮% আক্ৰান্তই এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপি (এ. আৰ. টি) (antiretroviral therapy (ART)) গ্ৰহণ কৰিছে।
- ৯৭% আক্ৰান্তৰ ক্ষেত্ৰত ভাইৰাছৰ হেঁচা (load) দমন কৰা হৈছে।
ভাৰতত এইচ. আই. ভি/এইডছৰ বোজা
- বৰ্তমানৰ পৰিসংখ্যা (২০২৩)
- আনুমানিক ৰোগীঃ ২৫.৪৪ লাখ।
- আক্ৰান্ত মহিলাৰ অংশঃ ১৫ বছৰৰ ওপৰৰ মহিলাৰ অংশ ৪৪%।
- আক্ৰান্ত শিশুৰ অংশঃ প্ৰায় ৩% ঘটনা।
- আঞ্চলিক উদ্বেগসমূহঃ
- উচ্চ প্ৰাদুৰ্ভাৱ ৰাজ্যসমূহ (High Prevalence States) : মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা (প্ৰাদুৰ্ভাৱ> ০.৪%)
- উদীয়মান উদ্বেগ (Emerging Concern): পঞ্জাৱত এইচ.আই.ভি. ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।
এইচ.আই.ভি/এইড্ছৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰত্যাহ্বানসমূহ
- এইচ.আই.ভি./এইড্ছ(পিএলএইচআইভি) (PLIV)ৰ সৈতে অৱস্থান কৰা লোকসকলৰ বিৰুদ্ধে বাহাল থকা সামাজিক কলংক আৰু বৈষম্য
- গ্ৰাম্য আৰু অৱহেলিত অঞ্চলসমূহত সীমিত সজাগতা।
- এ.আৰ.টি.-ৰ প্ৰৱেশাধিকাৰত বৈষম্য, বিশেষকৈ অধিক আক্ৰান্ত বোজা থকা ৰাজ্যসমূহত আক্ৰান্তসকলে এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপি লাভ কৰাত বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হয়।
- মহিলা আৰু শিশুসহ সংবেদনশীল গোটসমূহৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক।
ভৱিষ্যত কাৰ্যপন্থা
- ৰাজহুৱা সজাগতা অভিযানঃ কলঙ্ক দূৰ কৰা আৰু স্বেচ্ছামূলক পৰীক্ষাক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব দিয়া।
- এ.আৰ.টি. প্ৰৱেশাধিকাৰ বৃদ্ধিঃ সাৰ্বজনীন আচ্ছাদন নিশ্চিত কৰিবলৈ স্বাস্থ্যসেৱা প্ৰণালী শক্তিশালী কৰা।
- আক্ৰান্তসকলৰ উচ্চ-বোজা থকা ৰাজ্যসমূহৰ ওপৰত গুৰুত্ব দিয়াঃ মিজোৰাম, নাগালেণ্ড আৰু পঞ্জাৱৰ দৰে অঞ্চলত লক্ষ্য কৰি বিশেষ হস্তক্ষেপ আৰোপ কৰা প্ৰয়োজন।
- সম্প্ৰদায়ৰ অংশগ্ৰহণঃ প্ৰতিৰোধ আৰু সমৰ্থনমূলক পদক্ষেপত সম্প্ৰদায়সমূহক জড়িত কৰিবলৈ বেচৰকাৰী সংগঠন আৰু স্থানীয় নিকায়ৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰা উচিত।
- মহিলা আৰু শিশুৰ বাবে শিক্ষাঃ সংক্ৰমণ হ্ৰাস কৰিবলৈ আৰু স্বাস্থ্যসেৱা বিচৰা আচৰণ উন্নত কৰিবলৈ দুৰ্বল গোটসমূহৰ মাজত সজাগতা বৃদ্ধি কৰা দৰকাৰ।
বিশ্ব এইড্ছ দিৱস ২০২৪-এ এইচ.আই.ভি./এইড্ছৰ বিৰুদ্ধে যুঁজিবলৈ এক সহযোগিতামূলক, অধিকাৰ-ভিত্তিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। সংক্ৰমণ আৰু মৃত্যু হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ সাম্প্ৰতিক সাফল্য প্ৰশংসনীয়, কিন্তু আঞ্চলিক বৈষম্য দূৰ কৰিবলৈ আৰু সামগ্ৰিক স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰয়োজন। “টেক দ্য ৰাইট্ছ পাথ” (“Take the Rights Path”) এজেণ্ডাক আগুৱাই নি ভাৰতে এইচ.আই.ভি. মুক্ত ভৱিষ্যতৰ দিশে আগবাঢ়ি যাব পাৰে।