আজান ফকীৰ
পৰিচয় :
যিসকল মুছলমান ধৰ্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মীৰাণ। তেওঁ সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহি অসমত থাকিবলৈ লয়। সম্ভৱতঃ ১৬১০ চনত ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত তেওঁৰ জন্ম হৈছিল। আনুমানিক খৃঃ ৭ম-৮ম শতিকাত ভায়েক নবী আৰু কেইজনমান পীৰৰ লগত তেওঁ আজমীৰৰপৰা অসমলৈ আহিছিল। অসমত স্থায়ীভাৱে বসবাস কৰাত ক্ৰমান্বয়ে তেওঁলোক অসমীয়া সমাজ-সংস্কৃতিৰ অভিন্ন অংগ হৈ পৰিছিল। জনশ্ৰুতি অনুসৰি তেওঁ পোনপ্ৰথমে অসমৰ মুছলমানসকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়।
পৰিয়াল :
বাগদাদৰপৰা আহোঁতে আজান ফকীৰ আৰু তেওঁৰ ভাতৃ নবীয়ে লগত কোনো তিৰোতা মানুহ অনা নাছিল। চূণপোৰা গাঁৱত বসবাস কৰি থকা সময়ত ৰংপুৰৰ ফালৰ চৈয়দ ওছমান গনি খোন্দাকাৰৰ কন্যাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ দুটি পুত্ৰ সন্তান জন্ম হয়। সাংসাৰিক জীৱন সূচাৰুৰূপে পৰিচালনা কৰাৰ লগতে তেওঁ ধৰ্মৰ কামতো বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। সময়ৰ লগে লগে ধৰ্মৰ বাহিৰে আন সকলো ৰীতি-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা -সংস্কৃতিৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে মিলি গৈছিল।
ধৰ্মীয় আদৰ্শ :
আজান ফকীৰ আৰু তেওঁৰ ভাতৃ নবী অসমলৈ আহি হাজোৰ হজৰত গিয়াছুদ্দিন আউলিয়াৰ দৰগাহত থাকিবলৈ লয়। হাজোত থকা সময়চোৱাত তেওঁলোকে অসমীয়া ভাষা আৰু ৰীতি-নীতি আয়ত্ব কৰিছিল। লগতে ওজাপালি, দেহ-বিচাৰৰ গীত আৰু অন্যান্য লোকগীত আদিৰ ছন্দ, উপমা, সুৰ আদি আয়ত্ব কৰাত মনোনিৱেশ কৰিছিল। এইবোৰৰ পৰা অনুপ্ৰাণিত হৈয়েই পৰৱৰ্তী সময়ত তেওঁ জিকিৰ ৰচনা কৰিছিল।
হাজোত কিছুবছৰ থকাৰ পিছত দুই ভাতৃ উজনিৰ ফালে আহি তেতিয়াৰ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত উপস্থিত হৈ ওচৰৰে চূণপোৰা গাঁৱত থাকিবলৈ লয়। আজান ফকীৰেই প্ৰথম চূণপোৰা গাঁৱত মছজিদ নিৰ্মাণ কৰিছিল; লগতে মানুহ একত্ৰিত কৰি দিনে ৫বাৰকৈ নামাজ পঢ়িবলৈ আৰু আজান দিবলৈ ল’লে । তেওঁৰ আগলৈকে অসমৰ মুছলমানসকলে ইছলাম ধৰ্মীয় ৰীতি-নীতি সমূহ সূচাৰুৰূপে পালন কৰা নাছিল। ইয়াৰোপৰি তেওঁ জিকিৰ ৰচনা কৰি নিজেই সুৰ দি পৰিৱেশন কৰিছিল। তেওঁ ‘চুফী’ পন্থাত বিশ্বাস ৰাখিছিল।
জিকিৰ আৰু জাৰী :
জিকিৰ হ’ল ইছলাম ধৰ্মীয় স্তুতি গীত। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমানসকলে নামাজ, ৰোজা আদি ইছলাম ধৰ্মৰ ৰীতি-নীতি আৰু অনুষ্ঠান সঠিকভাৱে পালন কৰা নাছিল। তেওঁ মুছলমানসকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰসমূহ ৰচনা কৰিছিল আৰু ইয়াৰ মাধ্যমেৰে মুছলমানসকলৰ মাজত আল্লাৰ সম্পৰ্কে জ্ঞান প্ৰদান কৰিছিল। জিকিৰ গীতবোৰ সমূহীয়াকৈ গোৱা হয়। এইসমূহৰ প্ৰকাশভংগী লোকগীতৰ দৰে সহজ-সৰল। থলুৱা লোকবাদ্য দোতাৰা, বাঁহী, টোকাৰী, বীণ আদি ব্যৱহাৰ কৰি এই গীতবোৰ পৰিৱেশন কৰা হয়।
হাছান-হুছেনৰ লগত কাৰবালাত সংঘটিত কৰুণ কাহিনীক কেন্দ্ৰ কৰি ৰচনা কৰা শোক গাঁথাসমূহক জাৰী বুলি কোৱা হয়। এইসমূহ জিকিৰতকৈ প্ৰাচীন। এই গীতবোৰ কৰুণ ৰসাত্মক হোৱাৰ বাবে সহজতে মানুহৰ অন্তৰ স্পৰ্শ কৰে। অসমীয়া জাৰী গীতবোৰ বহু পৰিৱেশ আৰু ঘটনাৰ ৰহণ সানি পৰিৱেশন কৰা হয়।
ৰাজনৈতিক অবিচাৰ :
আহোম ৰজা গদাধৰ সিংহৰ ৰূপাই দাধৰা নামৰ এজন অসমীয়া মুছলমান বিষয়া আজান ফকীৰৰ ক্ৰমান্বয়ে বাঢ়ি অহা জনপ্ৰিয়তাৰ প্ৰতি ঈৰ্ষান্বিত হৈ পৰিছিল। তেওঁ ষড়যন্ত্ৰ কৰি ১৬৮৫ চনত স্বৰ্গদেউ গদাধৰ সিংহৰ আগত গোচৰ তৰে যে আজান ফকীৰ এজন মোগলৰ চোৰাংচোৱা আৰু তেওঁ গোপনে মোগল সৈন্যৰ লগত যোগাযোগ ৰাখি আছে। গদাধৰ সিংহই প্ৰথমতে গোচৰটো আওকাণ কৰিছিল যদিও বহুবাৰ আপত্তি কৰাৰ পাছত তেওঁ ৰূপাই দাধৰাক এই সম্পৰ্কে নিজে বিবেচনা কৰি বিহিত ব্যৱস্থা ল’বলৈ অনুমতি দিয়ে। কিন্তু লগতে এইবুলিও সঁকিয়াই দিয়ে যে ইয়াৰ দ্বাৰা মুছলিম অনুভূতিত যাতে কোনো ধৰণৰ আঘাত নালাগে আৰু আহোম ৰাজত্বৰ প্ৰতি যেন কাৰো ভুল ধাৰণা নজন্মে। ৰজাৰ আদেশ পাই ৰূপাই দাধৰাই আজান ফকীৰক ধৰি আনে আৰু শাস্তিস্বৰূপে চকু দুটা কাঢ়ি লৈছিল বুলি প্ৰবাদ আছে। এই ঘটনা ঘটাৰ লগে লগে ৰাজ্যত বিভিন্ন উপায় অমংগলে দেখা দিয়ে। গদাধৰ সিংহই অৱশেষত ঘটনাৰ বুজ লৈ নিজৰ ভুল উপলব্ধি কৰি আজান ফকীৰক মুক্তি দিয়ে আৰু ৰূপাই দাধৰাক মৃত্যুদণ্ড প্ৰদান কৰে।
মৃত্যু :
জীৱনৰ শেষ সময়ত আজান ফকীৰ অন্ধ হৈয়ে ভালেমান বছৰ জীয়াই থাকে। প্ৰায় ১২০ বছৰ বয়সত তেওঁৰ মৃত্যু ঘটে বুলি অনুমান কৰা হয়। মৃত্যুৰ সময়ত পত্নী আৰু দুজন পুত্ৰৰ লগতে ভাতৃ নবীক ইহসংসাৰত এৰি থৈ যায়। শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে আজান ফকীৰক কবৰ দিয়া হয়।